জম্মু-কাশ্মীৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ দুটা সন্ত্ৰাসবাদী

author img

By

Published : Sep 20, 2022, 6:35 AM IST

Updated : Sep 20, 2022, 7:09 AM IST

two hybrid terrorists of AGuH arrested

কাশ্মীৰৰ অনন্তনাগ জিলাত গ্ৰেপ্তাৰ আনচাৰ ঘাজৱাত উল হিন্দ চমুকৈ AGuH ৰ সদস্য (two hybrid terrorists of AGuH arrested) ৷ দুয়োটা সন্ত্ৰাসবাদীৰ পৰা জব্দ কৰা হৈছে দুটা পিস্তল, দুটা মেগজিন আৰু 15 জাঁই সজীৱ গুলী ৷

নিউজ ডেস্ক, 20 ছেপ্টেম্বৰ: জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাত গ্ৰেপ্তাৰ দুটাকৈ সন্ত্ৰাসবাদী (AGuH terrorists arrested) ৷ ধৃত সন্ত্ৰাসবাদী দুটা আনচাৰ ঘাজৱাত উল হিন্দ চমুকৈ AGuH ৰ সদস্য ৷ দুয়োটা সন্ত্ৰাসবাদীৰ পৰা জব্দ কৰা হৈছে দুটা পিস্তল, দুটা মেগজিন আৰু 15 জাঁই সজীৱ গুলী ৷ সেনা-আৰক্ষীৰ যুটিয়া অভিযানত গ্ৰেপ্তাৰ হয় সন্ত্ৰাসবাদী দুটা ৷ গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদী দুটা ক্ৰমে তনবীৰ আহমদ ভাট আৰু তোফেইল আহমদ দৰ (terrorists of AGuH arrested in Anantnag) ৷

উল্লেখ্য যে, এক গোপন সূত্ৰৰ ভিত্তিত জম্মু-কাশ্মীৰ আৰক্ষী আৰু সেনা বাহিনীয়ে নাকা তালাচী চলায় ওৱাঘামা-ওপজান পথত ৷ সেই তালাচীৰ সময়তে অভিযানকাৰী দলটোৰ হাতত গ্ৰেপ্তাৰ হয় আনচাৰ ঘাজৱাত উল হিন্দ চমুকৈ AGuH ৰ সদস্য তনবীৰ আহমদ ভাট আৰু তোফেইল আহমদ দৰ (two hybrid terrorists of AGuH arrested) ৷

ইতিমধ্যে দুয়োৰে বিৰুদ্ধে বিজবেহাৰা থানাত 166/2022 নম্বৰত গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

ইফালে, যোৱা দেওবাৰে সেনা বাহিনীয়ে ছাংগালদন আৰু গুল অঞ্চলৰ অৰণ্যত অভিযান চলাই সন্ত্ৰাসবাদীয়ে লুকুৱাই ৰখা বৃহৎ অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰে ৷ জম্মু-কাশ্মীৰ আৰক্ষী, নিৰাপত্তা বাহিনী আৰু স্পেছিয়েল অপাৰেচন গ্ৰুপে যৌথভাৱে চলোৱা অভিযানত এই অস্ত্ৰসমূহ জব্দ কৰা হয় ৷ ইয়াৰ ভিতৰত আছিল এটা UBGL, এটা চীনত নিৰ্মিত পিস্তল, টা AK-47 ৰ মেগজিন, 36 টা চীনা পিস্তলৰ গুলী, 198 টা AK-47 ৰ গুলী, 69 টা 9 এম এম পিস্তলৰ গুলী, এখন ছুৰী, এটা দূৰবীণ, এটা কেমেৰা, এটা চেটেলাইট ফোন ৷

Last Updated :Sep 20, 2022, 7:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.