Mamata Targets Modi On Netaji Birthday: প্ৰধানমন্ত্ৰী মোদীৰ কাম কাজে বাৰুকৈয়ে অসন্তুষ্ট কৰিছে মমতাক

author img

By

Published : Jan 23, 2023, 8:35 PM IST

Mamata Targets Modi On Netaji Birthday

পুনৰ প্ৰধানমন্ত্ৰীক কটাক্ষ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৷ পৰমবীৰ চক্ৰ বঁটা বিজয়ীসকলৰ নামেৰে নামকৰণ কৰিব বিচৰা দ্বীপৰ নাম নেতাজীয়ে আন্দামান ভ্ৰমণৰ সময়তে নামকৰণ কৰাৰ কথা উল্লেখ মুখ্যমন্ত্ৰীগৰাকীৰ (Mamata Targets Modi On Netaji Birthday) । পৰিকল্পনা আয়োগক আঁতৰ কৰাৰ কেন্দ্ৰৰ সিদ্ধান্ততো অসন্তুষ্ট মুখ্যমন্ত্ৰীগৰাকী ৷

গুৱাহাটী, ২৩ জানু্ৱাৰী: নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ তম জন্মজয়ন্তী তথা পৰাক্ৰম দিৱস উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ২১ টা নামহীন দ্বীপৰ নাম ভাৰতৰ ২১ গৰাকী পৰমবীৰ চক্ৰ বঁটা বিজয়ীৰ নামেৰে নামকৰণ কৰে (Parakram Diwas) । প্ৰধানমন্ত্ৰী মোদীয়ে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ঐতিহাসিক তাৎপৰ্যৰ কথা মনত ৰাখি আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ স্মৃতিক সন্মান জনোৱাৰ বাবে নেতাজীৰ ১২৭ তম জন্মজয়ন্তী উপলক্ষে পৰমবীৰ চক্ৰৰে সন্মানীত দেশৰ সৈনিকসকলৰ নামেৰে দ্বীপপুঞ্জটোৰ ২১ টা দ্বীপৰ নামকৰণ কৰে ৷

প্ৰধানমন্ত্ৰীয়ে আজি দিনৰ ১১ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এক অনুষ্ঠানত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ (Andaman and Nicobar Islands) ২১ টা নামহীন দ্বীপৰ নাম ভাৰতৰ ২১ গৰাকী পৰমবীৰ চক্ৰ বঁটা বিজয়ীৰ নামেৰে নামকৰণ কৰে । নেতাজীৰ ৰছ দ্বীপৰ নাম নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপ ৰখা হৈছিল । একেদৰে হেভলক আৰু ব্লু আইলেণ্ডৰ নাম স্বৰাজ আৰু শ্বহীদ দ্বীপ নামেৰে নামকৰণ কৰে । ইয়াৰ পাছতেই প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী (Mamata Targets Modi On Netaji Birthday) ৷

প্ৰধানমন্ত্ৰীক সমালোচনা কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, স্বৰাজ দ্বীপ আৰু শ্বহীদ দ্বীপৰ নাম আজি উল্লেখ কৰা হোৱা নাই ৷ "নেতাজী সুভাষ চন্দ্ৰ বসুৱে(Netaji Subhas Chandra Bose) যেতিয়া আন্দামান ভ্ৰমণ কৰিছিল, এই দ্বীপসমূহে তেওঁলোকৰ নাম পাইছিল ৷" তেওঁ কয় য়ে, "নেতাজী আমাৰ পথপ্ৰদৰ্শক" ৷ তেওঁ কৃষক, শিপিনীসকল স্বাৱলম্বী হোৱাটো বিচাৰিছিল । একেদৰে, আমাৰ শিপিনীসকলে বনোৱা কাপোৰ বংগৰ সকলো বিদ্যালয়ত ব্যৱহাৰ কৰা হৈছে ৷ বহুলোকে কয় যে আমি স্বৰাজ দ্বীপ, শ্বহীদ দ্বীপ নিৰ্মাণ কৰিছো ৷ কিন্তু এয়া সঁচা নহয় ৷ সেই নামবোৰ নেতাজীয়ে দিছিল ৷"

নেতাজীৰ ১২৭ তম জন্ম জয়ন্তী উপলক্ষে পৰিকল্পনা আয়োগক আঁতৰ কৰাৰ কেন্দ্ৰৰ সিদ্ধান্তত মুখ্যমন্ত্ৰীগৰাকীয়ে অসন্মতি প্ৰকাশ কৰে (Mamata targets PM Modi on Planning Commission issue) । "নেতাজীয়ে যোজনা আয়োগ সৃষ্টি কৰিছিল । কিন্তু যোজনা আয়োগ কিয় আঁতৰি গ'ল ? এতিয়া কোনো পৰিকল্পনা নাই । সকলোবোৰ অপৰিকল্পিত," মমতাই কয় । কেন্দ্ৰৰ সিদ্ধান্তক সমালোচনা কৰি মুখ্যমন্ত্ৰী মমতাই আৰু কয় দেশ এতিয়া অসহায় ।

মুখ্যমন্ত্ৰী মমতাই ৰাজ্যখনলৈ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ সন্দৰ্ভতো কেন্দ্ৰক সমালোচনা কৰি কয় যে, "আমি বিপ্লৱৰ অনুপ্ৰেৰণাৰ পৰা জন্মগ্ৰহণ কৰা লোক । কিন্তু এতিয়া পইতাচোৰাই কামুৰিলেও, ৫০ টা কেন্দ্ৰীয় দল প্ৰেৰণ কৰা হয় । কিমানটা দল উত্তৰ প্ৰদেশলৈ গৈছে । আইনত কোনো বৈষম্য হোৱা উচিত নহয় বুলি মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে (West Bengal CM Mamata Banerjee) ৷

লগতে পঢ়ক: Subhas Chandra Bose Jayanti 2023: নেতাজীক লৈ কি ক'লে মোহন ভাগৱতে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.