অচিৰে বৃদ্ধি পাব মাৰুতি(Maruti Suzuki India)ৰ বাহনৰ মূল্য

author img

By

Published : Jun 21, 2021, 5:11 PM IST

Maruti Suzuki India has decided to hike its car prices

আপুনি মাৰুতি চুজুকীৰ বাহন ক্ৰয় কৰাৰ কথা ভাবিছে নেকি ? পলম নকৰিব ! চলিত বিত্তীয় বৰ্ষৰ মাজভাগৰ পৰা বৃদ্ধি পাব মাৰুতি চুজুকী ইণ্ডিয়া(Maruti Suzuki India)ৰ বাহনৰ মূল্য । চাওক কোনখন বাহনৰ মূল্য কিমান শতাংশ বৃদ্ধি হ'ব !

নেশ্যনেল ডেস্ক, ২১ জুন : বিলাসী বাহন ক্ৰয় কৰিব খোজা লোকসকলৰ বাবে দুঃখবৰ ৷ অচিৰে বৃদ্ধি পাব মাৰুতি চুজুকীৰ বাহনৰ মূল্য ৷ পলম নকৰি শীঘ্ৰে ক্ৰয় কৰক আপোনাৰ পছন্দৰ বিলাসী বাহনখন ৷

আভ্যন্তৰীণ ব্যয় বৃদ্ধি হোৱাৰ বাবে বাহনৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে দেশৰ সৰ্ববৃহৎ অট' ম'বাইল বাহন নিৰ্মাতা মাৰুতি চুজুকী ইণ্ডিয়া(Maruti Suzuki India)ই । সোমবাৰে মাৰুতি চুজুকী ইণ্ডিয়াই জনোৱা মতে, চলিত বিত্তীয় বৰ্ষৰ মাজভাগৰ পৰা বৃদ্ধি পাব কোম্পানীটোৰ বাহনৰ মূল্য । তেওঁলোকৰ মতে, বিগত বৰ্ষত বিভিন্ন আভ্যন্তৰীণ ব্যয় বৃদ্ধি হোৱাৰ বাবে কোম্পানীৰ বাহনসমূহৰ ব্যয়ৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে আৰু এতিয়া একে অৱস্থা অব্যাহত আছে ।

সেয়ে কোম্পানীটোৱে বাহনসমূহৰ মূল্য বৃদ্ধিৰ জৰিয়তে অতিৰিক্ত ব্যয়ৰ কিছু অংশ মূল্য বৃদ্ধিৰ জৰিয়তে গ্ৰাহকসকলৰ পৰা লোৱাটো অত্যাৱশ্যকীয় হৈ পৰিছে । অৱশ্যে কোম্পানীটোৱে প্ৰস্তাৱিত মূল্যবৃদ্ধিৰ পৰিমাণ প্ৰকাশ কৰা নাই । চলিত বৰ্ষৰ জুলাই-ছেপ্তেম্বৰ মাহৰ ভিতৰত বাহনৰ মূল্যবৃদ্ধিৰ পৰিকল্পনা কৰা হৈছে আৰু বিভিন্ন মডেলৰ বাবে এই মূল্য বৃদ্ধি পৃথক হ'ব বুলি কোম্পানীটোৱে জানিবলৈ দিছে ।

যোৱা ১৬ এপ্ৰিলত মাৰুতি চুজুকীয়ে ১.৬ শতাংশ মডেলত শ্ব'ৰুমৰ মূল্য (দিল্লী)ত বৃদ্ধিৰ কথা ঘোষণা কৰে । যোৱা ১৮ জানুৱাৰীত আভ্যন্তৰীণ ব্যয় বৃদ্ধি হোৱাৰ বাবে বাহন নিৰ্মাতা কোম্পানীটোৱে নিৰ্বাচিত মডেলবোৰৰ মূল্য ৩৪ হাজাৰ টকা পৰ্যন্ত বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল । মাৰুতি চুজুকী ইণ্ডিয়াই হেচবেক অল্ট’ৰ পৰা এছ ক্ৰছলৈকে বিভিন্ন মডেল বিক্ৰী কৰে, যাৰ মূল্য ক্ৰমান্বয়ে ২.৯৯ লাখ টকাৰ পৰা ১২.৩৯ লাখ টকাৰ ভিতৰত (এক্স-শ্ব'ৰুম মূল্য দিল্লী) লাখ টকা পৰ্যন্ত ।

লগতে পঢ়ক: Model S ত বেটাৰী পেকৰ শক্তি ক্ষমতা হ্ৰাস কৰিলে টেছলাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.