Mass marriage in Ghaziabad: একেলগে সম্পন্ন হ’ল 3003 খন সামূহিক বিবাহ

author img

By

Published : Nov 25, 2022, 8:37 AM IST

Mass marriage in Ghaziabad

এখন নহয় দুখন নহয় । একেলগে 3003 খন বিবাহ । এই বিৰল দৃশ্যপটৰ সাক্ষী হ’ল উত্তৰ প্ৰদেশৰ গাজিয়াবাদ । আয়তীৰ উৰুলি-পুৰোহিতৰ মন্ত্ৰধ্বনিৰে মুখৰিত গাজিয়াবাদৰ আকাশ বতাহ (Social marriage program in Ghaziabad) ৷

নেশ্যনেল ডেস্ক, 25 নৱেম্বৰ : বিবাহ, এটা সামাজিক বন্ধন ৷ য’ত দুজন ব্যক্তিয়ে সামাজিকভাৱে উৰে জীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ বিবাহ সকলোৰে জীৱনৰ বাবে এটা বিশেষ আৰু গুৰুত্বপূৰ্ণ দিন ৷

আজি আমি ক’বলৈ লৈছো এনে এখন বিশেষ ৰভাতলিৰ কথা, য’ত পুৱাৰে পৰা সকলোৱে কৰি গৈছে নিজৰ কাম ৷ অ’ ৰ’ৱ, এই বিশেষ ৰভাতলিত পিছে এযোৰ কইনা-দৰা নহয়, মুঠ 3003 যোৰ কইনা-দৰাই গিজগিজাই আছে ৷ এই বিশেষ বিবাহ অনুষ্ঠানটো হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ (Mass marriage of 3003 couples in Ghaziabad) ৷

সমাজত সৰ্বধৰ্মীয় সমতা আৰু সামাজিক সম্প্ৰীতিৰ প্ৰসাৰৰ উদ্দেশ্যে উত্তৰ প্ৰদেশ চৰকাৰে হাতত লৈছিল এক সামূহিক বিবাহ আঁচনিৰ । এই আঁচনিৰ অধীনত বিভিন্ন সম্প্ৰদায়ৰ ৰীতি-নীতি অনুসৰি বিবাহ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় (Social marriage program in Ghaziabad)। লক্ষ্য মাথো এটাই, দৰিদ্ৰ পৰিয়ালৰ ৰাইজক আৰ্থিক সাহায্য প্ৰদান কৰা ।

এই আঁচনিৰ অধীনতে বৃহস্পতিবাৰে গাজিয়াবাদৰ কমলা নেহৰু পাৰ্কত অনুষ্ঠিত হয় গাজিয়াবাদ, হাপুৰ আৰু বুলন্দশহৰৰ 3003 টা দম্পত্তিৰ গণ বিবাহ অনুষ্ঠান । এই গণ বিবাহ কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ শ্ৰম মন্ত্ৰী অনিল ৰাজভৰ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জেনেৰেল ভি কে সিঙকে ধৰি বহুকেইগৰাকী জনপ্ৰতিনিধি উপস্থিত থাকে ৷

উল্লেখ্য যে, এই গণ বিবাহ কাৰ্যসূচীত গাজিয়াবাদৰ 1654 টা, হাপুৰৰ 794 টা আৰু বুলন্দশ্বহৰৰ 555 টা দম্পত্তিয়ে অংশ লয় । ইয়াৰে 1850 টা হিন্দু সম্প্ৰদায়, 1147 টা মুছলমান সম্প্ৰদায়, 3 বৌদ্ধ আৰু 3 শিখ সম্প্ৰদায়ৰ দৰা-কইনা আছিল । সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত শ্ৰম মন্ত্ৰী অনিল ৰাজভৰে (UP Labor Minister Anil Rajbhar) কয় যে, দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সহযোগত আয়োজন কৰা হৈছে এই বিবাহ কাৰ্যসূচীৰ ৷ লক্ষ্য দৰিদ্ৰ লোকসকলক সহায় কৰা ৷

লগতে শ্ৰমমন্ত্ৰীগৰাকীয়ে কয়, ‘‘কন্যাদানক বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু পবিত্ৰ দান হিচাপে গণ্য কৰা হয় । যিজনে দুখীয়াৰ দুখ-কষ্ট দেখিছে, তেওঁহে তেওঁলোকৰ সুখ-দুখত লগত থাকে ৷ চৰকাৰে আগ বঢ়োৱা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ সুবিধা যাতে আৰ্তজনৰ মাজলৈও বিস্তাৰ কৰিব পৰা যায়, তাৰ বাবে শ্ৰমিকসকলক চৰকাৰৰ আঁচনিসমূহৰ সৈতে সংযুক্ত কৰা হৈছে’’ (Anil Rajbhar conducted mass marriage)।

গণ বিবাহৰ গুৰুত্বৰ বিষয়ে বৰ্ণনা কৰি তেওঁ কয় যে, এই ধৰণৰ অনুষ্ঠানত কোনো যৌতুক বা আন কোনো আৰ্থিক লেনদেনৰ প্ৰক্ৰিয়া নাথাকে । ইয়াৰ লগতে সমাজত প্ৰচলিত গতানুগতিক পৰম্পৰাক ৰোধ কৰাত গণবিবাহ ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে । য'ত সকলো ধৰ্ম আৰু পন্থাৰ বিবাহ এখন চালিৰ তলত পৰিচালিত হয় ৷ যাৰ বাবে সমাজত সম্প্ৰীতিৰ উদয় হয় ৷

তেওঁ আৰু কয় যে, গণ বিবাহ অনুষ্ঠানটো কেৱল এক পৰিকল্পনাহে । ইয়াৰ বাহিৰেও শ্ৰম বিভাগৰ এনে বহু আঁচনি আছে ৷ যাৰ পৰা শ্ৰমিকসকল উপকৃত হৈছে । শ্ৰম বিভাগৰ দ্বাৰা ইমান বৃহৎ পৰিসৰত 3003 টা দম্পত্তিৰ গণ বিবাহ চৰকাৰে আৰ্তজনৰ বাবে কাম কৰি থকাৰ প্ৰতীক । ৰাজ্য চৰকাৰে প্ৰতিটো শ্ৰেণীৰ ব্যক্তিৰ বিশেষ যত্ন লৈছে ।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড৹ জেনেৰেল ভি কে সিঙে কয় যে, ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত মুখ্যমন্ত্ৰীৰ সামূহিক বিবাহ আঁচনিখন অতি গুৰুত্বপূৰ্ণ আঁচনি । এই কাৰ্যসূচীৰ অধীনত গাজিয়াবাদত 3003 টা দম্পত্তিৰ বিবাহ সম্পন্ন হৈছে । গণ বিবাহ আঁচনিখনত যি খৰচ হৈছে, সেয়া সকলো বহন কৰিছে শ্ৰম বিভাগে ৷

যাৰ অধীনত বিবাহিত দম্পত্তিৰ সাজ-পোছাকৰ বাবে 10,000 আৰু 65,000 টকা পোনপটীয়াকৈ বিবাহিত দম্পত্তিৰ একাউণ্টত যায় ৷ যাতে তেওঁলোকে নিজৰ প্ৰয়োজন অনুসৰি বিবাহৰ বাবে সামগ্ৰী ক্ৰয় কৰিব পাৰে ৷

লগতে পঢ়ক : Community marriage: লখিমপুৰত এহেজাৰ দম্পতীৰ সামূহিক বিবাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.