পুনৰ উৰা মাৰিবলৈ সাজু Jet Airways

author img

By

Published : Jun 24, 2021, 2:59 PM IST

Jet Airways to take off again: Will it turn around?

25 বছৰৰ পূৰ্বে অৰ্থাৎ 1993 চনৰ 5 মে’ত নৰেশ গোৱেলে এয়াৰ টেক্সি অপাৰেটৰ হিচাপে জেট এয়াৰৱেজ মুকলি কৰিছিল ৷ চাৰিখন লীজত লোৱা বয়িং 737-300 বিমানৰ জৰিয়তে আৰম্ভ কৰা হৈছিল জেট এয়াৰৱেজৰ বিমান পৰিসেৱা ৷ ২০০৪ চনৰ মাৰ্চ মাহত চেন্নাইৰ পৰা কলম্বোলৈ এই এয়াৰৱেজে প্ৰথম আন্তঃৰাষ্ট্ৰীয় বিমান পৰিচালনা কৰিছিল ।

নেচনেল ডেস্ক, 24 জুন : সংকটত আগুৰি থকা দেশৰ সবাতোকৈ পুৰণি ব্যক্তিগত খণ্ডৰ এয়াৰলাইন জেট এয়াৰৱেজ (Jet Airways)এ পুনৰ এবাৰ আকাশত উৰিবলৈ সাজু হৈছে ৷ ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণে (National Company Law Tribunal) মুম্বাই বেঞ্চৰ জেট এয়াৰৱেজৰ বাবে লণ্ডনস্থিত কালৰ'ক কেপিটেল আৰু UAE-ভিত্তিক ব্যৱসায়ী মুৰাৰীলাল জালানৰ পুনৰুজ্জীৱিত পৰিকল্পনাক কিছু চৰ্ত সাপেক্ষে অনুমোদন জনায় ৷ ইয়াৰ লগে লগে জেট এয়াৰৱেজে চলিত বছৰৰ শেষৰফালে কাম আৰম্ভ কৰিব বুলি আশা কৰা হৈছে ।

মন কৰিবলগীয়া যে, কালৰ'ক কেপিটেল আৰু মুৰাৰী লাল জালানক 90 দিনৰ ভিতৰত সম্বন্ধিত সংস্থাসমূহৰ পৰা অনুমোদন ল’বলৈ কোৱা হৈছিল ৷ উল্লেখ্য যে, 25 বছৰৰ পূৰ্বে অৰ্থাৎ 1993 চনৰ 5 মে’ত নৰেশ গোৱেলে এয়াৰ টেক্সি অপাৰেটৰ হিচাপে জেট এয়াৰৱেজ মুকলি কৰিছিল ৷ চাৰিখন লীজত লোৱা বয়িং 737-300 বিমানৰ জৰিয়তে আৰম্ভ কৰা হৈছিল জেট এয়াৰৱেজৰ বিমান পৰিসেৱা ৷ ২০০৪ চনৰ মাৰ্চ মাহত চেন্নাইৰ পৰা কলম্বোলৈ এই এয়াৰৱেজে প্ৰথম আন্তঃৰাষ্ট্ৰীয় বিমান পৰিচালনা কৰিছিল । পৰৱৰ্তী সময়ত যথেষ্ট লোকচান আৰু ঋণৰ ফলত Jet Airways ৰ বিমান সেৱা 2019 চনৰ এপ্ৰিল মাহত বন্ধ হৈ পৰিছিল ৷

সেই সময়ত নৰেশ গোৱেলক 500 কোটি টকাৰ প্ৰয়োজন হৈছিল, কিন্তু তেওঁ এই ধনৰাশি যুগুতাব পৰা নাছিল ৷ যাৰ ফলত কোম্পানীটোৱে কৰ্মচাৰীৰ দৰমহাৰ লগতে বিমান পৰিসেৱাৰ বাবদ প্ৰয়োজনীয় অন্য খৰচো বহন কৰিব পৰা নাছিল ৷ যাৰ পৰিপেক্ষিতত জেট এয়াৰৱেজ বন্ধ হয় আৰু ইয়াৰ ফলত কোম্পানীটোৰ 17 হাজাৰ কৰ্মচাৰীয়ে চাকৰি হেৰুৱাবলগীয়া হয় ৷

লগতে পঢ়ক: ক'ভিড-19 ভেকচিন লোৱা যাত্ৰীক 10 শতাংশ মাচুল ৰেহাই ইণ্ডিগ'ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.