IPFTৰ বিধায়ক বৃষকেতু দেৱবৰ্মাৰ বিৰুদ্ধে কঠোৰ বিধানসভা

author img

By

Published : Sep 21, 2022, 1:27 PM IST

MLA

ত্ৰিপুৰাৰ শাসকীয় বিজেপিৰ মিত্ৰদল IPFTৰ এগৰাকী বিধায়কৰ বিৰুদ্ধে কঠোৰ হৈছে বিধানসভা । দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত বিধায়ক বৃষকেতু দেৱবৰ্মাক বিধানসভাৰ সদস্য পদৰ বাবে অযোগ্য ঘোষণা (Tripura MLA disqualified for anti party activities)। ত্ৰিপুৰাত ব্যাপক প্ৰতিক্ৰিয়া ।

আগৰতলা,২১ ছেপ্টেম্বৰ : দলীয়া অনুশাসন ভংগ আৰু দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ত্ৰিপুৰা ৰাজ্যিক বিধানসভাৰ সদস্য পদৰ বাবে অযোগ্য হিচাপে ঘোষণা কৰা হৈছে ইণ্ডিজিনিয়াছ পিপলছ ফ্ৰণ্ট অফ ত্ৰিপুৰা (IPFT)দলৰ বিধায়ক বৃষকেতু দেৱবৰ্মাক (Tripura Assembly disqualified IPFT MLA)। ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ (TAADC) আগন্তুক গাঁও পৰিষদ নিৰ্বাচনৰ পূৰ্বে IPFT দলটোৰ বিধায়কগৰাকীক অযোগ্য ঘোষণা কৰাৰ লগে লগে ত্ৰিপুৰাৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

বিজেপিৰ মিত্ৰ দল IPFTৰ বিধায়কগৰাকীক নিলম্বন কৰাৰ লগে লগে বিজেপি দলটোৰ ভিতৰ চ'ৰাতো ব্যাপক চৰ্চা আৰম্ভ হৈছে । ত্ৰিপুৰা বিধানসভাৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তীয়ে মঙলবাৰে কয় যে, দেববৰ্মাই ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰদান কৰিছে যদিও তেওঁ নিৰ্দিষ্ট নিয়ম অনুসৰণ কৰাত ব্যৰ্থ হৈছে ।

অধ্যক্ষগৰাকীয়ে উল্লেখ কৰা মতে যেতিয়া এজন বিধায়কে পদত্যাগ পত্ৰ প্ৰদান কৰিব তেওঁ অধ্যক্ষৰ সন্মুখত শাৰীৰিকভাৱে উপস্থিত থাকিব লাগে । কিন্তু সেয়া দেববৰ্মাই কৰা নাছিল । আনহাতে, আইপিএফটিৰ সভাপতি নৰেন্দ্ৰ চন্দ্ৰ দেববৰ্মাই অভিযোগ কৰা মতে বৃষকেতুৱে দল বিৰোধী কাৰ্যকলাপত লিপ্ত হৈছিল (Tripura MLA disqualified)।

দল বিৰোধী আইনৰ অধীনত দেববৰ্মাৰ বিৰুদ্ধে তদন্ত চলাবলৈ সভাপতিগৰাকী অধ্যক্ষৰ কাৰ্যালয়ৰ কাষ চাপিছে । দলৰ সংবিধান উলংঘা কৰাৰ লগতে ৰাজ্যসভা নিৰ্বাচনৰ সময়ত জাৰি কৰা দলীয় হুইপ মানি চলা নাই বুলিও দলৰ সভাপতিগৰাকীয়ে বিধানসভাৰ অধ্যক্ষগৰাকীক অভিযোগ কৰিছে (Allegation against IPFT MLA Brishaketu Debbarma)।

অধ্যক্ষগৰাকীয়ে জনোৱা মতে IPFT দলে ইতিমধ্যে সকলো প্ৰমাণ দাখিল কৰিছে যাৰ দ্বাৰা এটা কথা নিশ্চিত হৈছে যে বৃষকেতুৱে আন এটা ৰাজনৈতিক দলত যোগদান কৰিছে । আনকি বৃষকেতুৱে তেওঁৰ মূল্যৱান ভোট দানৰ পৰা বিৰত থাকি ৰাজ্যসভা নিৰ্বাচনৰ বাবে জাৰি কৰা দলীয় হুইপও উলংঘা কৰিছিল ।

লক্ষণীয়ভাৱে বৃষকেতুৰ পদত্যাগ সন্দৰ্ভত হোৱা শুনানিৰ সময়তো তেওঁ বিধানসভাত উপস্থিত নাছিল । ইফালে বিধায়কজনে পৰৱৰ্তী নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰিব নে নোৱাৰে বুলি সাংবাদিকে প্ৰশ্ন কৰাত অধ্যক্ষগৰাকীয়ে কয় যে এই বিষয়টো ভাৰতৰ নিৰ্বাচন আয়োগে চাব । উল্লেখ্য যে প্ৰায় ২৫ বছৰীয়া শাসনৰ অন্ত পেলাই বিজেপি আৰু IPFTৰ মিত্ৰজোঁটে ২০১৮ চনত চিপিআই(এম)ক পৰাস্ত কৰি ৰাজ্যখনত চৰকাৰ গঠন কৰিছিল ।

লগতে পঢ়ক :সীমা সমস্যা সমাধানৰ হকে নতুন দিল্লীত বৈঠকত মিলিত হ’ব অসম আৰু মিজোৰাম মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.