Orphan sisters suicide case at Tumkur : একেলগে তিনি অনাথ ভগ্নীৰ আত্মহত্যা !

Orphan sisters suicide case at Tumkur : একেলগে তিনি অনাথ ভগ্নীৰ আত্মহত্যা !
বৃহস্পতিবাৰে পোহৰলৈ অহা কৰ্ণাটকৰ এক ঘটনাই চকু কঁপালত তুলিছে সাধাৰণ ৰাইজৰ ৷ কৰ্ণাটকৰ চিক্কানায়াকানাহল্লী তালুকৰ বাৰাকানাহল থাণ্ডা অঞ্চলত বাস কৰা তিনি অনাথ ভগ্নীয়ে একেলগে কৰে আত্মহত্যা (Orphan sisters suicide case at Tumkur) ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত পৰিছে শোক ছাঁ ৷
নেশ্যনেল ডেস্ক, 20 জানুৱাৰী : কৰ্ণাটকত অঘটন ৷ কৰ্ণাটক জিলাৰ চিক্কানায়াকানাহল্লী তালুকৰ বাৰাকানাহল থাণ্ডা অঞ্চলৰ এক ঘটনাই চকু কঁপালত তুলিছে সাধাৰণ ৰাইজৰ (Three orphan sisters committed suicide at Tumkur)৷ কিয়নো বাৰাকানাহল থাণ্ডা অঞ্চলৰ তিনিগৰাকী অনাথ ভগ্নীয়ে একেলগে কৰে আত্মহত্যা ৷
আত্মহত্যা কৰা যুৱতী কেইগৰাকীৰ নাম ৰঞ্জিতা (24), বিন্দু (21) আৰু চন্দনা (18) বুলি জানিব পৰা গৈছে ৷ বৃহস্পতিবাৰে পোহৰলৈ আহিছে এই ঘটনাটো (Orphans suicide case at Tumkur)৷ কিন্তু এই ঘটনাটো প্ৰায় 9 দিন পূৰ্বে সংঘটিত হোৱা বুলি অঞ্চলটোৰ ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷
জানিব পৰা মতে, বহু বছৰ পূৰ্বে যুৱতী কেইগৰাকীৰ পিতৃ-মাতৃৰ মৃত্যু হৈছিল ৷ তাৰ পাচৰ পৰাই তিনিওগৰাকী ভগ্নীয়ে আইতাকৰ সৈতে বাস কৰিবলৈ লৈছিল । অৱশ্যে শেহতীয়াকৈ আইতাকৰো মৃত্যু হয় । ইয়াৰ পিচৰ পৰাই তিনিও ভগ্নী মানসিকভাৱে ভাগি পৰিছিল ৷ তিনিও ভগ্নীৰ চাল-চলনত এই কথা প্ৰকাশ পাইছিল বুলি উল্লেখ কৰে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক : Rape case in Vijayapura karnataka: হত্যাৰ ভাবুকিৰে তিনি যুৱকে মানসিকভাৱে অসুস্থ যুৱতীক কৰিলে ধৰ্ষণ
এনেদৰে সময় অতিবাহিত হ’বলৈ ধৰিলে ৷ কিন্তু কেবাদিন ধৰি প্ৰেতিৱেশীসকলে তিনিওগৰাকী ভগ্নীক প্ৰত্যক্ষ কৰা নাছিল ৷ বিগত প্ৰায় দুদিন ধৰি ভগ্নী কেইগৰাকীয়ে বাস কৰা ঘৰৰ পৰা গেলা-পচা গোন্ধ আহিবলৈ ধৰিলে ৷ আনকি এটা সময়ত অঞ্চলটোৰ ৰাইজে থাকিবলৈ নোৱাৰা হ’ল ৷ ফলত খবৰ দিয়া হয় আৰক্ষীক ৷
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ভগ্নীকেইগৰাকীয়ে বাস কৰা ঘৰটোত প্ৰৱেশ কৰে ৷ তেতিয়াহে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে ৷ আৰক্ষী আৰু স্থানীয় লোকে সন্দহ কৰা অনুসৰি প্ৰায় 9-10 দিন পূৰ্বে সংঘটিত হৈছে উক্ত ঘটনাটো (Orphan sisters suicide case at Tumkur) ৷ ইতিমধ্যে উক্ত ঘটনাটোৰ সন্দৰ্ভত হুলীয়াৰু আৰক্ষী চকীত ৰুজু কৰা হৈছে এক গোচৰ ।
অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব সকলো তথ্য ৷ অৱশ্যে তিনিও অনাথ ভগ্নীৰ আত্মহাত্যৰ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত পৰিছে শোক ছাঁ ৷
লগতে পঢ়ক : Man arrested for sexual assault: বিবাহিত মহিলাৰ সৈতে সম্পৰ্ক ৰাখিবলৈ গৈ ৰাইজৰ কিল খালে শ্ৰীমন্তই
