Army chopper crash: অৰুণাচল প্ৰদেশত সেনাৰ চিতা হেলিকপ্টাৰ দুর্ঘটনাত শ্বহীদ দুজন সেনা বিষয়া

author img

By

Published : Mar 16, 2023, 7:59 PM IST

চিতা হেলিকপ্টাৰ দুর্ঘটনাত শ্বহীদ দুজন সেনা বিষয়া

ভাৰতীয় সেনা বাহিনীৰ এখন চিতা হেলিকপ্টাৰ বৃস্পতিবাৰে পুৱা ৯.১৫ বজাত এটিচিৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ দুৰ্ঘটনাগ্ৰস্ত হয় । হেলিকপ্টাৰ খনত থকা ২ সেনা বিষয়াৰ দুৰ্ঘটনাত মৃত্যু ঘটে আৰক্ষীৰ সূত্ৰত প্ৰকাশ (Army officers killed in a chopper crash) । সমগ্ৰ ঘটনা সন্দৰ্ভত পশ্চিম কামেং জিলাৰ আৰক্ষী অধীক্ষক ভাৰত ৰেড্ডীৰ সৈতে ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ টোলিফোনিক বাৰ্তালাপ ৷

চিতা হেলিকপ্টাৰ দুর্ঘটনাত শ্বহীদ দুজন সেনা বিষয়া

তেজপুৰ, ১৬ মাৰ্চ: অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত সংঘটিত এক হেলিকপ্টাৰ দুৰ্ঘটনাত দুগৰাকী সেনা বিষয়া শ্বহীদ হোৱাৰ খবৰ পোৱা গৈছে ৷ বৃহস্পতিবাৰে পুৱা প্ৰায় 9.15 বজাত নিয়মীয়া উৰণৰ সময়ত মাণ্ডালা অঞ্চলত ৰাডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হয় চিতা হেলিকপ্টাৰখনৰ ৷ পৰৱৰ্তী সময়ত মাণ্ডালাতে দুৰ্ঘটনাত পতিত হয় চিতা হেলিকপ্টাৰখন (Army chopper crash in Arunachal) ৷

ভাৰতীয় সেনাৰ গুৱাহাটীৰ প্ৰতিৰক্ষা মুখপাত্ৰ লে কৰ্ণেল মহেন্দ্ৰ ৰাৱাতে জনায় যে, বৃহস্পতিবাৰে পুৱা দৈনন্দিন উৰণৰ বাবে সেনাৰ চিতা হেলিকপ্টাৰ খন পশ্চিম কামেং জিলাৰ চেলা পাছৰ চাঙে সেনা বাহিনীৰ শিবিৰৰ পৰা তেজপুৰলৈ উৰা মাৰে ৷ কিছু সময় পিচতে বমডিলাৰ কাষৰ মাণ্ডালাৰ সমীপত সংযোগ বিচ্ছিন্ন হৈ পৰে চিতা হেলিকপ্টাৰখনৰ । তেজপুৰ মিছামাৰী সেনা বাহিনীৰ শিবিৰলৈ উৰা মাৰিছিল হেলিকপ্টাৰখন (Army officers killed in a chopper crash) ।

লগতে পঢ়ক: Arunachal chopper crash: পশ্চিম কামেং জিলাত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

হেলিকপ্টাৰখনত এজন লেফ্টনেণ্ট কৰ্ণেল বি ভি ৰেড্ডী আৰু মেজৰ জয়ন্ত এ আছিল ৷ ইতিমধ্য়ে দুয়োগৰাকী বিষয়াৰ মৃত্যু হোৱা বুলি পশ্চিম কামেং জিলাৰ আৰক্ষী অধীক্ষক ভাৰত ৰেড্ডীয়ে এক টেলিফোন বাৰ্তাত ইটিভি ভাৰতক জনায় । হেলিকপ্টাৰখন অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ডিৰাংৰ সমীপত সংযোগ বিচ্ছিন্ন হোৱাৰ পিচত দিনৰ ১১ বজাত উদ্ধাৰকাৰী দল ঘটনাস্থলীলৈ যায় (Army helicopter chrashed in Arunachal)।

আৰক্ষী অধীক্ষক গৰাকীয়ে জনায় যে, ইতিমধ্যে উদ্ধাৰকাৰী দলে সেনা বিষয়া দুয়োগৰাকীৰ মৃতদেহ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি ডিৰাংৰ আৰক্ষী থানালৈ আনিছে ৷ শুকুৰবাৰে দুই গৰাকী বিষয়াৰ ডিৰাং চৰকাৰী চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব । তেওঁ কয় যে, প্ৰতিকূল পৰিস্থিতিৰ বতৰৰ বাবে সম্ভৱত এই দুর্ঘটনা সংঘটিত হ’ব পাৰে । কাৰণ বৃহস্পতিবাৰে উক্ত অঞ্চলত বতৰ যথেষ্ট পৰিমাণে বেয়া আছিল (Army Cheetah chopper crash) ।

উল্লেখ্য যে, দুর্ঘটনা সংঘটিত হোৱা মাণ্ডালা বুদ্ধৰ ১০৮ টা স্তূপ থকা প্ৰসিদ্ধ পৰ্যটন থলী । এই স্থানৰ পৰা প্ৰায় ৪ কিলোমিটাৰ দূৰত্বত ঘন অৰণ্যৰ মাজত পাহাৰৰ পৰা বহু তলত ধ্বংস প্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হয় চিতা হেলিকপ্টাৰখন । উদ্ধাৰকাৰী দলৰ ভিতৰত সেনা, এছ এছ বি, আই টি বি পি, অৰুণাচল আৰক্ষী আৰু স্থানীয় লোক আছিল (Helicopter accident in west Kameng)।

লগতে পঢ়ক: At a glance Assam budget: বাজেটত অৰুণোদয়ৰ ধন ১২৫০ টকাৰ পৰা ১৪০০ টকালৈ বৃদ্ধি

উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত বিগত সময়চোৱাত সেনাৰ কেইবাখনো হেলিকপ্টাৰ দুর্ঘটনাগ্ৰস্ত হৈ কেইবাজনো সেনা শ্বহীদ হৈছে । যোৱা অক্টোবৰ মাহত অৰুণাচল প্ৰদেশৰ চিয়াং জিলাত সেনাৰ এখন হেলিকপ্টাৰ দুর্ঘটনাগ্ৰস্ত হৈ ওখ পাহাৰৰ পৰা বহু তলত ধ্বংস হৈছিল । দুদিনৰ পিচত উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰিবলৈ সক্ষম হয় হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ আৰু শ্বহীদ পাইলটৰ মৃতদেহ (Army officers killed in Chopper crash) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.