গ্ৰাহকলৈ ডাটা ঋণৰ সুবিধা আগবঢ়াইছে জিঅ'(Jio)ই

author img

By

Published : Jul 3, 2021, 3:15 PM IST

Jio’s emergency data loan facility

ৰিলায়েন্স জিঅ' (Jio) ব্যৱহাৰকাৰীৰ বাবে সুখবৰ । হঠাতে দৈনিক ডাটা শেষ হৈ গ'লে এতিয়া আৰু চিন্তা নাই । জিঅ'(Jio)ই আগবঢ়াইছে ডাটা ঋণৰ সুবিধা । কি এই ডাটা ঋণ ! জানো আহক...

নেশ্যনেল ডেস্ক, ৩ জুলাই: গ্ৰাহকক আকৰ্ষিত কৰাৰ বাবে সদায়ে নতুন নতুন কৌশল অৱলম্বন কৰে ভাৰতৰ আগশাৰীৰ টেলিকম কোম্পানী ৰিলায়েন্সে (Reliance)। এইবাৰ ৰিলায়েন্স জিঅ'ই (Jio) গ্ৰাহকৰ বাবে আগবঢ়াইছে জৰুৰীকালীন ডাটা ঋণৰ সুবিধা । শনিবাৰে জিঅ'ই (Jio) প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, এই জৰুৰীকালীন ডাটা ঋণৰ সুবিধাই গ্ৰাহকৰ 'ৰিচাৰ্জ নাও এণ্ড পে লেটাৰ' প্ৰক্ৰিয়াক অধিক সহজ কৰি তুলিব । যিসকল গ্ৰাহকে দৈনিক ডাটা শেষ হৈ যোৱাৰ লগে লগে ৰিচাৰ্জ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়, সেই গ্ৰাহকসকলৰ বাবে ডাটা ঋণ সুবিধাজনক হ'ব । জিঅ'ই প্ৰিপেইড ব্যৱহাৰকাৰীসকলক ১১ টকা মূল্যৰ ১ জিবিৰ ৫ টা জৰুৰীকালীন ডাটা ঋণ পেক ল'বলৈ অনুমতি প্ৰদান কৰিব ।

জৰুৰীকালীন ডাটা ঋণ সুবিধা কেনেদৰে লাভ কৰিব-

১) মাইজিঅ' এপ (MyJio App) খোলক আৰু পৃষ্ঠাটোৰ ওপৰৰ দিশত বাওঁফালে থকা 'মেনু'(menu)লৈ যাওক

২) মোবাইল সেৱাৰ অধীনত 'জৰুৰীকালীন ডাটা ঋণ' (Emergency Data Loan) বাচনি কৰক ।

৩) জৰুৰীকালীন ডাটা ঋণ বেনাৰত 'Proceed'ত বাছনি কৰক ।

৪) 'জৰুৰীকালীন তথ্য লাভ কৰক'(Get emergency data) বুলি উল্লেখ থকা বিকল্প বাছনি কৰক ।

৫) জৰুৰীকালীন ঋণৰ লাভালাভ পাবলৈ 'এতিয়া সক্ৰিয় কৰক'(Activate now) বাচনি কৰক ।

৬) ইয়াৰ পাছতে জৰুৰীকালীন ডাটা ঋণ লাভ কৰে গ্ৰাহকে ।

শেহতীয়াকৈ আমাজন প্ৰাইমৰ সদস্যপদ লাভ কৰাৰ ক্ষেত্ৰতো ৰিলায়েন্স জিঅ'ই গ্ৰাহকসকলৰ বাবে বিশেষ সুবিধা আগবঢ়াইছিল । ৯৯৯ টকাত কোনো ধৰণৰ অতিৰিক্ত খৰছ নোহোৱাকৈ এবছৰৰ বাবে এমাজন প্ৰাইমৰ সদস্যপদ লাভ কৰাৰ সুবিধা আগবঢ়াইছিল টেলিকম কোম্পানীটোৱে । জিঅ'ফাইবাৰ ব্যৱহাৰকাৰীৰ বাবে এই সুবিধা ঘোষণা কৰা হৈছিল ।

লগতে পঢ়ক:এটা বছৰতে উত্তৰাখণ্ডত তৃতীয়গৰাকী মুখ্যমন্ত্ৰীৰ হাতলৈ শাসনৰ বাঘজৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.