সোণৰ মূল্য কিমান বাঢ়িল আপুনি জানেনে ?

author img

By

Published : Jun 18, 2021, 9:50 PM IST

সোণৰ মূল্য কিমান বাঢ়িল আপুনি জানেনে ?

এইচ.ডি.এফ.চি চিকিউৰিটিজ(HDFC Securities)ৰ মতে, ৰাষ্ট্ৰীয় ৰাজধানীত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১৮৮ টকা বৃদ্ধি হৈছে ৷ যাৰ ফলত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৪৬,৪৬০ টকালৈ বৃদ্ধি পাইছে ৷ আনহাতে ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত আছিল ৬৭,৪৮৫ টকা ৷ কিন্তু বৰ্তমান প্ৰতি কিলোগ্ৰাম ৰূপত ১৭৩ টকালৈ বৃদ্ধি হোৱাৰ ফলত ৬৭,৬৫৮ টকালৈ গতি কৰিছে সোণৰ মূল্যই ৷

নেশ্যনেল ডেস্ক,18 জুন: প্ৰত্যেক গৰাকী নাৰীৰে দুৰ্বলতা আছে সোণ-ৰূপৰ অলংকাৰৰ প্ৰতি ৷ সোণ-ৰূপৰ আন্তজাৰ্তিক মূল্য যিমানেই বৃদ্ধি নহওঁক কিয়, তাৰ প্ৰতি বিশেষকৈ মহিলা সকলৰ আকৰ্ষণ বা ধাউতি কমি নাযায় ৷

জানিব পৰা মতে,ক্ৰমাৎ আন্তজাৰ্তিক বজাৰত বৃদ্ধি পাইছে সোণৰ মূল্য ৷ আন্তজাৰ্তিক বজাৰৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় বজাৰতো বৃদ্ধি হৈছে সোণৰ মূল্য ৷ এইচ.ডি.এফ.চি চিকিউৰিটিজ(HDFC Securities)ৰ তথ্য অনুসৰি, শুকুৰবাৰে ৰাষ্ট্ৰীয় ৰাজধানী চহৰত সোণৰ মূল্য বৃদ্ধি পাইছে ৷ এইচ.ডি.এফ.চি চিকিউৰিটিজ(HDFC Securities)য়ে সদৰি কৰা তথ্য অনুসৰি, পূৰ্বৰ মূল্যৰ লগত সংযোগ হৈ প্ৰতি 10 গ্ৰাম সোণত বৃদ্ধি হৈ 188 টকা ৷ অৰ্থাৎ বৰ্তমান প্ৰতি 10 গ্ৰাম সোণৰ মূল্য হৈছে 46,460 টকা ৷

বিশ্বব্যাপী থকা মূল্যৱান ধাতুৰ ভিতৰত সোণকো অতি মূল্যবান ধাতু হিচাপে পৰিণত হৈছে ৷ শুকুৰবাৰে সোণৰ এই মূল্য বৃদ্ধিয়ে সেই সংকেটকে প্ৰদান কৰিছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, পূৰ্বতে সোণৰ বজাৰ বা সোণৰ ব্যৱসায়ৰ ভিত্তিত লক্ষ্য কৰিলে দেখা যায় যে, প্ৰতি 10 গ্ৰাম সোণৰ মূল্য আছিল 46,272 টকা ৷ ৰূপৰ ক্ষেত্ৰত সোণতকৈ কিছু কম ৰূপৰ মূল্য ৷ পূৰ্বতে প্ৰতি কিলোগ্ৰামত ৰূপৰ মূল্য আছিল ৬৭,৪৮৫ টকা ৷ বৰ্তমান ইয়াৰ মূল্য ১৭৩ টকা বৃদ্ধি হৈছে ৷ যাৰ ফলত প্ৰতি কিলোগ্ৰাম ৰূপৰ বৰ্তমান মূল্য হৈছে গৈ ৬৭,৬৫৮ টকা ৷

কেৱল ৰাষ্ট্ৰীয় পৰ্যায়তে নহয়, আন্তৰ্জাতিক বজাৰতো ক্ৰমাৎ বৃদ্ধি হৈছে সোণ-ৰূপৰ মূল্য ৷ আন্তৰ্জাতিক বজাৰত বৃদ্ধি হোৱা সোণ-ৰূপৰ এই মূল্যই প্ৰভাৱ পেলাইছে দেশৰ সোণ-ৰূপৰ বজাৰতো ৷ যাৰ ফলত সোণ-ৰূপৰ ব্যৱসায়ী সকল পৰিছে কিছু অশ্বস্তিত ৷ সোণ-ৰূপৰ মূল্য বৃদ্ধিয়ে গ্ৰাহকৰ ক্ষেত্ৰতো কিছু প্ৰভাৱ পেলাইছে ৷ ইফালে সোণ-ৰূপৰ বজাৰত কিছু হ্ৰাস পাইছে গ্ৰাহকৰ সংখ্যাও ৷

আন্তৰ্জাতিক বজাৰত, সোণৰ প্ৰতি আউন্সত 1,791 আমেৰিকান ডলাৰ আৰু ৰূপৰ মূল্য প্ৰতি আউন্সত 26.35 ডলাৰ ৷ পূৰ্বতে সোণ-ৰূপৰ মূল্য বৃদ্ধি হৈছিল যদিও বৰ্তমান আন্তৰ্জাতিক বজাৰত স্থিৰে আছে এই সোণ-ৰূপৰ মূল্য ৷

মতিলাল ওচ’ৱাল ফাইনেন্সিয়েল চাৰ্ভিচেছৰ উপ-সভাপতি(Commodities Research) নৱনীত দমানীয়ে এই সংক্ৰান্তত কয় যে, ‘কিছু দিন পূৰ্বে সোণৰ মূল্য ক্ৰমাৎ বৃদ্ধি পাইছিল যদিও বৰ্তমান স্থিৰে আছে সোণ-ৰূপৰ মূল্য’ ৷

লগতে পঢ়ক: International Panic Day 2021 : শৰীৰক বিৰাম দিয়াৰ উপায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.