পুনৰ হ্ৰাস পালে সোণৰ মূল্য

author img

By

Published : Aug 3, 2021, 5:02 PM IST

Gold price has dipped marginally by Rs 31 to Rs 46,891 per 10 grams

মঙলবাৰে পুনৰ হ্ৰাস পালে সোণৰ মূল্য(Gold price) । HDFC Securities য়ে প্ৰকাশ কৰিছে এই তথ্য ৷ বিগত কিছুদিন পূৰ্বেও হ্ৰাস পাইছিল সোণৰ মূল্য ৷ চাওক মঙলবাৰৰ দিনটোত কিমান পৰিমাণে হ্ৰাস পালে সোণৰ মূল্য...

বিজনেছ ডেস্ক, ৩ আগষ্ট : সোণৰ মূল্য(Gold price) হ্ৰাসে প্ৰতিগৰাকী লোককে নিশ্চিতভাৱে আনন্দিত কৰে । অলংকাৰৰ বাবেই হওক অথবা বিনিয়োগ কৰাৰ বাবেই হওক, সোণৰ মূল্যৰ কিমান বাঢ়িল অথবা হ্ৰাস পালে সেই বিষয়ে জানিবলৈ অধিকাংশ লোকেই আগ্ৰহ প্ৰকাশ কৰে । মঙলবাৰে এইচ ডি এফ চি ছিকিউৰিটিজে(HDFC Securities) প্ৰকাশ কৰা তথ্য মতে, সোণৰ মূল্য পুনৰ হ্ৰাস পাইছে । মঙলবাৰে দিল্লীত প্ৰতি ১০ গ্ৰাম সোণত ৩১ টকাকৈ হ্ৰাস পাইছে আৰু প্ৰতি ১০ গ্ৰাম সোণৰ নতুন মূল্য হৈছে ৪৬৮৯১ টকা ।

পূৰ্বে প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য আছিল ৪৬,৯২২ টকা । একেদৰে ৰূপ(Silver)ৰ মূল্যও হ্ৰাস পাইছে । প্ৰতি কেজি ৰূপত ৩৭২ টকা হ্ৰাস পাইছে আৰু প্ৰতি কেজি ৰূপৰ নতুন মূল্য হৈছে ৬৬,০৭২ টকা । পূৰ্বে প্ৰতি কেজি ৰূপৰ মূল্য আছিল ৬৬,৪৪৪ টকা । এইচ ডি এফ চি ছিকিউৰিটিজৰ জ্যেষ্ঠ বিশ্লেষক (কমোডিটিজ) তপন পেটেলে কয় যে, আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি আউন্স সোণৰ মূল্য ১,৮০০ মাৰ্কিন ডলাৰতকৈ হ্ৰাস পাই আছে আৰু ৰূপৰ মূল্য একে হৈ আছে । প্ৰতি প্ৰতি আউন্স ৰূপৰ মূল্য ২৫.৩৪ মাৰ্কিন ডলাৰ হৈ আছে ।

লগতে পঢ়ক: CBSE ৰ দশম শ্ৰেণীৰ ফলাফল: ৯৯.০৪ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.