ATS ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তিস্তা চেতলৱাড়ৰ

author img

By

Published : Jun 26, 2022, 3:28 PM IST

Teesta Setalvad

গুজৰাটৰ হিংসাত্মক ঘটনা সম্পৰ্কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গোচৰ দিয়া মানৱ অধিকাৰ কৰ্মী তিস্তা চেতলৱাড়ক গ্ৰেপ্তাৰ (Teesta Setalvad arrested)। গুজৰাট এটিএছয়ে মুম্বাইৰ পৰা গ্ৰেপ্তাৰ কৰে মানৱ অধিকাৰ কৰ্মী তথা সাংবাদিকগৰাকীক । এটিএছে আক্ৰমণ কৰাৰ অভিযোগ তিস্তা চেতলৱাড়ৰ ।

নেশ্যনেল ডেস্ক,২৬ জুন : ২০০২ চনৰ গুজৰাটৰ হিংসাত্মক ঘটনা তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে (2002 Gujrat riot)। শেহতীয়াকৈ এই গোচৰ সম্পৰ্কত উচ্চতম ন্যায়ালয়ে জাকিয়া জাফৰিৰ আবেদন খাৰিজ কৰিছে । আনহাতে নৰেন্দ্ৰ মোডীকে ধৰি ৬৪ গৰাকী লোকৰ বিৰুদ্ধে এছআইটিয়ে দিয়া ক্লিন চিট বাহাল ৰাখিছে । আনকি আদালতে কৈছিল যে প্ৰক্ৰিয়াটোৰ অপব্যৱহাৰ কৰা সকলক আদালতত জবাবদিহি কৰিব লাগে ।

ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ দিয়া মানৱ অধিকাৰ কৰ্মী তথা সাংবাদিক তিস্তা চেতলৱাড়ক গুজৰাট এটিএছে গ্ৰেপ্তাৰ কৰে (Gujrat ATS arrested Teesta Setalvad from Mumbai)। মুম্বাইৰ পৰা গ্ৰেপ্তাৰ কৰা তিস্তা চেতলৱাড়ক সম্প্ৰতি আহমেদাবাদ অপৰাধ শাখাক হস্তান্তৰ কৰা হৈছে । আনহাতে তেওঁক দেওবাৰে আদালতত হাজিৰ কৰোৱা হয় ।

ইফালে গ্ৰেপ্তাৰৰ পাছতে তিস্তা চেতলৱাড়ক স্বাস্থ্য পৰীক্ষাৰ বাবে ভি এছ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । সেই সময়তে সংবাদমাধ্যমৰ সন্মুখত বিস্ফোৰক মন্তব্য কৰে মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে । এটিএছে তেওঁক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছে তিস্তা চেতলৱাড়ে (Teesta Setalwad makes serious allegations against ATS)।

কেমেৰাৰ সন্মুখত তিস্তাই তেওঁৰ হাতখন দেখুৱাইছিল, য'ত আঘাতৰ চিন আছিল । তেওঁ হাত খন দেখুৱাই কৈছিল যে সেয়া এটিএছে কৰিছে । অৱশ্যে সংবাদমাধ্যমৰ সন্মুখত তেওঁক মন্তব্য দিয়াত আৰক্ষীয়ে বাধা প্ৰদান কৰে ।

উল্লেখ্য যে, শনিবাৰে তিস্তা চেতলৱাড়, সঞ্জীৱ ভট্ট আৰু আৰ বি শ্ৰীকুমাৰৰ বিৰুদ্ধে আহমেদাবাদ অপৰাধ শাখাত এটা গোচৰ ৰুজু হোৱাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয় । আৰ.বি. শ্ৰীকুমাৰ অপৰাধ শাখাত হাজিৰ হোৱাৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল । ইয়াৰ উপৰিও, তিস্তা চেতলৱাদড়ক গুজৰাট এটিএছে মুম্বাইৰ জুহু অঞ্চলত থকা তেওঁৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে ।

পুৱা ৬ বজাত তেওঁক আহমেদাবাদ অপৰাধ শাখাক গতাই দিয়া হয় (Teesta Setalvad was brought to Gujarat)। তাৰ পিছত, তেওঁলোকৰ ক'ভিড পৰীক্ষা কৰা হৈছে । ইয়াৰ উপৰিও, প্ৰাক্তন আইপিএছ সঞ্জীৱ ভট্টকো স্থানান্তৰ ৱাৰেণ্টত আহমেদাবাদলৈ অনা হ'ব ।

লগতে পঢ়ক :Shiv Sena crisis : স্বামীৰ দলৰ সংকট মোচনৰ চেষ্টা ৰশ্মি ঠাকৰেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.