EENADU SIRI : কেনেদৰে বাচনি কৰিব বাহনৰ বাবে উৎকৃষ্ট বীমা আঁচনি ?

author img

By

Published : Dec 7, 2021, 10:36 AM IST

কেনেদৰে বাচনি কৰিব বাহনৰ সৰ্বশ্ৰেষ্ঠ বীমা আঁচনি

বাহন, ক্ৰেতা আৰু বীমা বৃদ্ধি বাধ্যতামূলক হোৱাৰ লগে লগে বহুলোকে ভালতকৈ ভাল বীমা আঁচনি বাছনি কৰাৰ পৰামৰ্শ বিচাৰি আছে ৷ ভাল আৰু বেয়াবোৰ স্পষ্ট হোৱাৰ পিছতহে এখন বীমা আঁচনি ক্ৰয় কৰিব লাগে ৷ কিয়নো আপোনাৰ এটা ভুলে আপোনাক সমস্যাত পেলাব পাৰে ৷ সেয়ে আপুনি সাৱধান হোৱাৰ লগতে আন দহজনকো সাৱধান কৰক, যাতে সঠিক আঁচনি বাছনি কৰিব পাৰে আৰু আপোনাৰ বাহনৰ সুৰক্ষা সঠিক দিশৰ পৰা কৰিব পাৰে ৷

বিজনেছ ডেস্ক, 7 ডিচেম্বৰ : বাহন, ক্ৰেতা আৰু বীমা বৃদ্ধি বাধ্যতামূলক হোৱাৰ লগে লগে বহুলোকে ভালতকৈ ভাল বীমা আঁচনি বাছনি কৰাৰ পৰামৰ্শ বিচাৰি আছে ৷ ভাল আৰু বেয়াবোৰ স্পষ্ট হোৱাৰ পিছতহে এখন বীমা আঁচনি ক্ৰয় কৰিব লাগে ৷ কিয়নো আপোনাৰ এটা ভুলে আপোনাক সমস্যাত পেলাব পাৰে ৷ সেয়ে আপুনি সাৱধান হোৱাৰ লগতে আন দহজনকো সাৱধান কৰক ৷ যাতে সঠিক বীমা আঁচনি বাছনি কৰিব পাৰে আৰু আপোনাৰ বাহনৰ সুৰক্ষা সঠিক দিশৰ পৰা কৰিব পাৰে ৷

নিজৰ গাড়ীত ভ্ৰমণ কৰাটো সকলোৰে বাবে এক সপোন আৰু ইয়াৰ বাবে প্ৰতিগৰাকী ব্যক্তিয়ে লাখ লাখ টকা ব্যয় কৰে ৷ কিন্তু বাহনৰ বীমা আঁচনিৰ ক্ষেত্ৰত সকলোৱে কৰে অৱহেলা ৷ অৱশ্যে কোনো লোক দুৰ্ঘটনাত পতিত হোৱাৰ পিছতহে তেওঁলোকৰ বাহনৰ বীমা নকৰাৰ বাবে অনুশোচনা কৰে ৷ একাংশ লোক যিসকলে পৰিণামৰ বিষয়ে অৱগত, তেওঁলোকে বাহনৰ বীমা আঁচনি গ্ৰহণ কৰে আৰু আন একাংশই তেওঁলোকে কৰা ভুলৰ বিষয়ে জনাৰ পিছতহে বীমা কোম্পানীবোৰৰ ওচৰলৈ যায় ৷

লক্ষণীয়ভাৱে ক’ভিড 19 ৰ সংক্ৰমণৰ পিছত বহুতে নিজৰ বাহনত ভ্ৰমণ কৰিবলৈ পছন্দ কৰে ৷ ইয়াৰ ফলত বাহনৰ ক্ৰেতাৰ সংখ্যা বৃদ্ধি হৈছিল ৷ যান-বাহন আইন অনুসৰি প্ৰতিখন বাহনৰ বাবে বীমা বাধ্যতামূলক ৷ এই দুই প্ৰকাৰৰ- সামগ্ৰিক আৰু তৃতীয় পক্ষ ৷ বাহনখন ৰাজপথলৈ নিয়াৰ পূৰ্বে তৃতীয় পক্ষৰ বীমা বাধ্যতামূলক ৷

বাহনৰ বীমাৰ ক্ষেত্ৰত কি নকৰিব :

  • অটো বীমা আঁচনি অনলাইন আৰু অফলাইন দুয়ো প্ৰকাৰতে উপলব্ধ ৷ আজিকালি বহুলোকে অনলাইন আঁচনি নৱীকৰণ কৰিবলৈ পছন্দ কৰে ৷ বীমা কোম্পানীৰ হেল্প ডেস্কবোৰ অনলাইন আঁচনি নৱীকৰণ কৰিব বিচৰাসকলক সহায় কৰিবলৈ সাজু থাকে সকলো সময়তে ৷ কিন্তু নতুন বাহন বীমা বা নৱীকৰণ কৰোঁতে কিছু সাৱধানতা অৱলম্বন কৰা উচিত ৷ বহু লোকে কম প্ৰিমিয়াম আঁচনি উলিয়াবলৈ খৰধৰ কৰে ৷ কিন্তু, সেয়া উচিত নহয় ৷ বহুতো কাৰক বিবেচনা কৰাৰ পিছতহে আপুনি আপোনাৰ বীমা সুনিশ্চিত কৰক ৷ আপোনাৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱা আঁচনি বাছনি কৰাটো সদায়ে এক সঠিক সিদ্ধান্ত ৷
  • এনে এক বীমা আঁচনি গ্ৰহণ কৰা উচিত, যিয়ে যিমান সম্ভৱ সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰে ৷ ইয়াত অন্তৰ্ভুক্ত থাকে তৃতীয় পক্ষৰ বীমা ৷ বীমাৰ প্ৰৱণতা কেৱল আইনী মেৰপেচ পালন কৰাৰ বাবেহে বুলি ভবা ধাৰণা পৰিত্যাগ কৰিব লাগে ৷ আনকি সৰু দুৰ্ঘটনাৰ ক্ষেত্ৰতো মেৰামতিৰ ব্যয় হাজাৰ হাজাৰ টকা হ'ব পাৰে বুলি পাহৰি যোৱা অনুচিত ৷
  • কেৱল প্ৰিমিয়াম কম হোৱাৰ বাবে আঁচনি এখন বাছনি নকৰিব ৷ বীমা কোম্পানীয়ে দাবী নিষ্পত্তিৰ ইতিহাস আৰু প্ৰদান কৰা সেৱাবোৰৰ বিষয়ে সম্পূৰ্ণভাৱে অৱগত হোৱাৰ পিছতহে সিদ্ধান্ত লোৱা উচিত ৷
  • যদি আপুনি মৌলিক আঁচনিত পৰিপূৰক যোগ দিয়ে, আপুনি সামান্য অতিৰিক্ত প্ৰিমিয়াম পৰিশোধ কৰিব লাগিব ৷ ইয়াক এৰাই চলিবলৈ সংশ্লিষ্ট নীতি গ্ৰহণ নকৰাটো উচিত নহয় ৷ এই পৰিপূৰক নীতিবোৰে কেতিয়াবা অপ্ৰত্যাশিত পৰিস্থিতিৰ বাবে বাহন বা ইঞ্জিনৰ যিকোনো ক্ষতি সামৰি ল'ব ৷ অৱশ্যে সেইবোৰৰ কিমান প্ৰয়োজন সেই বিষয়ে সম্পূৰ্ণ বুজা উচিত ৷
  • ম্যাদ শেষ হোৱাৰ আগতে আঁচনিখন নবীকৰণ কৰিব লাগে ৷ অন্যথা No Claim Bonus (NCB) হেৰুওৱাৰ আশংকা আছে ৷ সেয়ে সময়সীমাৰ পূৰ্বে বীমাৰ নবীকৰণ কৰিবলৈ নাপাহৰিব ৷ যেতিয়া আপুনি এখন নতুন গাড়ী ক্ৰয় কৰে, আপোনাৰ পুৰণি গাড়ীখন এনচিবিলৈ পৰিৱৰ্তন কৰিব পাৰি ৷ বীমা কোম্পানীৰ সৈতে এই বিষয়ে আলোচনা কৰক ৷
  • বীমা আঁচনি এখন কৰাৰ সময়ত এয়া নিশ্চিত কৰিব যাতে বাহন আৰু মালিকৰ বিৱৰণ সঠিক হয় ৷ আপোনাৰ চকুত ধৰা পৰা ভুলবোৰত তৎক্ষণাৎ বীমা কোম্পানীৰ দৃষ্টি আকৰ্ষণ কৰিব লাগে ৷ যিকোনো পৰিস্থিতিত প্ৰৱঞ্চনামূলক বীমা আঁচনিত বিশ্বাস নকৰিব ৷ কিয়নো এয়া এক শাস্তিযোগ্য অপৰাধ ৷ অৱশেষত আপুনি গ্ৰহণ কৰা বীমা সম্পূৰ্ণ সাৱধানে নিৰ্বাচন কৰা উচিত ৷

লগতে চাওক: Assam honours Ratan Tata: ৰতন টাটালৈ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.