অগ্নিবীৰ নিযুক্তি ৰেলীত আক্ৰমণৰ লক্ষ্য সন্ত্ৰাসবাদীৰ

author img

By

Published : Sep 30, 2022, 6:14 PM IST

Kashmir

উত্তৰ কাশ্মীৰৰ বাৰামুলাত দুটাকৈ সন্ত্ৰাসবাদী নিহত (Two militants killed in Kashmir)। সন্ত্ৰাসবাদী কেইটাই অগ্নিবীৰৰ নিযুক্তি ৰেলীত আক্ৰমণৰ লক্ষ্যৰে বাৰামুলালৈ আহিছিল । নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আৰক্ষীয়ে অঞ্চলটোত অভিযান চলায় আৰু দুয়োপক্ষৰ মাজত সংঘৰ্ষ হয় ।

নেশ্যনেল ডেস্ক,৩০ ছেপ্টেম্বৰ : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে (Encounter in Jammu and Kashmir)। তেনে এক অভিযানৰ মাজতে শুকুৰবাৰে উত্তৰ কাশ্মীৰৰ বাৰামুলা জিলাৰ পাট্টানৰ য়েদিপোৰা গাঁৱত দুটাকৈ সন্ত্ৰাসবাদী নিহত হয় (Two militants killed in Baramulla)। জিলাখনৰ আৰক্ষী অধীক্ষক ৰায়াছ মহম্মদ ভাটে সংবাদমেল সম্বোধন কৰি উক্ত এনকাউণ্টাৰ সন্দৰ্ভত মন্তব্য কৰে ।

তেওঁ কয় যে এক নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত গাঁওখনত এক যুটীয়া তালাচী অভিযান চলোৱা হৈছিল । তালাচীৰ সময়ত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীসকলৰ সৈতে নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ হৈছিল । এই সংঘৰ্ষত কাশ্মীৰ আৰক্ষীয়ে দাবী কৰা মতে দুই স্থানীয় জৈছ-ই-মহম্মদ সন্ত্ৰাসবাদী নিহত হয় (Local JeM militants killed in Kashmir)।

ইফালে আৰক্ষী অধীক্ষকগৰাকীয়ে সন্ত্ৰাসবাদী কেইটাৰ ভয়ংকৰ উদ্দেশ্যৰ কথা উল্লেখ কৰি কয় যে সন্ত্ৰাসবাদী কেইটাই জিলাখনৰ ১০ নম্বৰ চেক্টৰ হাইদৰবেইগ মুখ্য কাৰ্যালয়ত চলি থকা অগ্নিবীৰৰ নিযুক্তি ৰেলীত আক্ৰমণ কৰাৰ উদ্দেশ্যৰে বাৰামুলালৈ আহিছিল । অৱশ্যে সৌভাগ্যক্ৰমে তাৰ পূৰ্বেই নিৰাপত্তা বাহিনীৰ হাতত নিহত হয় সন্ত্ৰাসবাদী কেইটা ।

লগতে পঢ়ক :প্ৰতিকূল বতৰৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰীৰ অৰুণাচল ভ্ৰমণসূচী বাতিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.