১৫ আগষ্টৰ পৰা উপলব্ধ হ'ব Ola ৰ বৈদ্যুতিক স্কুটাৰ

author img

By

Published : Aug 3, 2021, 3:32 PM IST

Ola to launch electric scooter on August 15

ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে দুচকীয়া বাহনখন চলাবলৈ লৈ চিন্তিত হ'বলগীয়া হৈছে নেকি ? এতিয়া আৰু চিন্তা কৰিব নালাগে । ইয়াৰ বাবে OLA ই লৈ আহিছে কেতবোৰ বিশেষ সুবিধা ৷ অতি শীঘ্ৰে বজাৰলৈ আহি আছে OLA ৰ বিশেষ সুবিধাযুক্ত স্কুটাৰ ৷ গতিকে আপোনাৰ যাত্ৰাও সফল হ’ল আৰু পইচাও ৰাহি ৷

বিজনেছ ডেস্ক, ৩ আগষ্ট: ইন্ধন চালিত দুচকীয়া বাহনৰে ফেৰ মাৰিব পৰাকৈ শীঘ্ৰে বজাৰত উপলব্ধ হ'ব অ'লা(Ola)ৰ বৈদ্যুতিক স্কুটাৰ(Electric scooter) । কোম্পানীটোৱে ঘোষণা কৰা মতে, ১৫ আগষ্টত বহু প্ৰতীক্ষিত বৈদ্যুতিক স্কুটাৰ(Electric scooter) মুকলি কৰা হ'ব । টুইটযোগে এই কথা ঘোষণা কৰিছে অ'লাৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া ভৱিষ আগৰৱালাই । তেওঁ জানিবলৈ দিছে যে, বৈদ্যুতিক স্কুটাৰ মুকলি কৰা উপলক্ষে কোম্পানীটোৱে এক উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰিব ৷

আগতীয়াকৈ কোম্পানীটোৰ স্কুটাৰ বুক কৰা লোকসকলক আগৰৱালাই ধন্যবাদ জ্ঞাপন কৰে । কোন ঠাইত আৰু কেতিয়া কোম্পানীটোৰ স্কুটাৰ উপলব্ধ হ'ব সেই বিষয়ে শীঘ্ৰেই জনোৱা হ'ব বুলি তেওঁ টুইটটোত উল্লেখ কৰে । অ'লাই যোৱা ১৫ জুলাইত ৪৯৯ টকাত বৈদ্যুতিক স্কুটাৰৰ বুকিং আৰম্ভ কৰিছিল । কোম্পানীটোৱে জনোৱা মতে, যোৱা ১৫ জুলাইত বুকিং আৰম্ভ হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে ১ লাখতকৈও অধিক গ্ৰাহকে বুক কৰে পছন্দৰ বাহনখন ।

আগৰৱালাই ১৭ জুলাইত টুইটযোগে জনাইছিল যে, কোম্পানীটোৱে নিৰ্মাণ কৰা প্ৰথম বৈদ্যুতিক বাহনৰ বাবে সমগ্ৰ ভাৰতৰ গ্ৰাহকসকলে জনোৱা সঁহাৰিৰ বাবে তেওঁ আনন্দিত হৈ পৰিছে । এই অভূতপূৰ্ব চাহিদা গ্ৰাহকৰ পছন্দ ইন্ধন চালিত বাহনৰ পৰা বৈদ্যুতিক বাহনলৈ আংশিকভাৱে হ'লেও পৰিৱৰ্তিত হোৱাতো স্পষ্টকৈ সূচাইছে বুলি তেওঁ কৈছিল ।

অ'লাৰ বৈদ্যুতিক স্কুটাৰ যিকোনো 5A চকেটত হোম চাৰ্জাৰ ব্যৱহাৰ কৰি ঘৰ অথবা কৰ্মস্থানত চাৰ্জ কৰিব পাৰি । কোম্পানীটোৱে গ্ৰাহকৰ সুবিধাৰ বাবে ভাৰতৰ ৪০০ খন চহৰত এক লাখ চাৰ্জিং ষ্টেচন স্থাপন কৰি বিশ্বৰ সৰ্ববৃহৎ দুচকীয়া বাহন চাৰ্জিং নেটৱৰ্ক স্থাপনৰ পৰিকল্পনা কৰিছে । উল্লেখ্য যে, ইন্ধন চালিত বাহন প্ৰদূষণৰ অন্যতম কাৰক হিচাপে বিবেচিত হৈ অহাৰ সময়ত প্ৰদূষণ অধিক হোৱা স্থানত বৈদ্যুতিক বাহনৰ চাহিদা বৃদ্ধিৰ সম্ভাৱনা আছে ।

আনহাতে, বৰ্তমান ইন্ধনৰ বৰ্ধিত মূল্যৰ বাবে জনসাধাৰণে বৈদ্যুতিক বাহনকে বিকল্প হিচাপে ব্যৱহাৰ কৰাৰ সম্ভাৱনা প্ৰবল । অৱশ্যে বৈদ্যুতিক বাহনৰ চাৰ্জিঙৰ ক্ষেত্ৰত কেনেদৰে সুবিধাসমূহ আগবঢ়ায় সেয়াও মন কৰিবলগীয়া হ'ব ।

লগতে পঢ়ক: বৈদ্যুতিক বাহন নিৰ্মাণৰ কেন্দ্ৰ হ'ব ভাৰত: মন্ত্ৰী মহেন্দ্ৰ নাথ পাণ্ডে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.