Tokyo Olympics ত অগ্ৰগতি ভাৰতীয় পেডেলাৰ মণিকা বাত্ৰাৰ

author img

By

Published : Jul 25, 2021, 4:55 PM IST

Manika Batra beats Margaryta Pesotska

দেওবাৰে ভাৰতীয় পেডেলাৰ গৰাকীয়ে ইউক্ৰেইনৰ মাৰ্গাৰিটা পেচোটস্কাক ৪-৩ ছেটত পৰাস্ত কৰে । টকিঅ' মেট্ৰ'পলিটান জিমনেছিয়ামত মহিলা একক শাখাত দ্বিতীয় ৰাউণ্ডত এই অগ্ৰগতি মণিকা বাত্ৰাৰ ।

স্প’ৰ্টছ ডেস্ক, ২৫ জুলাই : টকিঅ' অলিম্পিকত (Tokyo Olympic) অগ্ৰগতি লাভ কৰিছে ভাৰতৰ টেবুল টেনিছ খেলুৱৈ মণিকা বাত্ৰাই (Manika Batra) । দেওবাৰে ভাৰতীয় পেডলাৰ গৰাকীয়ে ইউক্ৰেইনৰ মাৰ্গাৰিটা পেচোটস্কাক (Margaryta Pesotska) ৪-৩ ছেটত পৰাস্ত কৰে । টকিঅ' মেট্ৰ'পলিটান জিমনেছিয়ামত মহিলা একক শাখাত দ্বিতীয় ৰাউণ্ডত এই অগ্ৰগতি মণিকা বাত্ৰাৰ ।

উল্লেখ্য যে, প্ৰথম দুটা ৰাউণ্ডত ক্ৰমে ১১-৪, ১১-৪ ছেটত ইউক্ৰেইনৰ পেডেলাৰ গৰাকীয়ে জয়ী হৈছিল ৷ কিন্তু তৃতীয় ৰাউণ্ডৰ খেলত ১১-৭ পইণ্টেৰে পুনৰ তীব্ৰ প্ৰতিদ্বন্দ্বীৰ ৰূপত থিয় দিয়ে ভাৰতীয় পেডলাৰগৰাকী । ক্ৰমে উন্নত প্ৰদৰ্শনেৰে মণিকাই চতুৰ্থ ৰাউণ্ডত ১২-১০ ছেটত জয়ী হয় । চতুৰ্থ ৰাউণ্ডৰ খেলৰ অন্তত প্ৰতিযোগিতাখন অতি ৰোমাঞ্চকৰ হৈ পৰিছিল ৷ কাৰণ দুয়োগৰাকী খেলুৱৈয়ে ২-২ ছেটত অটুট আছিল ।

পঞ্চম ৰাউণ্ডত খেলুৱৈগৰাকীয়ে ভাৰতীয় দৰ্শকক নিৰাশ কৰি ৮-১১ ছেটত ইউক্ৰেইনৰ হাতত পৰাস্ত হয় ৷

পিছৰ খেলখনত ১১-৫ ছেটত পুনৰ শক্তিশালী ৰূপত প্ৰত্যাৱৰ্তন কৰে মণিকা বাত্ৰাই । অৱশ্যে অন্তিম খেলখন নিজৰ ষ্টাইলতে শেষ কৰে মণিকা বাত্ৰাই । যাৰ পৰিণতিত ১১-৭ পইণ্টেৰে ভাৰতীয় দৰ্শকলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিবলৈ সক্ষম হয় মণিকা ।

ইয়াৰ লগে লগে মণিকা বাত্ৰাৰ ওপৰত বিশ্বাস বৃদ্ধি পালে ভাৰতীয় দৰ্শকৰ । সকলোৰে আশা অলিম্পিকত এক সুন্দৰ প্ৰদৰ্শনেৰে খেলুৱৈগৰাকীয়ে ভাৰতৰ হৈ আন এটা পদক অৰ্জন কৰিবলৈ সক্ষম হ'ব । Tokyo Olympic ত বিভিন্ন শিতানত ভাৰতীয় খেলুৱৈসকলে অগ্ৰগতি লাভ কৰি আছে ।

লগতে পঢ়ক : Tokyo Olympics : বেডমিন্টনৰ একক শাখাত পি ভি সিন্ধুৰ প্ৰথম বিজয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.