স্বামীৰ অত্যাচাৰত অতিষ্ঠ পত্নীয়ে শিৰচ্ছেদ কৰিলে স্বামীক

author img

By

Published : Sep 17, 2022, 10:55 PM IST

Wife kills Husband in UP

স্বামীৰ অত্যাচাৰত অতিষ্ঠ হৈ পত্নীয়ে শিৰচ্ছেদ কৰিলে স্বামীক ৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আক্ৰাবাদ থানা এলেকাৰ কৌড়িয়াগঞ্জ অঞ্চলত ৷ ইতিমধ্যেই আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত পত্নীক (Wife kills Husband in UP) ।

নেশ্যনেল ডেস্ক, 17 ছেপ্টেম্বৰ: স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি পত্নীয়ে ল’লে চৰম সিদ্ধান্ত ৷ স্বামীৰ অত্যাচাৰত অতিষ্ঠ হৈ পত্নীয়ে শিৰচ্ছেদ কৰিলে স্বামীক ৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আক্ৰাবাদ থানা এলেকাৰ কৌড়িয়াগঞ্জ অঞ্চলত ৷ ইতিমধ্যেই আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত পত্নীক (Wife kills Husband in UP)।

আৰক্ষীয়ে জনোৱা মতে, ১৪ আগষ্টৰ নিশা আক্ৰাবাদ থানা এলেকাৰ কৌড়িয়াগঞ্জ চহৰত ঘৰত শুই থকা অৱস্থাত কোনো দুৰ্বৃত্তই ভৱুদ্দিন ওৰফে নাহনাৰ পুত্ৰ নাজিৰ খানক হত্যা কৰিছিল ৷ পিছত এই হত্যাকাণ্ডৰ সন্দৰ্ভত বাদী ফখৰুদ্দিনে এক গোচৰ ৰুজু কৰিছিল আৰক্ষী থানাত ৷

ঘটনাত সন্দৰ্ভত আৰক্ষীয়ে পৰিয়ালৰ সদস্য আৰু মৃতকৰ পত্নী সামাক আটক কৰিছিল ৷ আটক কৰি জেৰা চলোৱাৰ সময়তে পোহৰলৈ আহে এই সমগ্ৰ ঘটনাৰ মূল ৰহস্য (Murder Case) ৷ আৰক্ষীৰ জেৰাত স্বামীক হত্যা কৰা বুলি পত্নীৰ ভয়ংকৰ স্বীকাৰোক্তি ৷

পত্নীৰ ভাষ্য অনুসৰি, স্বামীয়ে তেওঁক আৰু কন্যাক প্ৰতিদিনেই প্ৰহাৰ কৰিছিল । মানসিক আৰু শাৰীৰিকভাৱে প্ৰায়ে কৰিছিল অত্যাচাৰ ৷ সেই অত্যাচাৰ সহ্য কৰিব নোৱাৰি পত্নীয়ে লৈছিল এই ভয়ংকৰ সিদ্ধান্ত ৷ স্বামীৰ অত্যাচাৰত অতিষ্ঠ হৈ শুই থকা অৱস্থাত বিচনাৰ সৈতে স্বামীৰ ভৰি বান্ধি শিৰচ্ছেদ কৰা বুলি স্বীকাৰ কৰে পত্নীয়ে । ইফালে আৰক্ষীয়ে ঘটনা সংঘটিত কৰা অস্ত্ৰও উদ্ধাৰ কৰিছে ৷

লগতে পঢ়ক: Nagaon brutal murder: হত্যাকাৰীয়ে কাটিছিল মহিলাৰ জিভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.