Woman found alive after murdered by husband: সুদীৰ্ঘ 13 বছৰৰ অন্তত জী উঠিল মৃত মহিলা

author img

By

Published : Aug 1, 2022, 1:23 PM IST

UP woman murdered by husband, now found alive

আমি সততে মৃত লোকক জী উঠাৰ কথা সাধু কথাতহে শুনিছো ৷ কিন্তু এইয়া সম্ভৱ হৈছে বাস্তৱতো ৷ সুদীৰ্ঘ 13 বছৰৰ অন্তত জী উঠিল স্বামীয়ে হত্যা কৰা এগৰাকী মহিলা (Woman murdered by husband)৷

নেশ্যনেল ডেস্ক, 1 আগষ্ট: আজৱ দেশৰ গজৱ কাণ্ড ৷ আমি সততে মৃত লোকক জী উঠাৰ কথা সাধু কথাতহে শুনিছো ৷ কিন্তু এইয়া সম্ভৱ হৈছে বাস্তৱতো ৷ সুদীৰ্ঘ 13 বছৰৰ অন্তত জী উঠিল স্বামীয়ে হত্যা কৰা এগৰাকী মহিলা (Woman murdered by husband)৷

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত ৷ জামাপুৰ গাঁৱৰ বাসিন্দা কান্ধাই 2006 চনত ৰামৱতী নামৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৷ বিবাহৰ প্ৰায় 3 বছৰৰ পিছতে 2009 চনত মহিলাগৰাকী ৰহস্যজনকভাৱে নিৰুদ্দেশ হয় ৷ তাৰ পিছতে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে স্বামী কান্ধাইৰ বিৰুদ্ধে অপহৰণ আৰু হত্যাৰ গোচৰ ৰুজু কৰিছিল (Murder case in UP)৷

এই গোচৰৰ ভিত্তিত 2017 চনত আদালতে কান্ধাইক 10 বছৰৰ কাৰাদণ্ড বিহিছিল ৷ পৰৱৰ্তী সময়ত কান্ধায়ে উচ্চ ন্যায়ালয়ত কৰা আবেদনৰ ভিত্তিত ছয় মাহ কাৰাবাস খটাৰ পিছত জামিন লাভ কৰিছিল ৷

এতিয়া সুদীৰ্ঘ 13 বছৰৰ পিছত হঠাৎ আবিভাৰ্ৱ হ’ল ৰামাৱতীৰ ৷ মহিলাগৰাকীৰ এগৰাকী আত্মীয়ই শনিবাৰে ৰামাৱতীক তেওঁৰ ভায়েকৰ ঘৰত দেখি স্বামী আৰু আৰক্ষীক খবৰ দিয়ে ।

এই খবৰ লাভ কৰাৰ পিছতে আজি অৰ্থাৎ সোমবাৰে আদালতত ৰামাৱতীক হাজিৰ কৰিবলৈ নিৰ্দেশনা দিয়ে আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত পুনৰ এই গোচৰটোৰ সন্দৰ্ভত তদন্ত কৰা হ’ব বুলি আৰক্ষীয়ে জনায় ৷

লগতে পঢ়ক: 6 yr old girl complains to PM Modi: আপুনি মোৰ পেঞ্চিল, ৰবৰ আৰু মেগীৰ দাম বৃদ্ধি কৰিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.