Vaccination for teenagers: শীঘ্ৰেই ত্ৰিপুৰাত কিশোৰ-কিশোৰীয়ে লাভ কৰিব কভি'ড প্ৰতিষেধক

author img

By

Published : Jan 1, 2022, 7:08 PM IST

vaccination for children

ত্ৰিপুৰাৰ চৰকাৰে ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক ক'ভিড প্ৰতিষেধক প্ৰদান কৰিবলৈ সাজু হৈছে (Tripura to begin vaccination for children)। ৩ জানুৱাৰীৰ পৰা ৰাজ্যখনৰ কিশোৰ-কিশোৰীসকলক প্ৰদান কৰিব প্ৰতিষেধক । স্বাস্থ্য সেৱাৰ লগত জড়িত কৰ্মী, ক'ভিড যোদ্ধা, ৬০ বছৰ উৰ্ধৰ লোক আৰু বিভিন্ন ৰোগাক্ৰান্ত লোকক ১০ জানুৱাৰীৰ পৰা ক'ভিড প্ৰতিষেধকৰ তৃতীয় পালি বা বুষ্টাৰ ড'জ প্ৰদান কৰা হ'ব ।

আগৰতলা,১ জানুৱাৰী : কেন্দ্ৰীয় চৰকাৰে তৃতীয় পালি প্ৰতিষেধক লগতে ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদানৰ কথা ঘোষণা কৰাৰ লগে লগে প্ৰতিখন ৰাজ্যই সাজু হৈছে । অসম চৰকাৰে ঘোষণা কৰাৰ পাছতে এইবাৰ ত্ৰিপুৰা চৰকাৰেও এই টীকাকৰণ অভিযানৰ কথা প্ৰকাশ কৰিছে । ত্ৰিপুৰাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সঞ্চালক সিদ্ধাৰ্থ শিৱ জয়ছোৱালে সংবাদমেল সম্বোধন কৰি কয় যে ৰাজ্যখনত ৩ জানুৱাৰীৰ পৰা ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদান কৰা হ'ব (Tripura to start vaccination for teenagers)।

vaccination for children
ত্ৰিপুৰা চৰকাৰৰ টীকাকৰণ অভিযান

১ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব পঞ্জীয়ন প্ৰক্ৰিয়া । বিষয়াগৰাকীয়ে জনোৱা মতে কিশোৰ-কিশোৰীসকলক কোভাক্সিন প্ৰদান কৰা হ'ব । কিশোৰ-কিশোৰীসকলে টীকাকৰণৰ বাবে পৰিচয় পত্ৰ হিচাপে আধাৰ কাৰ্ড বা বিদ্যালয়ৰ পৰিচয় পত্ৰ লৈ যাব লাগিব । তেওঁ উল্লেখ কৰা মতে ৰাজ্যখনত ১৫ৰ পৰা ১৮ বছৰ বয়সৰ ২ লাখ ১৩ হাজাৰ কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

আনহাতে স্বাস্থ্য সেৱাৰ লগত জড়িত কৰ্মী, ক'ভিড যোদ্ধা, ৬০ বছৰ উৰ্ধৰ লোক আৰু বিভিন্ন ৰোগাক্ৰান্ত লোকক ১০ জানুৱাৰীৰ পৰা ক'ভিড প্ৰতিষেধকৰ তৃতীয় পালি বা বুষ্টাৰ ড'জ প্ৰদান কৰা হ'ব (Tripura govt guideline for covid booster dose)। ৬০ বছৰৰ অধিক বয়সৰ আৰু বিভিন্ন ৰোগত আক্ৰান্ত ৯১,২০০ লোকক বুষ্টাৰ পালি প্ৰদান কৰা হ'ব ।

সংবাদমেলত সিদ্ধাৰ্থ শিৱ জয়ছোৱালে উল্লেখ কৰা মতে, ত্ৰিপুৰাত ২০২১ চনৰ ১৬ জানুৱাৰীৰ পৰা ৩০ ডিচেম্বৰলৈ মুঠ ৪৬,৯৭,৬৪৫ গৰাকী লোকে ক'ভিড প্ৰতিষেধক লাভ কৰিছে য'ত ২৫,৬৫,৫৫০ গৰাকীয়ে প্ৰথম পালি আৰু ২১,২৮,০৯৫ গৰাকীয়ে দ্বিতীয় পালি লাভ কৰিছে । আনহাতে ক'ভিড প্ৰতিষেধকৰ দ্বিতীয় পালি ৩৯ সপ্তাহ পূৰ্বে লোৱা ব্যক্তিসকলক প্ৰথমে বুষ্টাৰ পালি প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক :ৰাজ্যৰ ৩৬ লাখ লোকৰ বাবে ১০ জানুৱাৰীৰ পৰা প্ৰদান কৰা হ’ব ক'ভিডৰ বুষ্টাৰ ড'জ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.