ত্ৰিপুৰাত তিনি NLFT উগ্ৰপন্থী সদস্যৰ আত্মসমৰ্পণ

author img

By

Published : Sep 16, 2021, 2:06 PM IST

Tripura

উগ্ৰপন্থীৰ বিৰুদ্ধে সষ্টম ত্ৰিপুৰা আৰক্ষী । আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী স্থিতিৰ মাজতে তিনিটা দুৰ্ধৰ্ষ উগ্ৰপন্থীৰ আত্মসমৰ্পন । উগ্ৰপন্থী সংগঠনটোৰ শিবিৰৰ পৰা পলায়ন কৰিছিল উগ্ৰপন্থী কেইজনে ।

আগৰতলা,১৬ ছেপ্টেম্বৰ : শেহতীয়াকৈ ত্ৰিপুৰাৰ আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী (anti militants) স্থিতিয়ে বিশেষ চৰ্চা লাভ কৰিছে । ত্ৰিপুৰা আৰক্ষীৰ এই সবল স্থিতিৰ বাবেই বহু উগ্ৰপন্থী গ্ৰেপ্তাৰ হোৱাৰ লগতে বহু সংখ্যকে মূলসুঁতিলৈ উভতি আহিছে । এইবাৰ পুনৰ বিদ্ৰোহী সংগঠন এনএলএফটিৰ তিনিজনকৈ সদস্যই আৰক্ষীৰ হাতত আত্মসমৰ্পণ কৰে ।

এনএলএফটিৰ (পিডি) সদস্য তিনিজন ক্ৰমে উত্তৰ ত্ৰিপুৰাৰ আনন্দবজাৰ থানাৰ অন্তৰ্গত আলিন্দ্ৰ ৰিয়াং ওৰফে বেচিং ওৰফে সুজিতফা, আনিদা ৰেং ওৰফে য়াপাফুং মাঞ্জোই আৰু ড্ৰ কুমাৰ ৰিয়াং ওৰফে দুনিয়া মিলিকা । তিনিওজনে বাংলাদেশৰ বাঘাই জিলাৰ অধীনত থকা জুপুই শিবিৰৰ পৰা পলায়ন কৰি ১৫ ছেপ্টেম্বৰত আৰক্ষীৰ বিশেষ শাখাৰ ওচৰত আত্মসমৰ্পণ কৰে । আত্মসমৰ্পণৰ সময়ত তেওঁলোকে এটা .২২ পিষ্টল, সজীৱ গোলা-বাৰুদ আৰক্ষীক অৰ্পণ কৰে ।

আৰক্ষীৰ এক বিবৃতি অনুসৰি প্ৰাথমিক জেৰাৰ সময়ত এইটো প্ৰকাশ পাইছে যে তেওঁলোকে ২০১৩ চনত এনএলএফটি (NLFT) সংগঠনত যোগদান কৰিছিল আৰু আন সকলৰ সৈতে বাংলাদেশ এনএলএফটি শিবিৰত প্ৰশিক্ষণ লাভ কৰিছিল ।

উগ্ৰপন্থীসকলক স্বাধীন ত্ৰিপুৰাৰ নামত প্ৰৰোচিত কৰা হৈছিল । স্বাধীন ত্ৰিপুৰাৰ নামত ৰাইজক প্ৰতাৰণা কৰা বুলি তেওঁলোকক কোৱা হৈছিল । যাৰ বাবে তেনেদৰে ত্ৰিপুৰাৰ স্বাধীনতাৰ বাবে তেওঁলোকে অস্ত্ৰ তুলি লৈছিল ।

আৰক্ষীৰ তদন্ত অনুসৰি আত্মসমৰ্পণ কৰা উগ্ৰপন্থী কেইজনে শাৰীৰিক আৰু মানসিক দুখৰ সন্মুখীন হৈছিল লগতে স্বাধীন ত্ৰিপুৰাৰ (Independent Tripura) ধাৰণাও অস্পষ্ট বুলি অনুভৱ কৰিছিল । সেয়ে তেওঁলোকে আত্মসমৰ্পণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ইফালে বিবৃতি অনুসৰি এনএলএফটি (পিডি) গোট এক গুৰুতৰ বিত্তীয় আৰু সাংগঠনিক সংকটৰ (financial and organizational crisis) সন্মুখীন হৈছে । যাৰ বাবে ত্ৰিপুৰা আৰক্ষীয়ে তেওঁলোকক সমাজৰ মূলসূঁতিলৈ ঘুৰি আহিবলৈ অনুপ্ৰাণিত কৰাৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে ।

লগতে পঢ়ক :গুজৰাট উপকূলৰ সমীপত জব্দ পাকিস্তানী নাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.