Tripura Deputy Chief Minister Jishnu Dev Varma: ত্ৰিপুৰাত ক্ষুদ্ৰ সৌৰশক্তি যোগানত গুৰুত্ব

author img

By

Published : Jul 31, 2022, 3:10 PM IST

Tripura Deputy Chief Minister Jishnu Dev Varma

ত্ৰিপুৰাত চৰকাৰে শীঘ্ৰেই ৰাজ্যখনৰ ৮০খন পিছপৰা গাৱঁক ক্ষুদ্ৰ সৌৰশক্তি যোগান ধৰিব বুলি ঘোষণা কৰিছে ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই(Tripura Deputy Chief Minister Jishnu Dev Varma comment on micro solar system)।এইদৰে ঘোষণা কৰি কয় যে ইয়াৰ বাবে চৰকাৰে ৮০ কোটি টকা ব্যয় কৰিব।

আগৰতলা, ৩১ জুলাই: ত্ৰিপুৰাত চৰকাৰে শীঘ্ৰেই ৰাজ্যখনৰ ৮০খন পিছপৰা গাৱঁক ক্ষুদ্ৰ সৌৰশক্তি যোগান ধৰিব । এই মন্তব্য় ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাৰ(Tripura Deputy Chief Minister Jishnu Dev Varma comment on micro solar system)। তেওঁ শুকুৰবাৰে এইদৰে ঘোষণা কৰি কয় যে ইয়াৰ বাবে চৰকাৰে ৮০ কোটি টকা ব্যয় কৰিব । ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী তথা শক্তি মন্ত্ৰী দেৱ বৰ্মাই ত্ৰিপুৰা ৰাজ্যিক বিদ্যুৎ নিগম লিমিটেড আৰু পাৱাৰ গ্ৰিডৰ উদ্যোগত মুক্তিধাৰা প্ৰেক্ষাগৃহত আয়োজিত বিদ্যুৎ মহোৎসৱত অংশ গ্ৰহণ কৰি এইদৰে ঘোষণা কৰে(Tripura State Electricity Corporation Limited and Power Grid) ৷ মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে তেওঁৰ বিভাগে ৰাজ্যখনত বিদ্যুতৰ মাচুল বৃদ্ধি নকৰাকৈ বিদ্যুৎ খণ্ডৰ আধুনিকীকৰণকৰি আছে ৷

উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য়খনত শক্তি উপ-কেন্দ্ৰ নিৰ্মাণ প্ৰসংগত কয়,'ইতিমধ্যে ডেৰ বছৰত ৫০ টাতকৈও অধিক শক্তি উপ-কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে । ফলত বিদ্যুতৰ সমস্যা যথেষ্ট হ্ৰাস পাইছে ।' তেওঁ পুনৰ কয় যে ৰাজ্যখনৰ ৬২ শতাংশ বনাঞ্চলৰ দ্বাৰা আৱৰি আছে । ইয়াৰ ফলত বৰষুণৰ বতৰত সেৱা প্ৰদান কৰাটো কঠিন হৈ পৰে আৰু আমাৰ বিভাগে যিমান সম্ভৱ সোনকালে সমস্যাটো হ্ৰাস কৰিবলৈ কাম কৰি আছে । বিভাগটোৱে এই ক্ষেত্ৰত বিদ্যুৎ ব্যৱস্থাৰ প্ৰতি অধিক মনোযোগ দিছে বুলি উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ।

ত্ৰিপুৰাৰ একমাত্ৰ সম্পদ বিদ্যুৎ বুলি উল্লেখ কৰি উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই কয়, 'এই সম্পদবোৰৰ সৈতে ব্যৱসায় কৰি উদ্যোগসমূহ স্থাপন কৰা উচিত ।গ্ৰাম্য অৰ্থনীতিবৃদ্ধিত বিদ্যুতেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । গতিকে আটাইতকৈ বেছি খৰচ হৈছে বিদ্যুতৰ ওপৰত । তদুপৰি ত্ৰিপুৰাৰ ভৱিষ্যত সৃষ্টি নহ'ব ।' তদানীন্তন চৰকাৰক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বৰ চৰকাৰৰ সময়ত কেৱল ভাষণ দিয়া হৈছিল । ইয়াৰ বিপৰীতে কোনো উন্নয়নমূলক কাম কৰা হোৱা নাই । তেওঁ পুনৰ কয় যে বৰ্তমানৰ চৰকাৰে দূৰৱৰ্তী অঞ্চলসমূহক সৰ্বাধিক অগ্ৰাধিকাৰ দি আছে।বজাৰবোৰত বৈদ্যুতিকৰণ কৰা হৈছে যাতে ঝুম খেতিয়কসকলে বজাৰলৈ আহি তেওঁলোকৰ কৃষিজাত সামগ্ৰী বিক্ৰী কৰিব পাৰে । তদুপৰি ৰাস্তাত ষ্ট্ৰীট লাইট স্থাপন কৰা বুলি উল্লেখ কৰি কয় যে ইয়াৰ ফলত ক্ৰেতাসকলে বজাৰলৈ আহি সামগ্ৰী ক্ৰয় কৰিব পাৰিছে ।

লগতে পঢ়ক:Meat shops in Gurugram to stay closed: পৰ্যুষণ মহাপৰ্বত মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.