Budget Session of parliament 2023 : নতুন সংসদ ভৱনতে হ'ব নেকি বাজেট অধিৱেশন ?

author img

By

Published : Jan 20, 2023, 12:39 PM IST

Budget

চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা ভাৰতৰ নতুন সংসদ ভৱনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে । কোনো কাৰিকৰী সমস্যা নহ'লে ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেট এই নতুন সংসদ ভৱনতে উত্থাপন কৰা হ'ব (2023 Budget session in new parliament house)। কাৰিকৰী সমস্যা হ'লে বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায় নতুন সংসদ ভৱনত হ'ব । বাজেট অধিৱেশন প্ৰস্তুতি তুংগত উঠিছে ।

নেশ্যনেল ডেস্ক,২০ জানুৱাৰী : ভাৰতৰ নৱনিৰ্মিত সংসদ ভৱনত ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন হ'ব (Budget may be presented in new parliament house)। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰীত নতুন সংসদ ভৱনত ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰাৰ সম্ভাৱনা আছে (Union Budget 2023)। এই বছৰৰ বাজেট উত্থাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ ৰূপত চলি আছে ।

সূত্ৰৰ মতে, নতুন সংসদ ভৱনটোৰ নিৰ্মাণ কাৰ্যও প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে আৰু জানুৱাৰীৰ শেষৰ ফালে ই ব্যৱহাৰৰ বাবে সাজু হ'ব বুলি আশা কৰা হৈছে (India new parliament house)। সেয়েহে, নতুন সংসদ ভৱনতে অনুষ্ঠিত হ'বলগীয়া আগন্তুক বাজেট অধিৱেশনৰ প্ৰস্তুতিও আৰম্ভ হৈছে । এতিয়ালৈ এই কথা চূড়ান্ত হোৱা নাই যদিও লোকসভা সচিবালয়ে নতুন সংসদ ভৱনত প্ৰৱেশ কৰিবলৈ বিভিন্ন দলৰ সাংসদসকলৰ বাবে নতুন পৰিচয় পত্ৰ প্ৰস্তুত কৰা কাম আৰম্ভ কৰিছে ।

উল্লেখ্য যে ২০২৩-২৪ বৰ্ষৰ বাজেট অধিৱেশন ৩১ জানুৱাৰীৰ পৰা ৬ এপ্ৰিললৈ চলিব (Budget Session of parliament)। অৱশ্যে ১৪ ফেব্ৰুৱাৰীৰ পৰা ১২ মাৰ্চলৈ অধিৱেশনৰ মাজত বিৰতি থাকিব । পৰম্পৰা অনুসৰি, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বাজেট অধিৱেশনৰ প্ৰথম দিনা অৰ্থাৎ ৩১ জানুৱাৰীত সংসদৰ দুয়োখন সদনৰ যুটীয়া বৈঠকত ভাষণ প্ৰদান কৰিব । ১ ফেব্ৰুৱাৰীত, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰিব ।

সূত্ৰৰ মতে, সংসদ ভৱনৰ নতুন ভৱনত ৰাষ্ট্ৰপতিৰ ভাষণ আৰু কেন্দ্ৰীয় বাজেট দুয়োটা আয়োজন কৰিবলৈ চেষ্টা অব্যাহত ৰখা হৈছে । প্ৰয়োজনত অধিৱেশনৰ বাকী দিনবোৰৰ কাৰ্যসূচী নতুন সদনৰ পৰা পুৰণি সংসদ ভৱনলৈ স্থানান্তৰ কৰা হ'ব পাৰে (2023 Budget session preparation)।

সূত্ৰই উল্লেখ কৰা মতে বৰ্তমানৰ সংসদ ভৱন আৰু নতুন সংসদ ভৱনৰ মাজৰ বেৰখনো ভাঙি দিয়া হৈছে । নতুন সংসদ ভৱনৰ বাহ্যিক সজ্জাৰ কাম আৰম্ভ হৈছে । যদি কোনো কাৰিকৰী সমস্যা নাথাকে, তেন্তে এইবাৰ নতুন সংসদ ভৱনৰ পৰা বাজেট অধিৱেশন আৰম্ভ কৰিব পাৰে । যদি কাৰিকৰী ত্ৰুটিৰ বাবে এয়া সম্ভৱ নহয়, তেন্তে নতুন সংসদ ভৱনত বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায় অনুষ্ঠিত কৰাৰ প্ৰচেষ্টা কৰা হ'ব ।

লগতে পঢ়ক :Sri Krishna Janmabhoomi Case : বিতৰ্কিত ভূমি সন্দৰ্ভত আজি গুৰুত্বপূৰ্ণ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.