দিল্লীত ট্ৰাকে মহতিয়ালে পদপথত শুই থকা 6 জনকৈ লোকক, 4 জন নিহত

author img

By

Published : Sep 21, 2022, 5:31 PM IST

Truck crushed people on footpath in Seemapuri

ৰাতিটো কোনোমতে কটাবলৈ পদপথকে আশ্ৰয়স্থল কৰি লোৱা একাংশ লোকৰ বাবে এতিয়া ত্ৰাসৰ কাৰণ হৈ পৰিছে দ্ৰুতবেগী বাহনসমূহ ৷ মঙলবাৰে পুৱতি নিশা প্ৰায় 1.51 বজাত নতুন দিল্লীৰ সীমাপুৰী অঞ্চলত পদপথত শুই থকা অৱস্থাত এখন ট্ৰাকে 6 গৰাকী লোকক মহতিয়াই লৈ যায়(Truck cruahed people on footpath)৷

নেশ্যনেল ডেস্ক, 21 ছেপ্টেম্বৰ: মানুহৰ মৌলিক প্ৰযোজনৰ তিনিটা মূল উপাদান হৈছে খাদ্য, বাসস্থান আৰু বস্ত্ৰ ৷ কিন্তু যেতিয়া এজন লোকে এই তিনিওটা অধিকাৰৰ পৰাই বঞ্চিত হ‘বলগা হয়, তেতিয়া সেই ব্যক্তিৰ জীৱন যাত্ৰাৰ পথ কিমান দুৰ্বিসহ হ’ব পাৰে সেইয়া কল্পনাৰো অতীত ৷ ৰাতিটো কোনোমতে কটাবলৈ পদপথকে আশ্ৰয়স্থল কৰি লোৱা এনে একাংশ লোকৰ বাবে এতিয়া ত্ৰাসৰ কাৰণ হৈ পৰিছে দ্ৰুতবেগী বাহনসমূহ ৷

মঙলবাৰে পুৱতি নিশা প্ৰায় 1.51 বজাত দেশৰ ৰাজধানীৰ সীমাপুৰী অঞ্চলত পদপথত শুই থকা অৱস্থাত এখন ট্ৰাকে 6 গৰাকী লোকক মহতিয়াই লৈ যায়(Truck crushed people on footpath)৷ ছয়জন লোকৰ ভিতৰত দুজনৰ ঘটনাস্থলীত মৃত্যু হয় (4 died in truck crash)৷

আনহাতে চাৰিজনক আৰক্ষীয়ে ততাতৈয়াকৈ জিটিবি চিকিৎসালয়লৈ নি ভৰ্তি কৰে ৷ চিকিৎসাৰ সময়তে দুজন লোকৰ মৃত্যু বুলি জানিব পৰা গৈছে ৷ আনহাতে দুজনৰ অৱস্থা এতিয়াও সংকটজনক (2 injured in truck crash)৷ এই ভয়ংকৰ দুৰ্ঘটনাত মুঠ 4 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে ৷

মৃত লোককেইজনক জাভেদ, ছোটে খান, শ্বাহ আলম, ৰাহুল বুলি চিনাক্ত কৰা হৈছে ৷ ইফালে আহত দুজনক দিল্লীৰ বাসিন্দা মনীষ আৰু প্ৰদীপ বুলি চিনাক্ত কৰা হৈছে ৷

এই ঘটনাৰ বিষয়ে অৱগত হৈ দিল্লী আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ৷ একে সময়তে, আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজৰ আধাৰত এখন বাহন চিনাক্ত কৰাৰ লগতে বাহন আৰু বাহনখনৰ চালকৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: আমগুৰিত একে নিশাই ছয়টাকৈ স্থানত চুৰিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.