হায়দৰাবাদ বিমান বন্দৰত তেলেংগানাৰ জীয়ৰী নিখাতক উষ্ম আদৰণি

author img

By

Published : May 27, 2022, 9:55 PM IST

world-boxing-champion-nikhat-zareen-arrives-in-hyderabad

বিশ্ব চেম্পিয়নশ্বিপত (World Boxing Championship 2022) সোণৰ পদক অৰ্জন কৰা ভাৰতৰ পঞ্চমগৰাকী বক্সাৰ তেলেংগানাৰ জীয়ৰী নিখাত জাৰিন (Nikhat Zareen) ৷ শুকুৰবাৰে হায়দৰাবাদ বিমানবন্দৰত তেলেংগানাৰ জীয়ৰী নিখাতসহ ঈশা সিং উপস্থিত হোৱাৰ পিছতে দুয়োগৰাকী খেলুৱৈক ৰাজ্যিক ক্ৰীড়া মন্ত্ৰালয়ৰ বিষয়াকে ধৰি অনুৰাগীসকলে উষ্ম আদৰণি জনায় ৷

হায়দৰাবাদ,27 মে': বিশ্ব ক্ৰীড়াত উজলিল তেলেংগানাৰ জীয়ৰী নিখাত জাৰিন (Nikhat Zareen) ৷ হায়দৰাবাদ বিমানবন্দৰত তেলেংগানাৰ জীয়ৰী নিখাতক উষ্ম আদৰণি ৷ শেহতীয়াকৈ ইস্তানবুলত অনুষ্ঠিত হোৱা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত 52 কেজি শাখাত স্বৰ্ণ জয় কৰি ইতিহাস ৰচনা কৰে নিখাতে ৷ থাইলেণ্ডৰ বক্সাৰ জিতপাঙক ৫-০ পইণ্টত পৰাস্ত কৰি এই কৃতিত্ব অৰ্জন কৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে ৷

বিশ্ব চেম্পিয়নশ্বিপত (World Boxing Championship 2022) সোণৰ পদক অৰ্জন কৰা ভাৰতৰ পঞ্চমগৰাকী বক্সাৰ এই খেলুৱৈগৰাকী ৷ শুকুৰবাৰে হায়দৰাবাদ বিমানবন্দৰত তেলেংগানাৰ জীয়ৰী নিখাতসহ ঈশা সিং উপস্থিত (Nikhat Zareen arrives in Hyderabad) হোৱাৰ পিছতে দুয়োগৰাকী খেলুৱৈক ৰাজ্যিক ক্ৰীড়া মন্ত্ৰালয়ৰ বিষয়াকে ধৰি অনুৰাগীসকলে উষ্ম আদৰণি জনায় ৷

শেহতীয়াকৈ জাৰ্মানীৰ ছ'লত অনুষ্ঠিত হোৱা বিশ্ব শ্বুটিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰিছিল চেকেন্দ্ৰাবাদৰ ঈশা সিঙে ৷ ইফালে নিখাতে বৃহস্পতিবাৰে নিশা তাৰকা বক্সাৰ মেৰী কমৰ সৈতে উঠা এখন ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ লগে লগে ব্যাপক সমাদৰ লাভ কৰিছে ৷

লগতে পঢ়ক: World Boxing Championship 2022 : বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় তেলেংগনাৰ নিখাত জাৰিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.