First monkeypox death in india: ভাৰতৰ প্ৰথমজন সন্দেহজনক মাংকিপক্সত আক্ৰান্তৰ মৃত্যু

author img

By

Published : Jul 31, 2022, 10:03 PM IST

First monkeypox death in india

ভাৰতত মাংকিপক্সৰ ফলত মৃত্যু হোৱাৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছে(Suspected monkeypox death in Kerala) ৷ কেৰালাৰ ত্ৰিচুৰৰ এখন চিকিৎসালয়ত ব্যক্তিজনৰ দেহত ধৰা পৰিছিল মাংকিপক্সত আক্ৰান্ত হোৱাৰ কথা(First monkeypox death in india) ৷ 21 জুলাইত ব্ৰিটেইনৰ পৰা উভতি আহিছিল ব্যক্তিজন ৷

নিউজ ডেস্ক, 31 জুলাই : কেৰালাত দেওবাৰে মাংকিপক্সৰ ফলত মৃত্যু হোৱা প্ৰথমটো ঘটনা পোহৰলৈ আহে ৷ ভাৰতত মাংকিপক্সৰ ফলত মৃত্যু হোৱা এইটোৱে প্ৰথমটো ঘটনা বুলি চিনাক্ত কৰা হৈছে(India suspected monkeypox death ) ৷ মৃত ব্যক্তিগৰাকীয়ে 21 জুলাইত ব্ৰিটেইনৰ পৰা উভতি আহিছিল(UAE monkeypox kerala) আৰু ইয়াৰ পাছতেই কেৰালাৰ ত্ৰিচুৰৰ এখন চিকিৎসালয়ত তেওঁ মাংকিপক্সৰ পজিটিভ পৰীক্ষণ কৰাৰ কথা জানিব পৰা হয় ৷ মৃত ব্যক্তিগৰাকী ত্ৰিচুৰৰ পুন্নীয়ুৰৰ এগৰাকী 22 বছৰীয়া যুৱক ৷

যুৱকজন কেৰালাত উপস্থিত হোৱাৰ পাছত 26 জুলাইত তেওঁৰ জ্বৰ হৈছিল আৰু চিকিৎসালয়ত জীৱন সমৰ্থনত ৰাখিব লগা হৈছিল । কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে যুৱকজনৰ কোনো ৰোগ বা স্বাস্থ্যজনিত সমস্যা নাছিল বুলি উল্লেখ কৰি তেওঁৰ মৃত্যুৰ আঁৰৰ কাৰণ সন্দৰ্ভত চৰকাৰে পৰীক্ষণ কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে যুৱকজনে ব্ৰিটেইনৰ পৰা আহি কিয় চিকিৎসালয়ত উপস্থিত হোৱা নাছিল সেই সন্দৰ্ভত তদন্ত কৰাৰ কথা জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, কেৰালাৰ ৰাজ্যিক স্বাস্থ্য বিভাগে যুৱকজনৰ নমুনা আলাপুঝাৰ ৰাষ্ট্ৰীয় ভাইৰোলজী প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰে । স্বাস্থ্য বিভাগে আলাপুঝাৰ ভাইৰোলজি পৰীক্ষাগাৰৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰাৰ লগতে যুৱকজনে চহৰখনত অৱতৰণ কৰাৰ পিছৰে পৰা তেওঁৰ ভ্ৰমণৰ এটা পথ মানচিত্ৰ তৈয়াৰ কৰিছিল ৷

লগতে পঢ়ক : First Monkeypox patient cured in India: মাংকিপক্সৰ পৰা আৰোগ্য লাভ ভাৰতৰ প্ৰথমগৰাকী ৰোগীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.