Sikh Deputy Mayor of Brampton: কানাডাৰ ব্ৰেম্পটনৰ প্ৰথমগৰাকী উপ-মেয়ৰৰ পদত এগৰাকী শিখ ধৰ্মাৱলম্বী লোক

author img

By

Published : Nov 21, 2022, 12:53 PM IST

Sikh to be appointed as Deputy Mayor

২০২২ চনৰ এপ্ৰিলত কানাডাৰ ব্ৰেম্পটন চহৰত সৃষ্টি হোৱা উপ-মেয়ৰৰ পদত নিযুক্ত হ'ল এগৰাকী শিখ সম্প্ৰদায়ৰ লোকক । ২০২২ৰ পৰা ২০২৬ লৈ ব্ৰেম্পটনৰ উপ-মেয়ৰ হিচাপে দায়িত্ব অৰ্পণ কৰা হয় হৰকিৰাট সিঙক(Harkirat Singh Appoints Brampton Deputy Mayor) । সিঙে ব্ৰেম্পটনৰ প্ৰথমগৰাকী উপ-মেয়ৰ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ।

ইন্টাৰনেশ্যনেল ডেস্ক,২১ নৱেম্বৰ: কানাডাৰ ব্ৰেম্পটনৰ প্ৰথমগৰাকী উপ-মেয়ৰৰ পদত অধিস্থিত এগৰাকী শিখ ধৰ্মাৱলম্বী লোক । হৰকিৰাট সিঙ নামৰ শিখ ধৰ্মাৱলম্বী লোকজনক কানাডাৰ ব্ৰেম্পটনৰ প্ৰথমগৰাকী উপ-মেয়ৰ হিচাপে ২০২২ ৰ পৰা ২০২৬ লৈ দায়িত্বভাৰ অৰ্পণ কৰে (Harkirat Singh Appoints Brampton Deputy Mayor) । হৰকিৰাট সিঙে ২০১৮-২০২২ বৰ্ষত ৯ আৰু ১০ নং ৱাৰ্ডৰ বাবে ব্ৰেম্পটনৰ চিটি কাউন্সিলাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । এজন ডেপুটি মেয়ৰ হিচাপে, সিঙে পৰিষদ আৰু অন্যান্য সমিতিৰ সভাত মেয়ৰৰ অনুপস্থিতিত সভাপতিত্ব কৰিব আৰু মেয়ৰৰ হৈ বিভিন্ন আনুষ্ঠানিক কাৰ্য-কলাপতো অংশগ্ৰহণ কৰিব পাৰিব ।

এই সন্দৰ্ভত ব্ৰেম্পটনৰ বৰ্তমানৰ মেয়ৰ পেট্ৰিক ব্ৰাউনে কয় যে পৰিষদৰ উপ মেয়ৰৰ এই কাৰ্যকালত কাউঞ্চিলৰ হৰকিৰাট সিঙে কাম কৰাত তেওঁ গৌৰৱান্বিত । সিং এজন সমৰ্পিত, পৰিশ্ৰমী কাউন্সিলাৰ হিচাপে পূৰ্বৰ কাৰ্যকালত দক্ষতা দেখুৱাই আহিছে । ব্ৰাউনে ব্ৰেম্পটন নগৰ পৰিষদৰ এক বিজ্ঞপ্তিত কয় যে কাউঞ্চিলাৰ হিচাপে সিঙৰ দ্বিতীয় কাৰ্যকালত প্ৰৱেশ কৰা, আৰু তাৰ পূৰ্বে স্কুল ট্ৰাষ্টীৰ ভূমিকা পালন কৰাৰ ক্ষেত্ৰত তেওঁ বহুতৰ বাবে এজন জ্ঞাত আৰু বিশ্বাসী নিৰ্বাচিত বিষয়া যাক লৈ ব্ৰাউন নিশ্চিত যে এই ভূমিকাত ব্ৰেম্পটন চহৰক সিঙে ভালদৰে প্ৰতিনিধিত্ব কৰাৰ লগতে সেৱা আগবঢ়াব পাৰিব(1st Deputy Mayor of Brampton city) ।

চিটি কাউঞ্চিলাৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে সিঙে পিল ডিষ্ট্ৰিক্ট স্কুল ব'ৰ্ডত স্কুল ট্ৰাষ্টী হিচাপে চাৰি বছৰৰ কাৰ্যকাল পালন কৰিছিল(Deputy Mayor of Brampton city) । এজন ট্ৰাষ্টী হিচাপে, তেওঁ অডিট কমিটি, নিৰ্দেশনামূলক কাৰ্যসূচী তথা পাঠ্যক্ৰম সমিতি আৰু ভৌতিক নিৰ্মাণ আৰু পৰিকল্পনা সমিতিত সেৱা আগবঢ়াইছিল । উপ মেয়ৰ হিচাপে দায়িত্ব গ্ৰহণ কৰি সিঙে কয় যে পৰিষদৰ এই কাৰ্যকালৰ উপ মেয়ৰ হিচাপে তেওঁৰ পৰিষদৰ সহকৰ্মীসকলে নিযুক্তি দিয়াটো এক সন্মানৰ বিষয় । ব্ৰেম্পটন চহৰখন আগুৱাই নিয়াৰ ক্ষেত্ৰত মেয়ৰ ব্ৰাউন আৰু কাউঞ্চিলৰসকলক সকলক জনতাক সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই সিঙে(Councillor Harkirat Singh) ।

উল্লখ্য যে ২০২২ চনৰ এপ্ৰিলত ব্ৰেম্পটন চহৰৰ দ্বাৰা ডেপুটি মেয়ৰৰ পদৰ সৃষ্টি কৰা হৈছিল আৰু পূব আৰু পশ্চিম অংশত বিভক্ত কৰা হৈছিল । সিং অণ্টাৰিঅ’ পাব্লিক স্কুল ব'ৰ্ড এছ'চিয়েচনৰ আঞ্চলিক প্ৰতিনিধিও আছিল । ট্ৰাষ্টী হিচাপে তেওঁৰ ভূমিকাৰ লগতে, তেওঁ লেম্বটন কলেজত অধ্যাপক হিচাপে আঢ়ৈ বছৰ আৰু হাম্বাৰ কলেজৰ অধ্যাপক হিচাপে দুবছৰ মাৰ্কেটিং এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপ বিষয়ত শিক্ষাদান কৰিছিল ।

লগতে পঢ়ক: Massive road accident: পুনে-বেংগালুৰু ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা: ক্ষতিগ্ৰস্ত ৪৮ খনকৈ বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.