Insult to Dalit women: দলিত মহিলাই পানী খোৱাৰ বাবেই ধুই চাফা কৰা হ’ল পানী টেংকী

author img

By

Published : Nov 20, 2022, 8:08 PM IST

Insult to Dalit women

এগৰাকী মহিলাই এটা পানীৰ টেপ খুলি পানী খালে (Dalit woman drank water from public tank) ৷ তাৰ পাচতেই সংঘটিত হ’ল এক আশ্চৰ্যকৰ ঘটনা ৷ মহিলাগৰাকীয়ে পানী খোৱাৰ বাবেই টেপটো সংযোগ হৈ থকা পানী টেংকীটোৰ পৰা গোটেই পানীখিনি উলিয়াই পেলোৱা হয় (Water tank cleaned after a Dalit woman drank water) ৷ লগতে টেংকীটো চাফা কৰিহে পুনৰ তাত পানী ভৰালে গাঁৱৰ ৰাইজে ৷ শুনিবলৈ আচহুৱা যেন লাগিলেও এইটো এটা সঁচা ঘটনা ৷

নিউজ ডেস্ক, 20 নৱেম্বৰ: এঘৰীয়া বুলিলেই আমি নাক কোচাই দিওঁ (Boycott from Society) ৷ এনে ঘটনাক গৰিহণা দিওঁ, ককৰ্থনা কৰোঁ ৷ ব্ৰইলাৰ-গাহৰি পালন, অসংবৰ্ণ বিবাহ আদি কাৰণতেই আমাৰ সমাজত এই এঘৰীয়া কৰা প্ৰক্ৰিয়াটো চলি আহিছে ৷ কিন্তু আজি এনে ঘটনাৰ কথা আপোনালোকক ক’ম, যিটো বৰ্তমান সময়ত অবাস্তৱ যেনেই অনুভৱ হ’ব ৷

এগৰাকী মহিলাই এটা পানীৰ টেপ খুলি পানী খালে ৷ তাৰ পাচতেই সংঘটিত হ’ল এক আশ্চৰ্যকৰ ঘটনা ৷ মহিলাগৰাকীয়ে পানী খোৱাৰ বাবেই টেপটো সংযোগ হৈ থকা পানী টেংকীটোৰ পৰা গোটেই পানীখিনি উলিয়াই পেলোৱা হয় ৷ লগতে টেংকীটো চাফা কৰিহে পুনৰ তাত পানী ভৰালে গাঁৱৰ ৰাইজে ৷ শুনিবলৈ আচহুৱা যেন লাগিলেও এইটো এটা সঁচা ঘটনা (Water tank cleaned after a Dalit woman drank water) ৷

এই গৰ্হিত ঘটনাটো সংঘটিত হৈছে কৰ্ণাটকত ৷ চামৰাজনগৰৰ হেগগোথোৰা গাঁৱলৈ বৰযাত্ৰীৰ সৈতে গৈছিল মহিলাগৰাকী ৷ বিয়াত ভোজ-ভাত খোৱাৰ পিছত বাছত উঠিবলৈ আহোতে এটা ৰাজহুৱা টেপ খুলি পানী খাইছিল মহিলাগৰাকীয়ে ৷ সেয়া দেখিছিল গাঁওখনৰ একাংশ লোকে ৷ পিচত মহিলাগৰাকী দলিত সম্প্ৰদায়ৰ বুলি জানিব পাৰি হেগগোথোৰা গাঁৱৰ একাংশ লোকে টেংকীটোৰ পৰা গোটেই পানীখিনি উলিয়াই টেংকীটো চাফা কৰি পেলালে (Dalit woman controversy) ৷

ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ লগে লগে চামৰাজনগৰ তহচিলদাৰ বাসৱৰাজুৱে আন প্ৰশাসনিক বিষয়া আৰু আৰক্ষী বিষয়াৰ সৈতে সেই স্থানত উপস্থিত হৈ এই ঘটনাক লৈ গাঁওবাসীৰ সৈতে এক বৈঠকত মিলিত হয় ৷ গাঁওখনৰ যুৱক-যুৱতীসকলৰ পৰা এই ঘটনাৰ বিৰুদ্ধে এজাহাৰ লাভ কৰাৰ পিছতে তালুক প্ৰশাসনে মহিলাগৰাকীৰ সন্ধান উলিয়াবলৈ সিদ্ধান্ত লৈছে । সেই মহিলাগৰাকীয়ে অভিযোগ দাখিল কৰাৰ পিছত প্ৰশাসনে আইনী ব্যৱস্থা গ্ৰহণ কৰিব ।

আনহাতে, সভাৰ অন্তত তাহচিলদাৰ বাসৱৰাজুৱে গাঁৱৰ আটাইকেইটা টেংকলৈ গৈ দলিত যুৱকক পানী খাবলৈ দিয়ে । ইয়াৰ উপৰিও তেওঁ টেংকবোৰত লিখিব নিৰ্দেশ দিয়ে যে, ‘‘এয়া ৰাজহুৱা সম্পত্তি আৰু সকলো সমাজে ব্যৱহাৰ কৰিব পাৰে’’ । দেশৰ ৰাষ্ট্ৰপতিৰ পদত এগৰাকী জনজাতীয় মহিলা অধিষ্ঠিত হ’ল ৷ সংবিধান প্ৰণেতা ড৹ আম্বেদকাৰেও দলিতৰ বিৰুদ্ধে চলা এনে অন্যায়ৰ বিৰুদ্ধে আজীৱন মাত মাতিছিল ৷ পিচে বৰ্তমানেও সমাজৰ পৰা এনে কুসংস্কাৰ নিৰ্মূল নোহোৱাতো অতিকৈ লজ্জাজনক ৷

লগতে পঢ়ক: Gangrape in Rajasthan: তিনি BSF জোৱানৰ লগতে মুঠ 5 পাষণ্ডৰ কামনাৰ বলি যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.