UP police raid against Mafia Atiq Ahmed : আতিক আহমেদৰ ১২৩ কোটি টকাৰ সম্পত্তি জব্দ

author img

By

Published : Nov 24, 2022, 2:14 PM IST

UP police raid against Mafia Atiq Ahmed

ৰাজনৈতিক নেতা তথা মাফিয়া আতিক আহমেদৰ বেআইনী সম্পত্তিত আৰক্ষীৰ অভিযান । প্ৰয়াগৰাজৰ ঝুনচি অঞ্চলত ১২৩ কোটি টকাৰো অধিক মূল্যৰ সম্পত্তি জব্দ কৰে আৰক্ষীয়ে (UP police attached property of Atiq Ahmed)। আতিক আহমেদে অপৰাধমূলক কাৰ্যকলাপৰ জৰিয়তে উপাৰ্জন কৰা ধনেৰে ১২৩ কোটি টকাৰো অধিক ভূমি ক্ৰয় কৰিছিল ।

নেশ্যনেল ডেস্ক,২৪ নৱেম্বৰ : মাফিয়া আতিক আহমেদৰ বৃহৎ পৰিমাণৰ সম্পত্তি জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী । আতিক আহমেদৰ বিৰুদ্ধে চলা এক অভিযানত উত্তৰ প্ৰদেশ আৰক্ষীয়ে বুধবাৰে প্ৰয়াগৰাজৰ ঝুনচি অঞ্চলত ১২৩ কোটি টকাৰো অধিক মূল্যৰ সম্পত্তি জব্দ কৰে (UP police attached property of Atiq Ahmed)। ইফালে গেংষ্টাৰ আইনৰ অধীনত আতিক আহমেদৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে (Investigation against mafia Atiq Ahmed)। শীৰ্ষ আৰক্ষী বিষয়াৰ নিৰ্দেশত চলা বুধবাৰৰ এই অভিযানত বিভিন্ন আৰক্ষী থানাৰ লগতে ধুমানগঞ্জৰ বিষয়াসকলে অংশগ্ৰহণ কৰিছিল ।

ইয়াৰ পূৰ্বে, অসৎ উপায়েৰে সম্পত্তি গঢ়াৰ অভিযোগত প্ৰয়াগৰাজৰ উপায়ুক্ত সঞ্জয় কুমাৰ খাত্ৰীয়ে মাফিয়া আতিক আহমেদৰ বিৰুদ্ধে তদন্ত কৰিবলৈ ৰাজহ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিছিল । তদন্তৰ প্ৰতিবেদনৰ ফলাফল দাখিল কৰাৰ পাছত মাফিয়া তথা ৰাজনীতিবিদ আতিক আহমেদৰ সম্পত্তিৰ অবৈধ সম্পত্তি তালিকাভুক্ত কৰা হৈছিল ।

জানিব পৰা মতে অপৰাধমূলক কাৰ্যকলাপৰ জৰিয়তে উপাৰ্জন কৰা ধনেৰে আতিক আহমেদে প্ৰয়াগৰাজৰ ফুলপুৰ আৰু কছাৰী মাছাৰী অঞ্চলত ক্ৰমে ১২৩ কোটি আৰু ৬.৫ কোটি টকাৰ অধিক মূল্যৰ ভূমি আৰু সম্পত্তি ক্ৰয় কৰিছিল ।

আতিক আহমেদৰ প্ৰয়াগৰাজৰ ঝুনচি অঞ্চলৰ হাভেলিয়াত ক্ৰমান্বয়ে ৭৬ কোটি আৰু ৪৭ কোটি টকাৰ ১.৮২৬০ আৰু ১.১৩০০ হেক্টৰৰ দুটুকুৰা বৃহৎ ভূমি আৰু বিভিন্ন সম্পত্তি আৰক্ষীয়ে জব্দ কৰিছে (Atiq Ahmed land assets seized in Havelia)। ইয়াৰ উপৰিও কছাৰী মাছাৰী অঞ্চলত আৰক্ষীয়ে আতিকৰ তৃতীয়টো অবৈধ সম্পত্তি জব্দ কৰিছে । কছাৰী মাছাৰী অঞ্চলত জব্দ কৰা ভূমিৰ পৰিমাণ ০.১৩২০ হেক্টৰ হ'ব বুলি জানিব পৰা গৈছে, যাৰ মূল্য ৬ কোটিত কৈও অধিক হ'ব ।

আৰক্ষী অধীক্ষক সন্তোষ কুমাৰ মীনাই সাংবাদিকক জনোৱা মতে আতিক আহমেদে অপৰাধমূলক কাৰ্যকলাপৰ জৰিয়তে উপাৰ্জন কৰা ধনেৰে ১২৩ কোটি টকাৰো অধিক ১৩ বিঘা ভূমি ক্ৰয় কৰিছিল । গংগা নৈৰ পাৰত উৰ্বৰ ভূমি ক্ৰয় কৰিছিল আতিকে । ইফালে ইয়াৰ পূৰ্বে মাফিয়া তথা ৰাজনৈতিক নেতা আতকি আহমেদ কেইবা শ কোটি টকাৰ সম্পত্তি জব্দ কৰিছিল আৰক্ষীয়ে ।

লগতে পঢ়ক :Son Killed Mother: এটা ম’বাইলৰ বাবেই মৰিয়াই মৰিয়াই মাতৃক হত্যা পুত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.