World Thyroid Day 2023: থাইৰয়ড কি ? ইয়াৰ লক্ষণ ইতিহাস তথা নিৰাময়ৰ উপায় জানো আহক

author img

By

Published : May 23, 2023, 2:16 PM IST

Updated : May 25, 2023, 9:24 AM IST

World Thyroid Day 2023

এক প্ৰতিবেদন অনুসৰি বিশ্বজুৰি অনুমান কৰা হৈছে যে ২০ কোটিতকৈও অধিক লোক থাইৰয়ড ৰোগত আক্ৰান্ত আৰু ইয়াৰে ৫০ শতাংশ ৰোগী এনেকুৱা যাৰ দেহত এই ৰোগ ধৰা পৰা নাই ।

ভাৰতত প্ৰতি ১০ জনৰ ভিতৰত এজন লোক থাইৰয়ড ৰোগত আক্ৰান্ত হয় । বৰ্তমান ভাৰতত ৪ লাখৰো অধিক লোক থাইৰয়ড ৰোগত আক্ৰান্ত হৈ আছে । এই স্বাস্থ্যজনিত সমস্যা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে প্ৰতি বছৰে ২৫ মে'ত বিশ্ব থাইৰয়ড দিৱস পালন কৰা হয় ।

থাইৰয়ড কি ?

থাইৰয়ড হৈছে আমাৰ ডিঙিৰ আগফালে থকা এটা সৰু পখিলাৰ আকৃতিৰ গ্ৰন্থি যিয়ে আমাৰ শৰীৰৰ প্ৰতিটো কোষ, কলা আৰু অংগক প্ৰভাৱিত কৰা হৰম’ন উৎপন্ন কৰে । অৰ্থাৎ শৰীৰৰ সঠিক কাম-কাজৰ বাবে এই গ্ৰন্থিটো গুৰুত্বপূৰ্ণ (world thyroid awareness month)।

থাইৰয়ডৰ ইতিহাস

২০০৭ চনৰ ছেপ্টেম্বৰ মাহত ইউৰোপীয় থাইৰয়ড এছ’চিয়েশ্যনৰ (ইটিএ) কংগ্ৰেছৰ পূৰ্বে বাৰ্ষিক সাধাৰণ বৈঠকৰ সময়ত ২৫ মে’ক আনুষ্ঠানিকভাৱে বিশ্ব থাইৰয়ড দিৱস হিচাপে ঘোষণা কৰা হয় । ২৫ মে’ৰ তাৰিখটোৱে ১৯৬৫ চনত ইটিএৰ প্ৰতিষ্ঠা দিৱসো পালন কৰে, সেয়েহে ২৫ মে’ৰ দিনটোক থাইৰয়ডৰ বিকাৰৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে উৎসৰ্গিত দিন হিচাপে নিৰ্বাচিত কৰা হয় ।

World Thyroid Day 2023
থাইৰয়ড কি ? ইয়াৰ লক্ষণ ইতিহাস তথা নিৰাময়ৰ উপায় জানো আহক

থাইৰয়ডৰ লক্ষণ

থাইৰয়ড গ্ৰন্থিয়ে কোষৰ মেৰামতি আৰু বিপাকীয় ক্ৰিয়াত প্ৰভাৱ পেলাই আমাৰ শক্তিৰ মাত্ৰা আৰু মেজাজ নিয়ন্ত্ৰণ কৰে (thyroid disease)। এই হৰম’নবোৰৰ অবিহনে হাইপ’থাইৰয়ডিজম ৰোগীয়ে সম্ভাৱ্য বিপজ্জনক লক্ষণ আৰু জটিলতাৰ সন্মুখীন হ’বলগীয়া হয় (world thyroid awareness month)। যেনেকৈ-

  • ভাগৰ
  • মেজাজৰ সাল-সলনি হোৱা
  • ওজন বৃদ্ধি
  • চুলি পাতল হোৱা
  • পেশীৰ দুৰ্বলতা
  • মুখ ফুলা
  • কোষ্ঠকাঠিন্য
  • শুকান ছাল
  • এলডিএল বৃদ্ধি
  • গাঁঠিৰ বিষ

থাইৰয়ডৰ চিকিৎসা

চিকিৎসকে প্ৰথমে ৰোগীৰ পৰা তেওঁৰ সমস্যাৰ বিষয়ে জানিব বিচাৰে । থাইৰয়ড গ্ৰন্থি বৃদ্ধি হ’লে বুজিব পাৰি । তাৰ পিছত তেজৰ পৰীক্ষা কৰা হয় । এই পৰীক্ষাৰ নাম হ’ল থাইৰয়ড ষ্টিমুলেটিং টেষ্ট বা টি এছ এইচ টেষ্ট । এই পৰীক্ষাৰ জৰিয়তে থাইৰয়ডৰ মাত্ৰা বুজিব পাৰি । তেতিয়াহে ইয়াৰ চিকিৎসা কৰিব পৰা যাব থাইৰয়ড সম্পৰ্কীয় ৰোগসমূহ মূলতঃ অস্বাস্থ্যকৰ খাদ্য আৰু মানসিক চাপৰ বাবেই হয় (hypothyroidism day)।

এনে পৰিস্থিতিত প্ৰথমে খাদ্যৰ যত্ন লওক । থাইৰয়ডৰ চিকিৎসাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লওক । প্ৰয়োজনীয় পৰীক্ষাৰ অন্তত ঔষধ সেৱন কৰিবলৈ পৰামৰ্শ দিয়ে চিকিৎসকে । ইয়াৰ লগতে নিয়মীয়াকৈ পৰীক্ষা-নিৰীক্ষা কৰাৰ লগতে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক যাতে ই নিয়ন্ত্ৰণত থাকে, তেতিয়া থাইৰয়ডৰ বাবে আগবঢ়োৱা ঔষধ বন্ধ কৰিব পৰা যায় ।

লগতে পঢ়ক: Insomnia problem: গুৰুতৰ সমস্যাৰ কাৰণ হ’ব পাৰে অনিদ্ৰা

Last Updated :May 25, 2023, 9:24 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.