Offbeat Destination: গ্ৰীষ্মকালত শীতকালৰ অনুভৱ ল'ব বিচাৰিছে নেকি ? তেন্তে ভ্ৰমণৰ বাবে উত্তম মানালিৰ এইসমূহ স্থান

author img

By

Published : Apr 24, 2023, 8:41 PM IST

Want to spend the perfect vacation in summer, then visit these hidden destinations of Manali

গ্ৰীষ্মকালৰ ছুটী কটাবলৈ বহুলোকে প্ৰায়েই খেলি-মেলিত পৰা দেখা যায় ৷ সেয়ে আমি আপোনালোকৰ লৈ আহিছো মানালিৰ কিছু বিশেষ গন্তব্যস্থান যাক গ্ৰীষ্মকালত আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে সময় কটোৱা স্থানৰ বিকল্প হিচাপে ৰাখিব পাৰে ৷

গ্ৰীষ্মকালত বহু লোকে প্ৰায়ে পাহাৰলৈ গৈ ছুটী কটাবলৈ ভাল পায় । যদি আপুনি গ্ৰীষ্মকালত মানালিলৈ যোৱাৰ পৰিকল্পনা কৰিছে ৷ তেন্তে আজি আমি আপোনাক মানালিৰ কিছুমান লুকাই থকা গন্তব্যস্থানৰ বিষয়ে ক’বলৈ ওলাইছো য’ত আপুনি আপোনাৰ গ্ৰীষ্মকালীন ছুটী কটাব পাৰে (What are the remote places around Manali)।

মালনা

মানালিৰ পৰা কেইকিলোমিটাৰমান দূৰত পাৰ্বতী উপত্যকাত অৱস্থিত এই সুন্দৰ গাঁওখন । যদি আপুনি এজন প্ৰকৃতিপ্ৰেমী আৰু পাহাৰত কিছু জিৰণি ল’ব বিচাৰে, তেন্তে এই ঠাইখন আপোনাৰ বাবে একেবাৰে উপযুক্ত হ’ব । ইয়াত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব (How many places to visit in Manali) ৷

হামতা

মনোমোহা মানালি চহৰৰ পৰা ১২ কিলোমিটাৰ দূৰত্বত অৱস্থিত হামটা এখন সৰু গাঁও, মানচিত্ৰৰ সহায়ত বিচাৰি উলিওৱাটো যথেষ্ট কষ্টকৰ । এই অতি সুন্দৰ ঠাইখনত থকা উপত্যকাত নিৰ্মাণ কৰা কাঠৰ ঘৰবোৰে আপোনাৰ হৃদয় জয় কৰিব । লগতে ইয়াৰ সেউজীয়াই আপোনাৰ মনটোক প্ৰশান্তি অনুভৱ কৰাব । এই ঠাইখনক হামটা পাছ ট্ৰেক বুলিও কোৱা হয় ।

খীৰগংগা

পাৰ্বতী উপত্যকাত অৱস্থিত খীৰগংগা গৰম পানীৰ উৎসৰ বাবে সুপৰিচিত । মানালিৰ পৰা মাত্ৰ ৯৫ কিলোমিটাৰ দূৰত্বত থকা এই ঠাইখনলৈ যাবলৈও হয়তো খোজকাঢ়ি ১১ কিলোমিটাৰ যাত্ৰা কৰিব লাগিব । অৱশ্যে দীঘলীয়া যাত্ৰাৰ অন্তত ইয়াত উপস্থিত হোৱাৰ পিচত পাহাৰ আৰু ধুনীয়া উপত্যকাবোৰে আপোনাৰ সকলো ভাগৰ আঁতৰাই পেলাব ৷

অৰ্জুন গুহা

মানালিৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত অৰ্জুন গুহা পৰ্যটকৰ মাজত অতি জনপ্ৰিয় পৰ্যটন স্থান । ব্যাস নদীৰ ওচৰত অৱস্থিত এই গুহাটোৰ নাম মহাভাৰতৰ চৰিত্ৰ অৰ্জুনৰ লগত জড়িত । বিশেষ কথাটো হ’ল মানালিৰ অতি ওচৰত থকাৰ বাবে ইয়াত অতি সহজে উপস্থিত হ’ব পাৰি ।

সজলা

মানালিৰ পৰা মুঠ ২৮ কিলোমিটাৰ দূৰত্বত থকা সজলা অতি সুন্দৰ ঠাই । বিষ্ণু মন্দিৰ আৰু জলপ্ৰপাত চাবলৈ ইয়ালৈ মানুহ আহে । সুন্দৰ দৃশ্যৰে ভৰা এই ঠাইখনত ট্ৰেকিংও উপভোগ কৰিব পাৰি । ইয়াত উপস্থিত হোৱাৰ সময়ত বাটত ঘন অৰণ্যবোৰো দেখা পাব ।

লগতে পঢ়ক: How To Use Garlic Peel: এইবাৰৰ পৰা নহৰুৰ বাকলি ডাষ্টবিনত পেলাই দিয়াৰ পূৰ্বে জানি লওক ইয়াৰ লাভালাভসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.