ভাৰতত প্ৰথমবাৰৰ বাবে কেৰালাৰ চিকিৎসালয়ত দুগৰাকী লোকৰ সফল হাত সংৰোপণ

author img

By

Published : Sep 18, 2022, 10:43 AM IST

Two men get hand transplant at hospital in Kerala

দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ হাত সংৰোপণ কৰি এক বিৰল কৃতিত্ব অৰ্জন কৰিছে কেৰালাৰ এখন ব্যক্তিগত চিকিৎসালয়ে(Two men get hand transplant at hospital)৷

নেশ্যনেল ডেস্ক, 18 ছেপ্টেম্বৰ: দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ হাত সংৰোপণ কৰি এক বিৰল কৃতিত্ব অৰ্জন কৰিছে কেৰালাৰ এখন ব্যক্তিগত চিকিৎসালয়ে (Two men get hand transplant at hospital)৷ কৰ্ণাটক আৰু ইৰাণৰ দুজনকৈ ৰোগীয়ে বিদ্যুৎস্পৃষ্ট হৈ দুয়োখন হাত হেৰুৱাইছিল ৷ ইয়াৰ পিছতে কেৰালাৰ অমৃতা চিকিৎসালয়ত সফলতাৰে দুয়োগৰাকী ৰোগীৰ দুয়োখন হাত সংৰোপণ কৰায় ( hand transplant at hospital in Kerala)৷ ৰোগী দুগৰাকীৰ নাম হৈছে অমৰেশ (25) আৰু ইউচিফান ছাইদ আল জুৱাইনি(29)৷ মন কৰিবলগীয়া যে কেৰালাত পথ দুৰ্ঘটনাৰ বলি হোৱা লোকসকলে দান কৰা হাত-ভৰিসমূহ সংগ্ৰহ কৰি এইসকল ৰোগীক সংৰোপণ কৰা হয় ৷

এক বিবৃতিযোগে চিকিৎসকে কয় যে, অমৰেশ নামৰ যুৱকগৰাকীক বিনোদ নামৰ এজন 54 বছৰীয়া লোকৰ হাত লগাই দিয়া হৈছিল ৷ বিনোদ উপসাগৰীয় দেশত কৰ্মসূত্ৰে আছিল ৷ তেঁও কামৰ পৰা ঘৰলৈ উভতি আহি থকাৰ সময়তে তেওঁ চলাই অহা মটৰ চাইকেল আৰু ব্যক্তিগত যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ হয় ৷ এই দুৰ্ঘটনাত বিনোদ নামৰ লোকজনে মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৷ লগে লগে বিনোদক তিৰুৱন্তপুৰমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ চিকিৎসকে বিনোদক বচাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল যদিও দুৰ্ভাগ্যবশতঃ তেওঁক বচাব পৰা নগ’ল ৷ 2022 চনৰ 8 জানুৱাৰীত চিকিৎসকে বিনোদক মৃত ঘোষণা কৰিছিল ৷

ভাৰতত প্ৰথমবাৰৰ বাবে কেৰালাৰ চিকিৎসালয়ত দুগৰাকী লোকৰ সফল হাত সংৰোপণ

বিনোদৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালে হাত-ভৰিকে ধৰি শৰীৰৰ অংগসমূহ চিকিৎসালয়খনত দান কৰে ৷ ইফালে 2017 চনত এডাল চাৰ্জড বৈদ্যুতিক কেব’ল মেৰামতি কৰি থাকোতে বৈদ্যুতিক শ্ব'কৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল অমৰেশ ৷ ততাতৈয়াকৈ অমৰেশক এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল ৷ চিকিৎসকে অমৰেশৰ প্ৰাণ ৰক্ষা কৰিবলৈ তেঁওৰ দুয়োখন হাত কাটি পেলাব লগা হয় ৷ অমৰেশৰ সোঁ-হাতৰ কিলাকুটিৰ আৰু লগতে বাওঁ-হাতখন কান্ধৰ পৰা সম্পূৰ্ণ কাটি পেলাব লগা হৈছিল ৷

এই ঘটনাৰ পিছত অমৰেশে অমৃতা চিকিৎসালয়ত হাত সংৰোপণৰ বাবে এটা অংগ সংৰোপনৰ দলৰ লগত যোগাযোগ কৰিছিল ৷ তাৰ পিছতেই 2018 চনৰ ছেপ্টেম্বৰত দলটোৰ তত্বাৱধানত অংগ প্ৰাপ্তকৰ্তা হিচাপে কেৰালা নেটৱৰ্ক ফৰ অৰ্গান শ্বেয়াৰিং (কেএনওএছ)ত পঞ্জীয়ন কৰিছিল ৷ 2022 চনৰ 5 জানুৱাৰীত অমৃতা চিকিৎসালয়ত বিনোদে দান কৰা এজোৰ হাতৰ সহায়ত শল্য চিকিৎসক ডাঃ সুব্ৰমনিয়া আয়াৰ আৰু ডাঃ মোহিত শৰ্মাসহ 20 গৰাকী শল্য চিকিৎসক আৰু 10 গৰাকী এনাস্থেটিষ্টৰ এটা দলৰ মাৰাথন অস্ত্ৰোপচাৰত অমৰেশৰ দুয়োখন হাত হাত সফলতাৰে সংৰোপণ কৰিবলৈ সক্ষম হয় ৷

চিকিৎসালয়খনৰ প্লাষ্টিক আৰু পুনৰ্গঠনমূলক অস্ত্ৰোপচাৰ কেন্দ্ৰৰ অধ্যাপক আৰু মুৰব্বী ডাঃ আয়াৰে (Centre for Plastic and Reconstructive Surgery at the Amrita Hospital) কৈছিল যে এইটো এটা অতি জটিল অস্ত্ৰোপচাৰ ৷

লগতে তেওঁ কয়- "এখন সম্পূৰ্ণ হাত সংৰোপন কৰাটো অতিকৈ জটিল আৰু সংবেদনশীল অস্ত্ৰোপচাৰ ৷ এইটো পৃথিৱীৰ ভিতৰত তৃতীয়টো জটিল অস্ত্ৰোপচাৰ ৷ হাত সংৰোপণ যথেষ্ট প্ৰত্যাহ্বানজনক ৷ কান্ধ-স্তৰৰ সংৰোপণত বহুতো কাৰিকৰী সমস্যা আছে, বিশেষকৈ দান কৰা ওপৰৰ অংগটো প্ৰাপ্তকৰ্তাগৰাকীৰ কান্ধৰ লগত জোৰা লগোৱাতো অতিকৈ কঠিন ৷ অমৰেশৰ এই অস্ত্ৰোপচাৰ সফল হ’ল ৷ শৰীৰৰ ওপৰৰ অংগলৈ ৰক্ত সৰবৰাহৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল যদিও পৰৱৰ্তী সময়ত আমি দুটা প্ৰক্ৰিয়াৰে এই সমস্যা সমাধান কৰিব পাৰিম ৷" অস্ত্ৰোপচাৰৰ তিনি সপ্তাহৰ পিছত অমৰেশক চিকিৎসালয়ৰ পৰা ডিচচাৰ্জ কৰা হৈছিল বুলি চিকিৎসালয়খনৰ চিকিৎসকে জানিবলৈ দিয়ে ৷

ইফালে,2019 চনত বাগদাদৰ এগৰাকী আভ্যন্তৰীণ নিৰ্মাণ কৰ্মী ইউচিফ হাছানে কাম কৰি থকা অৱস্থাত দেৱাল খহি পৰাত এখ দুৰ্ঘটনাত পতিত হৈছিল ৷ দেৱালখনত ড্ৰিলাৰ মেচিন ব্যৱহাৰ কৰি থকাৰ সময়ত হাই-ভল্টেজ বৈদ্যুতিক কেব’লৰ সংস্পৰ্শলৈ অহাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল হাছান ৷ দুই সন্তানৰ পিতৃ আছিল হাছান ৷ লগে লগে তেওঁক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল ৷ ইয়াৰ পিছত চিকিৎসকসকলে তেওঁৰ জীৱন বচাবলৈ কিলাকুটিৰ পৰা দুয়োখন হাত কাটিব লগা হৈছিল ৷

দুৰ্ঘটনাটোৰ ছয় মাহ পিছত ইউচিফে হাত সংৰোপণ প্ৰক্ৰিয়াৰ বিষয়ে অধিক জানিবলৈ কোচিৰ অমৃতা চিকিৎসালয়লৈ আহিছিল ৷ 2021 চনৰ জুলাই মাহত হাছানে নিজৰ নাম এগৰাকী অংগ প্ৰাপ্তকৰ্তা হিচাপে কেএনঅ'এছ নামৰ কেৰালা অৰ্গেন শ্বেয়াৰিং ৰেজিষ্ট্ৰীত পঞ্জীয়ন কৰিছিল ৷

আলাপুঝাৰ এম্বিলি নামৰ এগৰাকী ৩৯ বছৰীয়া মহিলা দুৰ্ঘটনাত পতিত হয় আৰু তেওঁক ততাতৈয়াকৈ অমৃতা চিকিৎসালয়লৈ লৈ যোৱা হৈছিল ৷ তাৰ পিছতে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷ ইয়াৰ পিছতে তেঁওৰ পৰিয়ালে প্ৰয়োজন লোকসকলৰ বাবে মহিলাগৰাকীৰ হাতসহ তাইৰ অংগ দান কৰিবলৈ সহমত পোষণ কৰিছিল ৷

2022 চনৰ 2 ফেব্ৰুৱাৰীত অমৃতা চিকিৎসালয়ত ডাঃ আয়াৰ আৰু ডাঃ শৰ্মাৰ নেতৃত্বত 16 ঘণ্টাৰ অস্ত্ৰোপচাৰত এম্বিলিৰ হাত দুখন ইউচিফৰ সৈতে সফলতাৰে সংৰোপণ কৰা হৈছিল ৷ ইয়াৰ তিনি সপ্তাহৰ পিছত ইউচিফক চিকিৎসালয়ৰ পৰা ডিচাৰ্জ কৰা হৈছিল ৷

অমৃতা চিকিৎসালয়ত ডাঃ আয়াৰৰ নেতৃত্বত অস্ত্ৰোপচাৰ দলৰ সৈতে জানুৱাৰী 2015 চনত এজন 30 বছৰীয়া মনুৰ নামৰ এজন ব্যক্তিৰ প্ৰথমবাৰৰ বাবে হাত সংৰোপণন কৰিছিল ৷ শেহতীয়া এই দুটা অস্ত্ৰোপচাৰৰ সৈতে চিকিৎসালয়খনত এতিয়ালৈ মুঠ 11 জন ৰোগীয়ে হাত সংৰোপণ কৰিছে ( 11 patients hand transplants)৷

লগতে পঢ়ক: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰম্ভ হ'ল অস্থি মজ্জা সংৰোপণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.