নিযুক্তিৰ দাবীত ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও টেট উত্তীৰ্ণৰ

author img

By

Published : Sep 19, 2022, 2:26 PM IST

Updated : Sep 19, 2022, 3:48 PM IST

tet

২০২১ চনৰ ২৬ ছেপ্টেম্বৰত তেওঁলোকে শিক্ষকৰ যোগ্যতা পৰীক্ষাত (TET) উত্তীৰ্ণ হৈছে । কেইদিনমানৰ পিছতে এবছৰ সম্পূৰ্ণ হ'ব । কিন্তু প্ৰতিশ্ৰুতি অনুসৰি এতিয়ালৈকে চৰকাৰে তেওঁলোকক দুৰ্গা পূজাৰ আগতে নিযুক্তি দিয়াৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই (Teachers Eligibility Test)।

আগৰতলা, ১৯ ছেপ্টেম্বৰ : সোমবাৰে ত্ৰিপুৰাত শিক্ষকৰ যোগ্যতা পৰীক্ষাত (TET) উত্তীৰ্ণ শ শ যুৱক-যুৱতীয়ে বিত্ত মন্ত্ৰী জিষ্ণু দেৱ বৰ্মাৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে (TET passed youths protested in Tripura) । উল্লেখ্য, শিক্ষা মন্ত্ৰী ৰতন লাল নাথে দুৰ্গা পূজাৰ আগতে ৰাজ্যখনৰ টে'ট উত্তীৰ্ণসকল একেলগে নিযুক্তিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । উক্ত নিযুক্তিৰ দাবীতে টে'ট উত্তীৰ্ণ প্ৰাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।

সাংবাদিকৰ সৈতে বাৰ্তালাপত এগৰাকী আন্দোলনকাৰীয়ে কয় যে ২০২১ চনৰ ২৬ ছেপ্টেম্বৰত তেওঁলোকে শিক্ষকৰ যোগ্যতা পৰীক্ষাত (TET) উত্তীৰ্ণ হৈছে । কেইদিনমানৰ পিছতে ইয়াৰে এবছৰ সম্পূৰ্ণ হ'ব । কিন্তু প্ৰতিশ্ৰুতি অনুসৰি এতিয়ালৈকে চৰকাৰে তেওঁলোকক দুৰ্গা পূজাৰ আগতে নিযুক্তি দিয়াৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই (Teachers Eligibility Test)।

নিযুক্তিৰ দাবীত ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও টেট উত্তীৰ্ণৰ

"কিন্তু এইটো আমাৰ বাবে অতি আশ্চৰ্যজনক যে এতিয়ালৈকে নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত চৰকাৰৰ পৰা কোনো ঘোষণা কৰা হোৱা নাই আৰু কিছুদিন আগতে শিক্ষা মন্ত্ৰী ৰতন লাল নাথে কৈছিল যে দুৰ্গা পূজাৰ আগতে আমি আমাৰ নিযুক্তি-পত্ৰ লাভ কৰিম । কিন্তু আমাৰ চাকৰিৰ সমস্যা সমাধানৰ বাবে কোনো পদক্ষেপ লোৱা হোৱা নাই ।" আন্দোলনকাৰীসকলে কয় (TET passed youth demand recruitment in Tripura) ।

তেওঁলোকে কয় যে ৩৬৩১ জন টে'ট উত্তীৰ্ণৰ ভিতৰত মাত্ৰ ৫৭৬ জন টে'ট উত্তীৰ্ণ শিক্ষাৰ্থীয়ে তেওঁলোকৰ চাকৰি লাভ কৰে আৰু বাকী ৩০৫৫ জনে অপেক্ষা কৰি আছে । "এতিয়ালৈকে আমি কোনো ইতিবাচক পদক্ষেপ লাভ কৰা নাই আৰু আমি শুনিছোঁ যে আমাৰ ফাইলটো এতিয়াও বিত্ত বিভাগত অমীমাংসিত হৈ আছে । আমি মুখ্যমন্ত্ৰী (Tripura Chief Minister), বিত্ত মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীক দুৰ্গা পূজাৰ আগতে আমাৰ বাকীসকলক নিযুক্তি-পত্ৰ প্ৰদান কৰিবলৈ দাবী জনাইছোঁ ।" তেওঁলোকে কয় ।

তেওঁলোকে লগতে দাবী কৰে যে ৰাজ্যখনৰ বিদ্যালয়সমূহে শিক্ষকসকলৰ এক গুৰুতৰ সংকটৰ সন্মুখীন হৈছে আৰু যাৰ বাবে শিক্ষাৰ্থীসকলে পথ অৱৰোধ কৰি আছে । "ত্ৰিপুৰা চৰকাৰৰ বিদ্যালয়সমূহ শিক্ষকসকলৰ তীব্ৰ সংকটত ভুগি আছে, কিন্তু তেওঁলোকে শিক্ষক নিয়োগ কৰা নাই । আমাৰ দাবী হ'ল, চৰকাৰে আমাক এটা পৰ্যায়তে নিযুক্তি দিব লাগে । বিগত এটা বছৰত আমি শিক্ষা মন্ত্ৰী, বিত্ত মন্ত্ৰী আৰু অন্যান্য বিষয়াসকলক লগ কৰিছোঁ । কিন্তু বাৰে বাৰে তেওঁলোকে আমাক আশ্বাস দিছে যে দুৰ্গা পূজাৰ আগতে সকলোকে নিযুক্তি প্ৰদান কৰা হ'ব । কিন্তু দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইদিনমানহে বাকী আছে আৰু চৰকাৰৰ তৰফৰ পৰা কোনো পদক্ষেপ লোৱা হোৱা নাই ।" টে'ট উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে কয় ।

ইয়াৰ পিছত আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ এটা প্ৰতিনিধি দলে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী তথা বিত্ত মন্ত্ৰী জিষ্ণু দেৱ বৰ্মাক সাক্ষাৎ কৰে (Tripura DyCM Jishnu Dev Varma) । বিষয়টো সন্দৰ্ভত উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "দাবীবোৰ থাকিব, কিন্তু চিন্তাৰ বিষয় হৈছে বিত্ত যিটো মই চাম । তেওঁলোক যুৱ আৰু তেওঁলোকে চাকৰি পাব । মই মোৰ কাৰ্যালয়লৈ গৈ বিষয়টো পৰীক্ষা কৰিম আৰু তেওঁলোকৰ সমস্যাসমাধান কৰিম ।"

লগতে পঢ়ক :বিহাৰৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কংগ্ৰেছ নেতৃত্বৰ

Last Updated :Sep 19, 2022, 3:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.