Packet dropped by drone in JK: চাম্বাত পাকিস্তানৰ পৰা ড্ৰ'ণেৰে নিক্ষেপ অস্ত্ৰৰ টোপোলা

author img

By

Published : Nov 24, 2022, 2:02 PM IST

packet dropped by drone in JK

জম্মু-কাশ্মীৰত সন্ত্ৰাস সম্পৰ্কীয় কাৰ্যকলাপ চলোৱাৰ বাবে ড্ৰ'ণেৰে সীমান্তৰ সিপাৰৰ পৰা ভাৰতলৈ অস্ত্ৰ-শস্ত্ৰ আৰু নগদ ধনৰ চোৰাং সৰবৰাহৰ চেষ্টা । আৰক্ষীয়ে সদৰি কৰা মতে, এটা টোপোলাৰ পৰা এটা আই ই ডি, দুটা পিষ্টল, ৪ খন আলোচনী, কেইবাটাও বেটাৰী আৰু এটা ঘড়ী উদ্ধাৰ কৰা হৈছে (IED)।

নেশ্য়নেল ডেস্ক, ২৪ নৱেম্বৰ: জম্মু-কাশ্মীৰৰ বিজয়পুৰ আৰক্ষী থানাৰ এটা দলে বোমা নিষ্ক্ৰিয়কাৰী গোটৰ সহযোগত বৃহস্পতিবাৰে পুৱতি নিশা চাম্বা জিলাত ড্ৰ'ণেৰে নিক্ষেপ কৰা এটা সন্দেহজনক টোপোলা উদ্ধাৰ কৰে (packet dropped by drone in Jammu and Kashmir)। সম্পূৰ্ণভাৱে চীল কৰা এই টোপোলাটো চাম্বাৰ ছানি মানহাচানৰ ওচৰৰ এখন পথাৰৰ পৰা উদ্ধাৰ কৰা বুলি আৰক্ষীৰ এক সূত্ৰই সদৰি কৰিছে (sealed packet recovered in Samba)।

এই সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰিন্দৰ চৌধুৰীয়ে কয়,"এই টোপোলাটো সীমান্তৰ সিপাৰৰ পৰা ড্ৰ'ণেৰে পেলাই দিয়াৰ সন্দেহ কৰা হৈছে (Additional SP of Samba)।" অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে পুনৰ কয়, "এজন গঞাই পুৱতি নিশা বিজয়পুৰ অঞ্চলৰ এখন পথাৰত পৰি থকা টোপোলাটো প্ৰত্য়ক্ষ কৰি এই বিষয়ে আৰক্ষীক অৱগত কৰে । ইয়াৰ পিছতেই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বোমা নিষ্ক্ৰিয়কাৰী দলক ফোন কৰাৰ পূৰ্বেই অঞ্চলটো ঘেৰাও কৰে ।"

জম্মু-কাশ্মীৰ আৰক্ষীয়ে বিশেষ অভিযান গোটৰ সহযোগত উদ্ধাৰ কৰা টোপোলাটোত নগদ ধনৰ লগতে বহু পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰে । আৰক্ষীয়ে সদৰি কৰা মতে, এই টোপোলাৰ পৰা এটা ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (IED), দুটা পিষ্টল, ৪ খন আলোচনী, কেইবাটাও বেটাৰী আৰু এটা ঘড়ী উদ্ধাৰ কৰা হৈছে । তেওঁলোকে টোপোলাটোৰ পৰা প্ৰায় ৫ লাখ টকাৰ নগদ ধনো উদ্ধাৰ কৰে ।

প্ৰাথমিক তথ্য অনুসৰি, জম্মু-কাশ্মীৰত সন্ত্ৰাস সম্পৰ্কীয় কাৰ্যকলাপ চলোৱাৰ বাবে ভাৰতলৈ অস্ত্ৰ-শস্ত্ৰ আৰু নগদ ধনৰ চোৰাং সৰবৰাহ কৰাৰ চেষ্টা কৰিয়েই পাকিস্তানৰ ফালৰ পৰা ড্ৰ'ণেৰে নিক্ষেপ কৰা হৈছে । আৰক্ষী বিষয়াসকলে সদৰি কৰা মতে, বিজয়পুৰ অঞ্চলৰ আকাশমাৰ্গত এখন ড্ৰ'ণৰ চলাচল দেখা গৈছিল, যি শিয়ালকোট-পাকিস্তান সীমান্তৰ বিপৰীত । উল্লেখ্য় যে ২০ নৱেম্বৰত জম্মু আৰু কাশ্মীৰৰ জম্মু বিমানবন্দৰৰ ওচৰত এয়াৰ ট্ৰেফিক কণ্ট্ৰোলৰ (Air Traffic Control) ৰাডাৰে এখন সন্দেহজনক ড্ৰ'নৰ গতি-বিধি ধৰা পেলাইছিল ।

লগতে পঢ়ক:Fire in Odisha : ওড়িশাৰ আতচবাজী বিস্ফোৰণত ৪০ গৰাকী লোক আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.