Tripura to begin linking Aadhar with Voter ID : ১ আগষ্টৰ পৰা আৰম্ভ আধাৰ কাৰ্ড সংযোগ প্ৰক্ৰিয়া

author img

By

Published : Aug 1, 2022, 7:36 PM IST

Tripura to begin linking Aadhar with Voter ID

ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে ৰাজ্যখনৰ সকলো বিধানসভা সমষ্টিত ১ আগষ্টৰ পৰা আধাৰ কাৰ্ডসমূহ ভোটাৰ পৰিচয় পত্ৰৰ সৈতে সংযোগ কৰিবলৈ আৰম্ভ কৰিব (Tripura would begin linking Aadhaar cards with Voter ID cards from August)। চলিত মাহৰ পৰা আৰম্ভ হোৱা এই প্ৰক্ৰিয়া ছেপ্টেম্বৰ মাহলৈকে চলিব ৷

নেশ্যনেল ডেস্ক,1 আগষ্ট: ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে ৰাজ্যখনৰ সকলো বিধানসভা সমষ্টিত ১ আগষ্টৰ পৰা আধাৰ কাৰ্ডসমূহ ভোটাৰ পৰিচয় পত্ৰৰ সৈতে সংযোগ কৰিবলৈ আৰম্ভ কৰিব(Tripura would begin linking Aadhaar cards with Voter ID cards from August)। নিৰ্বাচন বিভাগৰ সূত্ৰই জনোৱা অনুসৰি, সংশ্লিষ্ট অঞ্চলসমূহৰ বুথ পৰ্যায়ৰ বিষয়াসকলে ১ আগষ্টৰ পৰা ঘৰে-ঘৰে পৰিদৰ্শন কৰা আৰু আধাৰ তথ্য ৬-বিৰ জৰিয়তে সংগ্ৰহ কৰিব ।

নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি নিৰ্বাচকৰ আধাৰ তথ্য সম্পূৰ্ণ গোপানে ৰখা হ’ব । স্বচ্ছ ভোটাৰ তালিকা প্ৰস্তুতকৰণৰ বাবেহে এই তথ্য সংগ্ৰহ কৰা হৈছে যাতে ভোটাৰসকলক উন্নত সেৱা আগবঢ়াব পৰা যায়, এনেদৰে জনায় ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে ৷

পঞ্জীয়ণকৃত ভোটাৰে আধাৰৰ অভাৱত তথ্য যোগান ধৰিব নোৱাৰিলে তেওঁৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিয়া নহয় ৷ তদুপৰি কোনো আবেদনকাৰীয়ে নতুন নাম অন্তৰ্ভুক্তিৰ বাবে আধাৰ তথ্য যোগান ধৰিব নোৱাৰিলে আবেদন নাকচ কৰা নহ’ব বুলি ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে স্পষ্ট কৰি দিয়ে(Linking Aadhar cards)। চলিত মাহৰ পৰা আৰম্ভ হোৱা এই প্ৰক্ৰিয়া ছেপ্টেম্বৰ মাহলৈকে চলিব বুলিও তেওঁলোকে জানিবলৈ দিয়ে ।

সূত্ৰটোৱে অধিক তথ্য জানিবলৈ দি কয় যে, ১৭ বছৰৰ ওপৰৰ যুৱক-যুৱতীসকলে এতিয়াৰে পৰা ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে আগতীয়াকৈ আবেদন কৰিব পাৰিব । যিকোনো এটি বৰ্ষৰ ১ জানুৱাৰীত ১৮ বছৰ বয়সত উপনীত হোৱাৰ পূৰ্বচৰ্ত এতিয়াৰে পৰা আৰু বাহাল নাথাকিব বুলি জানিবলৈ দিয়ে । জানুৱাৰী মাহত মাত্ৰ এবাৰহে ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হ’ব বুলিও সূত্ৰটোয়ে জানিবলৈ দিয়ে ।

বৰ্তমান ত্ৰিপুৰাত ১৩,৮১,৬৯৩ জন পুৰুষ, ১৩,৫৩,৮১৮ জন মহিলা আৰু ৩৫ জন তৃতীয় লিংগৰ লোকক সামৰি লৈ মুঠ ভোটাৰ সংখ্যা হ'ল ২৭,৩৫,৫৪৬ জন ৷ আনহাতে যোৱা জানুৱাৰী মাহত ৭০ হাজাৰ নতুন ভোটাৰক নিৰ্বাচনী তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ।

লগতে পঢ়ক: টিপ্ৰাৰ মুৰব্বী মুৰব্বী প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনৰ বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.