Spurious liquor: বিষাক্ত সুৰাপান কৰি 9 জনৰ মৃত্যু, 25 জনে হেৰুৱালে দৃষ্টিশক্তি

author img

By

Published : Aug 5, 2022, 3:49 PM IST

Spurious liquor

বিহাৰৰ চাৰণ জিলাত বিষাক্ত সুৰাপান কৰাৰ ফলত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ শুকুৰবাৰে বিহাৰৰ চাৰণ জিলাত বিষাক্ত সুৰাপান কৰি 9 জনে প্ৰাণ হেৰুৱাৰ বিপৰীতে 25 জনে দৃষ্টিশক্তি হেৰুৱাইছে(Spurious liquor claims 9 lives )৷

নেশ্যনেল ডেস্ক, 5 জুলাই: সুৰাপান কৰোঁতে সাৱধান হওক ৷ সুৰাই কাঢ়িব পাৰে আপোনাৰ দৃষ্টিশক্তি ৷ বিহাৰৰ চাৰণ জিলাত বিষাক্ত সুৰাপান কৰাৰ ফলত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ শুকুৰবাৰে বিহাৰৰ চাৰণ জিলাত বিষাক্ত সুৰাপান কৰি 9 জনে প্ৰাণ হেৰুৱাৰ বিপৰীতে 25 জনে দৃষ্টিশক্তি হেৰুৱাইছে (Spurious liquor claims 9 lives )৷

জানিব পৰামতে সুৰাখিনি প্ৰস্তুত কৰোতে মিথানল মিশ্ৰণ কৰা হৈছিল (Suspected Methanol poisoning)৷ ফলত মিথানলৰ বিষক্ৰিয়া হৈ সুৰাপায়ীকেইজন অজ্ঞান হৈ ঢলি পৰে ৷ লগে লগে তেওঁলোকক স্থানীয় লোকে পাটনা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (Patna Medical College and Hospital ) লৈ যোৱা হয় ৷

হাস্পতাললৈ নিয়াৰ পূৰ্বে 4 জন মৃত্যুৰ মুখত পৰে ৷ হাস্পতাললৈ নিয়াৰ পথত দুজন লোকে প্ৰাণ হেৰুৱাৰ লগতে তিনিজনক চিকিৎসা কৰি থকাৰ অৱস্থাতে হাস্পতালতে প্ৰাণ হেৰুৱাই ৷ সম্প্ৰতি হাস্পতালখনত অসুস্থকেইগৰাকীৰ চিকিৎসা অব্যাহত আছে ৷

মৃত্যুৰ কাৰণ পৰীক্ষা কৰিবলৈ ফুলৱাৰিয়া গাঁৱলৈ এটা চিকিৎসকৰ দল ততাতৈয়াকৈ লৈ যোৱা হৈছে ৷ ইয়াৰে 25 জন লোকে বিষাক্ত সুৰাপান কৰাৰ ফলত দৃষ্টিশক্তি হেৰুৱাইছে (Spurious liquor claims 25 others lost eyesight)৷

লগতে পঢ়ক: Friend did murder: বন্ধুৱে গুলীয়াই হত্যা কৰিলে বন্ধুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.