আহি আছে Flipkart ৰ Big Saving Days

author img

By

Published : Jul 21, 2021, 10:31 PM IST

Big Saving Days

Flipkart য়ে ঘোষণা কৰিছে ‘Big Saving Days’ ৷ ফ্লিপকাৰ্টৰ গ্ৰাহকে লাভ কৰিব 75 শতাংশতকৈ অধিক ৰেহাই ৷ কেনে ধৰণৰ সামগ্ৰীত কিমান ৰেহাই লাভ কৰিব ?

বিজনেছ ডেস্ক, 21 জুলাই : ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টে গ্ৰাহকৰ বাবে লৈ আহিছে এটা ভাল খবৰ ৷ এতিয়াৰ পৰা সামগ্ৰীৰ ক্ৰয়ত লাভ কৰিব 75 শতাংশতকৈ অধিক ৰেহাই ৷ কিয়নো ফ্লিপকাৰ্টে ঘোষণা কৰিছে ‘Big Saving Days’ ৷ ২৫ জুলাইৰ পৰা আৰম্ভ হ'ব ফ্লিপকাৰ্টৰ এই ‘Big Saving Days’ ৷

ফ্লিপকাৰ্টৰ ৱেবছাইট আৰু ম'বাইল এপত উপলব্ধ হোৱা বিৱৰণ অনুসৰি, 500 ৰো অধিক ব্ৰেণ্ডৰ 50,000 তকৈ অধিক সামগ্ৰীত লাভ কৰিব এই বিশেষ ৰেহাই ৷ ‘Big Saving Days’ মাত্ৰ পাঁচদিনৰ বাবেহে ঘোষণা কৰিছে ফ্লিপকাৰ্টে ৷ 29 জুলাইত অন্ত পৰিব ফ্লিপকাৰ্টৰ এই বিশেষ ৰেহাই ৷

বিভিন্ন সামগ্ৰীৰ ওপৰত 75 শতাংশলৈকে ৰেহাইৰ উপৰিও গ্ৰাহকসকলে ICICI বেংকৰ ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ লগতে EMI লেনদেনত 10 শতাংশ তাৎক্ষণিক ৰেহাই লাভ কৰিব পাৰে ৷ ফ্লিপকাৰ্টে এই বিশেষ ৰেহাইৰ দিন 25 জুলাই ধাৰ্য কৰিছে যদিও 24 জুলাইৰ পৰা গ্ৰাহকে বজাৰ কৰা আৰম্ভ কৰিব পাৰে ৷ উল্লেখ্য যে, Amazon Prime Day আৰম্ভ হোৱাৰ দুদিন পূৰ্বেই আৰম্ভ হ'ব ফ্লিপকাৰ্টৰ ‘Big Saving Days’ ৷

Big Saving Days ৰ সুবিধা সমূহ হৈছে :

  • ফ্লিপকাৰ্টৰ গ্ৰাহকসকলে 1 টকা পৰিশোধ কৰি 21 জুলাইৰ পৰা প্ৰয়োজনীয় সামগ্ৰী প্ৰি-বুকিং কৰিব পাৰিব ৷ বাকীখিনি মূল্য গ্ৰাহকে 28 জুলাইৰ পৰা 25 জুলাইৰ ভিতৰত পৰিশোধ কৰিব লাগিব ৷
  • প্ৰি-বুকিঙত গ্ৰাহকে পোছাক তথা ফেশ্বন সামগ্ৰীত 80 শতাংশলৈকে ৰেহাই পাব পাৰে ৷ তদুপৰি শিশু সামগ্ৰী, স্বাস্থ্যৰ লগতে মেকআপৰ সামগ্ৰীত 85 শতাংশলৈকে ৰেহাই পাব পাৰে ৷ ঘৰত ব্যৱহাৰ কৰা সামগ্ৰীত গ্ৰাহকে 70 শতাংশলৈকে ৰেহাই পাব পাৰে গ্ৰাহকে ৷
  • স্মাৰ্টফোন আৰু টেবলেটত সৰ্বশ্ৰেষ্ঠ ৰেহাই আগবঢ়াইছে ফ্লিপকাৰ্টে ৷ সেই অনুসৰি no cost EMI, exchange offers আদি লাভ কৰিব গ্ৰাহকে ৷ ফ্লিপকাৰ্টৰ ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি, realme C 20 লাভ কৰিব 20 6,499 টকাত, POCO X3 Pro লাভ কৰিব পাৰে 17,249 টকাত আৰু realme X7 5G গ্ৰাহকে 18,999 টকাত ক্ৰয় কৰিব পাৰিব ৷ ইলেক্ট্ৰনিকছ সামগ্ৰীত গ্ৰাহকে 80 শতাংলৈকে ৰেহাই পাব পাৰে ৷

লগতে পঢ়ক: বিশ্বৰ OTT প্লেটফৰ্ম বজাৰত আধিপত্য বৃদ্ধি পাইছে ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.