West Bengal SSC scam: পাৰ্থ চেটাৰ্জীসহ 15 জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল

author img

By

Published : Sep 30, 2022, 10:49 PM IST

CBI presents first charge sheet featuring Partha Chatterjee, 15 others

শুকুৰবাৰে কলকাতাৰ আলিপুৰ আদালতত বিদ্যালয় সেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ প্ৰথম অভিযোগনামা উপস্থাপন কৰে ৷ 46 দিনৰ তদন্তৰ অন্তত পশ্চিমবংগৰ বিদ্যালয় নিযুক্তি কেলেংকাৰীৰ গোচৰত পাৰ্থ চেটাৰ্জীসহ 15 জনৰ নাম দাখিল চিবিআইৰ (CBI files first chargesheet)৷

নেশ্যনেল ডেস্ক, 30 ছেপ্টেম্বৰ: 46 দিনৰ তদন্তৰ অন্তত পশ্চিমবংগৰ বিদ্যালয় নিযুক্তি কেলেংকাৰীৰ গোচৰত পাৰ্থ চেটাৰ্জীসহ 15 জনৰ নাম দাখিল চিবিআইৰ (CBI files first chargesheet)৷ শুকুৰবাৰে কলকাতাৰ আলিপুৰ আদালতত বিদ্যালয় সেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ প্ৰথম অভিযোগপত্ৰ উপস্থাপন কৰে ৷

নথিখনত মুখ্য অভিযুক্ত তথা পশ্চিম বংগৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ (former West Bengal Education Minister Partha Chatterjee ) লগতে পশ্চিম বংগ মাধ্যমিক শিক্ষা পৰিষদৰ প্ৰাক্তন সভাপতি কল্যাণময় গংগোপাধ্যায়, ডব্লিউবিএছএছচিৰ (West Bengal Board of Secondary Education) প্ৰাক্তন সচিব অশোক সাহা আৰু ৰাজ্যিক এছএছচি আয়োগৰ প্ৰাক্তন আহ্বায়ক শান্তি প্ৰসাদ সিনহাকে ধৰি আন ১৫ জনৰ নাম উল্লেখ কৰা হৈছে ৷

এই বছৰৰ আৰম্ভণিতে ১১ ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ৰ দ্বাৰা নিৰ্দেশিত হোৱাৰ পিছত সংস্থাটোৱে পশ্চিম বংগৰ উচ্চ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহত শিক্ষক আৰু অশিক্ষক কৰ্মচাৰী দুয়োৰে নিযুক্তিত অনিয়মৰ অভিযোগৰ তদন্ত আৰম্ভ কৰিছিল ৷

ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জিত কুমাৰ বাগৰ নেতৃত্বত তিনিজনীয়া সমিতিয়ে প্ৰাথমিক তদন্ত কৰে আৰু কলিকতা উচ্চ ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰে ৷ প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে ৩৫০ জন লোকৰ নিযুক্তি সম্পূৰ্ণ অবৈধ ভাৱে কৰা হৈছিল, যাৰ ফলত অশোক কুমাৰ সাহা, সমৰজিৎ আচাৰ্য আৰু নিযুক্তিসম্পৰ্কীয় পৰামৰ্শদাতা সমিতিৰ আন দুজন সদস্যক সোধ-পোছৰ বাবে ৰখা হৈছিল ।

উল্লেখ্য যে ন্যায়াধীশ অভিজিত গংগোপাধ্যায়ে ৩৫০ জন প্ৰাৰ্থীৰ চাকৰি বাতিল কৰাৰ নিৰ্দেশ দিয়াৰ লগতে চিবিআইক (Central Bureau of Investigation) এই ঘটনাৰ লগত জড়িত চৰকাৰী বিষয়াসহ পাঁচজন সমিতিৰ সদস্যৰ সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশনা দিয়ে ৷

লগতে পঢ়ক: WB SSC Scam: মন্ত্ৰী পদৰ পৰা অপসাৰিত পাৰ্থ চেটাৰ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.