Kerala Road Accident update : কেৰালাৰ পথ দুৰ্ঘটনাত নিহত 5 যুৱক

author img

By

Published : Jan 23, 2023, 10:05 AM IST

Updated : Jan 23, 2023, 1:31 PM IST

Kerala accident

দেওবাৰে নিশা কেৰালাৰ থিৰুৱনন্তপুৰমত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Kerala accident) ৷ এই দুৰ্ঘটনাত নিহত হয় 5 জন যুৱক ৷

নেশ্যনেল ডেস্ক, 23 জানুৱাৰী : দেওবাৰে নিশা প্ৰায় 1:30 বজাত কেৰালাত অঘটন ৷ কেৰালাৰ আলাপ্পুঝা জিলাৰ আম্বালাপ্পুজাৰ সমীপত থিৰুৱনন্তপুৰমৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনাটো (Kerala accident) ৷ এখন ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মাজত হোৱা মুখামুখী সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই অঘটনটো ৷ ফলত নিহত হয় চাৰিচকীয়া বাহনত থকা 4 জন যুৱক (5 youths killed in an accident near Kerala Alappuzha)৷

জানিব পৰা মতে, থিৰুৱনন্তপুৰম অভিমুখে গৈ আছিল চাৰিচকীয়া বাহনখন । দুৰ্ঘটনাটোত ঘটনাস্থলীতে চাৰিজন যুৱক থিতাতে নিহত হয় ৷ আনহাতে, ইয়াৰে আন এজন যুৱকক চিকিৎসালয়লৈ নি থকা অৱস্থাত মৃত্যু হয় ৷ এই ঘটনা সন্দৰ্ভত কেৰালা আৰক্ষীয়ে সদৰী কৰিছে এই তথ্য ৷

লগতে আৰক্ষীয়ে জনোৱা মতে, নিহত যুৱককেইজনক ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) তিৰুৱনন্তপুৰমৰ কেণ্টিনত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰী আছিল ৷ দেওবাৰে এক বিবাহ অনুষ্ঠানলৈ গৈ আছিল ৷ তেনে অৱস্থাতে তেওঁলোকৰ বাহনখনক বিপৰীত দিশৰ পৰা অহা ট্ৰাকখনে খুন্দা মাৰে ।

ইফালে এই পথ দুৰ্ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল । আৰম্ভ কৰে তদন্ত ৷ তথ্য মতে, ইতিমধ্যে ট্ৰাকখনৰ চালকক আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে । ইতিমধ্যে মৃত ব্যক্তিকেইজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে আলাপ্পুঝা চিকিৎসা মহাবিদ্যালয়ৰ মৰ্চাৰীলৈ স্থানান্তৰ কৰা হৈছে ।

লগতে পঢ়ক : Poor condition of a wooden bridge: জৰাজীৰ্ণ দলঙৰ পৰা বৰলীয়া নৈত সৰি পৰিল মটৰ চাইকেলসহ আৰোহী

Last Updated :Jan 23, 2023, 1:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.