Delhi Pollution : দিল্লীত পেট্ৰ’ল-ডিজেলযুক্ত বাহনৰ প্ৰৱেশ নিষিদ্ধ

author img

By

Published : Nov 25, 2021, 1:55 PM IST

trucks entry ban extended in Delhi

প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে দিল্লীত ট্ৰাকৰ চলাচলত বাধা আৰোপ কৰা হৈছে । অহা ৩ ডিচেম্বৰলৈ চৰকাৰৰ এই নিৰ্দেশনা অব্যাহত থাকিব । আনহাতে দিল্লীৰ প্ৰদূষণ কিছু নিয়ন্ত্ৰণ হোৱাৰ লগে লগে বিদ্যালয়সমূহ পুনৰ খোলাৰ সিদ্ধান্ত লোৱা হৈছে ।

নেশ্যনেল ডেস্ক,২৫ নৱেম্বৰ : বিগত বছৰসমূহৰ দৰে এইবাৰো দেশৰ ৰাজধানী দিল্লীৰ প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Pollution in Delhi has taken a terrible turn) । কিছুদিন পূৰ্বে প্ৰদূষণে ইমানে ভয়াৱহ ৰূপ লৈছিল যে দিল্লীৰ বিদ্যালয়, মহাবিদ্যালয় আদি বন্ধ ৰাখিবলগীয়া হৈছিল । অৱশ্যে শেহতীয়াকৈ বায়ু প্ৰদূষণ কিছু কমিছে (Delhi's air pollution has reduced somewhat)।

বায়ুমণ্ডলৰ পৰস্থিতিও কিছু উন্নত হৈছে । যাৰ বাবে বিদ্যালয়সমূহ পুনৰ খোলাৰ সিদ্ধান্ত লৈছে চৰকাৰে । দিল্লী চৰকাৰে ঘোষণা কৰা মতে প্ৰদূষণৰ বাবে বন্ধ থকা বিদ্যালয়সমূহ অহা ২৯ নৱেম্বৰৰ পৰা খুলিব পাৰিব । দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে ।

গোপাল ৰায়ে কয় যে দিল্লীত প্ৰদূষণৰ উদ্বেগজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছিল । একে সময়তে, ব্যক্তিগত আৰু চৰকাৰী প্ৰতিষ্ঠানবোৰৰ কৰ্মচাৰীসকলক সম্ভৱ হ'লে ঘৰৰ পৰাই কাম কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল । মন্ত্ৰীগৰাকীৰ মতে পৰিস্থিতি কিছু উন্নত হৈছে । সেয়ে চৰকাৰে বিদ্যালয়,মহাবিদ্যালয়সমূহ পুনৰ খোলাৰ সিদ্ধান্ত লৈছে ।

অৱশ্যে কিছুমান ক্ষেত্ৰত নিষেধাজ্ঞা অব্যাহত থাকিব । মন্ত্ৰীগৰাকীৰ মতে দিল্লীত ট্ৰাকৰ প্ৰৱেশত নিষেধাজ্ঞা ৩ ডিচেম্বৰলৈ অব্যাহত থাকিব । আনহাতে, ২৭ নৱেম্বৰৰ পৰা চিএনজি (CNG) আৰু বৈদ্যুতিক বাণিজ্যিক বাহনসমূহ প্ৰৱেশ কৰিবলৈ দিয়া হ'ব ।

তেওঁ লগতে কয় যে ২৯ নৱেম্বৰৰ পৰা বন্ধ থকা সকলো চৰকাৰী কাৰ্যালয়ো খোলা হ'ব । অৱশ্যে, অধিক সংখ্যক লোকে যাতে ৰাজহুৱা পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰে তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা হৈছে । যাৰ বাবে চৰকাৰী কৰ্মচাৰীসকল য'ৰ পৰা আহিব তাৰ পৰাই বিশেষ বাছ চলাচল কৰাৰ ঘোষণা কৰিছে চৰকাৰে । ইফালে আইটিঅ' (ITO) আৰু আইপিয়ে (IP) বাছ সেৱা আৰম্ভ কৰিব যাতে কৰ্মচাৰীসকলে অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় ।

মন্ত্ৰীগৰাকীয়ে কয় যে দিল্লীত নিৰ্মাণ কাৰ্যৰ ওপৰত থকা নিষেধাজ্ঞাও উঠাই লোৱা হৈছে । অৱশ্যে, লোকসকলক সকলো প্ৰদূষণ সম্পৰ্কীয় নিয়ম অনুসৰণ কৰিবলৈ আৰু ইয়াক অৱহেলা নকৰিবলৈ অনুৰোধ জনোৱা হৈছে । যিসকলে নিয়ম নামানে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে ।

লগতে পঢ়ক :দিল্লীত পুনৰ 17 নৱেম্বৰলৈ লকডাউন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.