Gujrat election 2022: গুজৰাটত যুৱ ভোটাৰে গ্ৰহণ কৰিব নিৰ্ণায়ক ভূমিকা

author img

By

Published : Nov 21, 2022, 6:10 PM IST

Young voters will play decisive role in Gujrat election

সমাগত গুজৰাট বিধানসভা নিৰ্বাচন (Gujrat election 2022)৷ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলবোৰ ৷ আগন্তক নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব যুৱ ভোটাৰে(Young voters will play decisive role in Gujrat election) ৷

নেশ্যনেল ডেস্ক, 21 নৱেম্বৰ: গুজৰাট নিৰ্বাচনক লৈ ব্যস্ততা বাঢ়িছে ৰাজনৈতিক দলবোৰৰ(Gujrat election 2022)৷ গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে শেহতীয়াভাৱে প্ৰকাশ কৰিছে নিৰ্বাচন সংক্ৰান্তীয় তথ্য । গুজৰাটৰ মুঠ ৪,৯১,৩৫,৪০০ গৰাকী ভোটাৰে আগন্তক নিৰ্বাচনত ভোটাধিকাৰ প্ৰদান কৰিব ।

গুজৰাটত ১৮ৰ পৰা ২৯ বছৰ বয়সৰ যুৱ ভোটাৰ মুঠ ১.১৫ কোটি থকাৰ বিপৰীতে ১০০ বছৰ আৰু ততোধিক বয়সৰ ভোটাৰৰ সংখ্যা ১০,৪৬০(Young voters will play decisive role in Gujrat election) । বয়স অনুসৰি তালিকাৰ সবিশেষ কেন্দ্ৰীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰিব । ৰাজ্যখনত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন । প্ৰথম পৰ্যায়ত ১ ডিচেম্বৰত ১৯খন জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ।

মুঠ ভোটাৰৰ ভিতৰত ২,৩৭,৭৪,১৪৬ গৰাকী মহিলা আৰু ২,৫৩,৫৯,৮৬৩ গৰাকী পুৰুষ ভোটাৰ আছে বুলি জানিবলৈ পৰা গৈছে । ১৮ৰ পৰা ২৯ বছৰ বয়সৰ ভিতৰত ১,১৫,১০,০১৫ গৰাকী যুৱ ভোটাৰ আছে । নিৰ্বাচনী তালিকা সংস্কাৰ অভিযানৰ পিছত দুয়োটা পৰ্যায়তে মুঠ ৪,৯১,৩৫,৪০০ ভোটাৰ আছে বুলি জানিবলৈ পৰা গৈছে ।

গুজৰাটত মুঠ ১৩৯১ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে । সৰ্বাধিক তৃতীয় লিংগৰ ব্যক্তি আছে বড়োদাৰা জিলাত । জিলাখনত মুঠ ২২৬ গৰাকী তৃতীয় লিংগৰ ব্যক্তি আছে ৷

ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত বৃহৎ সংখ্যক যুৱক-যুৱতীয়ে ভোটদান কৰিব । ১৮ৰ পৰা ২৯ বছৰ বয়সৰ সৰ্বাধিক যুৱ ভোটাৰে নিজৰ পছন্দৰ প্ৰাৰ্থী নিৰ্বাচিত কৰিব ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত । সৰ্বাধিক যুৱ ভোটাৰ থকা পাঁচখন জিলাৰ ভিতৰত আছে আহমেদাবাদ ৷

জিলাখনত ১১,৯৭,৫৩৯ গৰাকী যুৱ ভোটাৰ আছে ৷ ইয়াৰ বিপৰীতে চুৰাট , বনস্কণ্ঠ, বদোদাৰা আৰু দহোড়ত ভোটাৰ আছে ক্ৰমে ১০,২৩,৮৬৭ ,৭,০৭,৭৫৪ ,৫,১৯,৮৩২ আৰু ৪,৮৯,৫৩৬ গৰাকী ।

ৰাজ্যৰ ২৯,৩৫৭ টা ভোটকেন্দ্ৰ স্থানত ৫১,৮৩৯টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে । গুজৰাটৰ সৰ্বাধিক ভোট কেন্দ্ৰ থকা পাঁচখন জিলাৰ ভিতৰত আছে আহমেদাবাদ ৷ জিলাখনত ৫৬১০ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে ৷ চুৰাট, বনস্কণ্ঠ, বদোদাৰা আৰু ৰাজকোটত ক্ৰমে ৪৬৩৭, ২৬১৩ ,২৫৯০ আৰু ২২৬৪ টা ভোট কেন্দ্ৰ আছে ।

সৰ্বনিম্ন ভোট কেন্দ্ৰ থকা পাঁচখন জিলাৰ ভিতৰত ডাঙত আছে ৩৩৫ টা, পোৰবন্দৰত ৪৯৪ টা, টাপিত ৬০৫ টা, বোটাদত ৬১৪ টা আৰু নৰ্মদাত আছে ৬২৪টা ভোটগ্ৰহণ কেন্দ্ৰ । সৰ্বাধিক মহিলা ভোটাৰ থকা পাঁচখন জিলাৰ ভিতৰত ক্ৰমে আহমেদাবাদত ২৮,৮১,২২৪ গৰাকী; বদোদৰাত ২১,৯৪,৯১৫ গৰাকী; বনস্কণ্ঠত ১২,৭২,৯৯৬ গৰাকী; বনস্কণ্ঠত ১১,৯৭,৮১৪ গৰাকী আৰু ৰাজকোটl ১১,১০,৩০৬ গৰাকী ।

৮০ বছৰৰ ওপৰৰ জ্যেষ্ঠ ভোটাৰৰ মুঠ সংখ্যা ৯,৮৭,৯৯৯ গৰাকী । ৰাজ্যত ১০০ বছৰ আৰু অধিক বয়সৰ ১০,৪৬০ গৰাকী ভোটাৰ আছে । ভোটাৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি সৰ্বাধিক বিধানসভাৰ আসন আছে ছুৰাট জিলাত । জিলাখনত ৫,৬৬,৫১১ গৰাকী ভোটাৰ থকাৰ বিপৰীতে চুৰাট-উত্তৰত সৰ্বনিম্ন ভোটাৰ আছে ১,৬৩,১৮৭ গৰাকী ।

লগতে পঢ়ক: Massive road accident: পুনে-বেংগালুৰু ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা: ক্ষতিগ্ৰস্ত ৪৮ খনকৈ বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.