60 গৰাকী ছাত্ৰীৰ স্নান কৰি থকা ভিডিঅ’ ভাইৰেল: 8 ছাত্ৰীৰ আত্মহননৰ চেষ্টা

author img

By

Published : Sep 18, 2022, 11:34 AM IST

Video of 60 female students of Chandigarh University taking a bath went viral

চণ্ডীগড় বিশ্ববিদ্যালয়ত ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Chandigarh University viral video)৷ বিশ্ববিদ্যালয়ৰ ছাত্ৰী হোষ্টেলত স্নান কৰি থকা ছাত্ৰীৰ ভিডিঅ’ ভাইৰেল হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (60 female students of Chandigarh University went viral)৷

নেশ্যনেল ডেস্ক, 18 ছেপ্টেম্বৰ: নাৰীয়ে নাৰীৰ শত্ৰু, এই আপ্তবাক্যশাৰী পুনৰ যেন প্ৰমান হ’ল চণ্ডীগড়ত ৷ চণ্ডীগড় বিশ্ববিদ্যালয়ত ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Chandigarh University viral video)৷ বিশ্ববিদ্যালয়ৰ ছাত্ৰী হোষ্টেলত স্নান কৰি থকা ছাত্ৰীৰ ভিডিঅ’ ভাইৰেল হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (60 female students of Chandigarh University went viral)৷

60 গৰাকী ছাত্ৰীৰ স্নান কৰি থকা ভিডিঅ’ ভাইৰেল

জানিব পৰামতে শনিবাৰে নিশা চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী হোষ্টেলৰ বাথৰূমৰ ভিতৰৰ পৰা ভিডিঅ' বনোৱাৰ সময়ত এগৰাকী ছাত্ৰী হাতে-লোটে ধৰা পৰে ৷ ছাত্ৰীগৰাকীয়ে কেবাদিনো ধৰি এনেদৰে হোষ্টেলৰ বাথৰূমৰ ভিতৰত স্নান কৰি থকা সহপাঠীৰ ভিডিঅ' ৰেকৰ্ড কৰি চিমলাৰ এগৰাকী বন্ধুলৈ প্ৰেৰণ কৰাৰ লগতে সামাজিক মাধ্যমত পোষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈছে (Video viral on social media)৷ এই ঘটনাৰ পিছতে ছাত্ৰীসকলে নিশা বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে হোষ্টেলৰ চৌহদত উত্তেজনাৰ সৃষ্টি কৰে ৷

আনকি এই ঘটনাৰ পিছতে হোষ্টেলৰ 8 গৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰিবলৈ চেষ্টা কৰে (suicide attempt by 8 students)৷ লগে লগে ছাত্ৰীকেইগৰাকীক হাস্পতালত ভৰ্তি কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ ক্ষুব্ধ ছাত্ৰীসকলে বিশ্ববিদ্যালয় চৌহদত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিশ্ববিদ্যালয় প্ৰশাসনৰ বিৰুদ্ধে গৰজি উঠে ৷

এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে হোষ্টেল চৌহদত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও উত্তপ্ত ছাত্ৰীসকলে আৰক্ষীক প্ৰৱেশৰ বাবে বাধা দিয়াৰ লগতে আৰক্ষীৰ বাহন ভাঙি চুৰমাৰ কৰে ৷ এই প্ৰতিবাদৰ সময়তে এগৰাকী ছাত্ৰী অজ্ঞান হৈ পৰে ৷ ছাত্ৰীগৰাকীক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি ভিডিঅ’ প্ৰেৰণ কৰা ছাত্ৰীগৰাকীক আটক কৰিবলৈ সক্ষম হয় ৷ ভিডিঅ'টো প্ৰেৰণ কৰা ছাত্ৰীগৰাকী আৰু ভাইৰেল কৰা তাইৰ বন্ধু দুয়োৰে ঘৰ হিমাচল প্ৰদেশত ৷ আৰক্ষীয়ে ভিডিঅ'টো প্ৰেৰণ কৰা ছাত্ৰজনকো আটক কৰিছে ।

আৰক্ষীয়ে কয় যে এই ঘটনা সন্দৰ্ভত অনুসন্ধান কৰিছে আৰু এই ভিডিঅ'টো কিয় প্ৰেৰণ কৰা হৈছিল জানিবলৈ ছাত্ৰীগৰাকীক সোধ পোছ কৰি আছে ৷

লগতে পঢ়ক: হিজাব পৰিধান নকৰাৰ অভিযোগ: আৰক্ষীৰ জিম্মাত মৃত্যু 22 বছৰীয়া যুৱতীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.