Balaghat plane crash: মধ্য প্ৰদেশৰ লাঞ্জিত প্ৰশিক্ষাৰ্থী বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলট আৰু সহ পাইলট নিহত

author img

By

Published : Mar 18, 2023, 8:09 PM IST

trainee plane crash in balaghat, pilot and co-pilot dead

অৰুণাচল প্ৰদেশৰ পিচতে এইবাৰ মধ্য প্ৰদেশৰ বালাঘাটত এখন প্ৰশিক্ষাৰ্থী বিমান দুৰ্ঘটনাত পতিত হয় (Balaghat plane crash)৷ এই দুৰ্ঘটনাত প্ৰশিক্ষক পাইলট আৰু সহ প্ৰশিক্ষাৰ্থী পাইলটৰ ঘটনাস্থলীতেই মৃত্যু হয় (Trainee pilot and instructor death)। মহাৰাষ্ট্ৰৰ বিৰচি বিমানবন্দৰৰ পৰা উৰা মাৰিছিল বিমানখন ৷

নেশ্যনেল ডেস্ক, 18 মাৰ্চ: মধ্য প্ৰদেশৰ লাঞ্জিত ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Balaghat plane crash) ৷ শনিবাৰে জিলাখনৰ মাওবাদী অধ্যুষিত অঞ্চল লাঞ্জি আৰু কিৰণপুৰৰ মাজৰ অৰণ্যত এখন প্ৰশিক্ষাৰ্থী বিমান দুৰ্ঘটনাগ্ৰস্ত হয় (Trainee Plane crashes in Balaghat)। এই দুৰ্ঘটনাত প্ৰশিক্ষক পাইলট মোহিত আৰু মহিলা প্ৰশিক্ষাৰ্থী পাইলট ভাৰচুকাৰ ঘটনাস্থলীতেই মৃত্যু হয় (Trainee pilot and instructor death)।

প্ৰাৰম্ভিক তথ্য অনুসৰি, শনিবাৰে বিয়লি প্ৰায় 3 বজাত মহাৰাষ্ট্ৰৰ বিৰচি বিমানবন্দৰৰ পৰা প্ৰশিক্ষাৰ্থী বিমানখন উৰা মাৰিছিল ৷ বিমানখন উৰা মৰাৰ প্ৰায় ১৫ মিনিট পিচতেই অলপ দূৰৈত গৈ বালাঘাটৰ লাঞ্জি আৰু কিৰণাপুৰৰ মাজৰ ভক্কুটোলা-কোচমাৰা পাহাৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । বিমানখন বাগৰি পৰাৰ পিচতে বিমানখনত অগ্নিকাণ্ড সংঘটিত হয় (Gondia Birsi airport) ৷ বিমানখনৰ দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও জানিব পৰা মতে বিমানখনৰ পাইলটৰ নিয়ন্ত্ৰণ হেৰুই যোৱাৰ ফলত এই দুৰ্ঘটনাৰ সংঘটিত হয় ৷

গণ্ডিয়া এটিচিৰ এ জি এম কমলেশ মেশ্ৰামে এই দুৰ্ঘটনাটোৰ কথা নিশ্চিত কৰিছে ৷ বালাঘাট জিলাৰ আৰক্ষী অধীক্ষক সমীৰ সৌৰভে এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিচতেই ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হোৱাৰ কথা জানিবলৈ দিয়ে ৷ সম্প্ৰতি উদ্ধাৰকাৰী দলে ঘটনাতস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে সমীৰ সৌৰভে ৷

শেহতীয়াকৈ, মধ্য প্ৰদেশৰ মোৰেণাত এটা প্ৰশিক্ষণ অনুশীলনৰ সময়ত দুখন যুঁজাৰু বিমান ছুখোই এছইউ-30 আৰু মিৰাজ 2000 দুৰ্ঘটনাগ্ৰস্ত হৈছিল । প্ৰতিৰক্ষা বিভাগৰ এক সূত্ৰই জনোৱা অনুসৰি তীব্ৰ গতিত আকাশমাৰ্গেৰে গৈ থকাৰ সময়তে দুয়োখন বিমানৰ মাজত সংঘৰ্ষ হৈছিল । এই দুৰ্ঘটনাত ছুখোইৰ দুজন পাইলট আৰু মিৰাজৰ এজন পাইলট আছিল । এই দুয়োখন বিমানেই ভাৰতীয় বায়ু সেনাই ফ্ৰণ্টলাইনত ব্যৱহাৰ কৰে ।

ইয়াৰোপৰি ৰেৱাৰ চোৰহাটা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত উমৰি গাঁৱতো এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে । এই দুৰ্ঘটনাত প্ৰশিক্ষাৰ্থী বিমান এখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল । এই দুৰ্ঘটনাত মুখ্য পাইলট কেপ্টেইন বিমল নিহত হৈছিল । বিমান দুৰ্ঘটনাটোত প্ৰশিক্ষণ লৈ থকা এজন প্ৰশিক্ষাৰ্থী পাইলট গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৷ ঘটনাৰ পিচতে আঘাতপ্ৰাপ্ত পাইলটগৰাকীক সঞ্জয় গান্ধী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

লগতে পঢ়ক: Man and wild animal conflict : যোৱা ৩ বছৰত দেশত বৃদ্ধি মানুহ আৰু বন্যপ্ৰাণীৰ সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.