ভাৰতীয় ৰাজনীতিৰ চাণক্য প্ৰশান্ত কিশোৰক কংগ্ৰেছত যোগদান কৰিবলৈ আহ্বান

author img

By

Published : Sep 2, 2021, 5:30 PM IST

ভাৰতীয় ৰাজনীতিৰ চাণক্য প্ৰশান্ত কিশোৰক কংগ্ৰেছত যোগদান কৰিবলৈ আহ্বান

ভাৰতীয় ৰাজনীতিত ব্যাপক চৰ্চা চলিছে প্ৰশান্ত কিশোৰে কোনটো ৰাজনৈতিক দলত যোগদান কৰিব ৷ জাতীয় কংগ্ৰেছে আহ্বান জনাইছে ভাৰতীয় ৰাজনীতিৰ ৰণনীতিবিদ প্ৰশান্ত কিশোৰক কংগ্ৰেছত যোগদান কৰিবলৈ ৷

নিউজ ডেস্ক, 2 ছেপ্তেম্বৰ: দেশৰ লোক সভাৰ নিৰ্বাচনলৈ মাজত তিনিটা বছৰ ৷ 2024 ত অনুষ্ঠিত হ’ব লোকসভাৰ নিৰ্বাচন ৷ তাৰ প্ৰাকক্ষণত চলিছে ব্যাপক জল্পনা-কল্পনা ৷ বিজেপিক প্ৰতিহত কৰিবৰ বাবে ইতিমধ্যে বিৰোধী ৰাজনৈতিক দল সমূহৰ মাজত আৰম্ভ হৈছে ব্যাপক তৎপৰতা ৷ কংগ্ৰেছৰ নেতৃত্বত যদি কেতিয়াবা বিৰোধী দলসমূহ বৈঠকত মিলিত হৈছে, কেতিয়াবা আকৌ তৃণমূল কংগ্ৰেছৰ নেতৃত্বত বৈঠকত মিলিত হৈছে বিৰোধী দল সমূহ ৷

তাৰ মাজেতে ব্যাপক চৰ্চা চলিছে ভাৰতীয় ৰাজনীতিৰ চাণক্য প্ৰশান্ত কিশোৰৰ ৷ ভাৰতীয় ৰাজনৈতিক প্ৰেক্ষাপটত প্ৰশান্ত কিশোৰৰ যি ভূমিকা, সেয়া সৰ্বজন বিদিত ৷ বিশেষকৈ পশ্চিম বংগত তৃণমূলৰ চৰকাৰ গঠন কৰাত অভূতপূৰ্ৱ বৰঙণি আছিল প্ৰশান্ত কিশোৰৰ ৷ যাৰ বাৰে মমতা বেনাৰ্জীয়ে সমগ্ৰ দেশতে বিজেপিৰ খুটি টনকিয়াল হৈ থকাৰ অৱস্থাটো খোপনি পিতি বিজেপিক তীব্ৰ প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল ৷

শেহতীয়াকৈ প্ৰশান্ত কিশোৰৰ পৰিকল্পনা আৰু ৰণনীতিৰ বাবেই বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰি পশ্চিম বংগত তৃণমূলৰ চৰকাৰ অৰ্থ্যাৎ মমতা বেনাৰ্জীক মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল ৷ সম্প্ৰতি লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত চৰ্চা চলিছে সকলো বিৰোধী দল একগোট হৈ বিজেপিক প্ৰতিৰোধ কৰা হ’ব ৷

লগতে পঢ়কঃ তিনিগৰাকী নতুন মন্ত্ৰীক সম্বৰ্ধনা ত্ৰিপুৰা বিজেপিৰ

এই সকলোবোৰ চৰ্চা চলি থকাৰ মাজতে কিছু দিন পূৰ্বে কংগ্ৰেছৰ মুৰব্বী ছোনিয়া গান্ধীয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে কেইবালানীও আলোচনাত মিলত হৈছিল নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰক কংগ্ৰেছত অন্তভুৰ্ক্ত কৰাৰ বিষয়ত ৷ অৱশ্যে একাংশ কংগ্ৰেছ নেতাই ইয়াৰ বিৰোধীতাও কৰা দেখা গৈছে ৷ একেদৰে বিগত জুলাই মাহত প্ৰশান্ত কিশোৰৰ সৈতে ৰাহুল, প্ৰিয়ংকা আৰু ছোনীয়া গান্ধীয়ে কেইবালানী বৈঠকতো মিলত হৈছে ৷

এই বৈঠকতে প্ৰশান্ত কিশোৰৰ কংগ্ৰেছ দলত যোগদানৰ বিষয়টোৰ ওপৰত বিষদ ভাৱে আলোচনা কৰা হৈছিল ৷ উল্লেখযোগ্য যে, উত্তৰ প্ৰদেশৰ বিগত বিধানসভা নিৰ্বাচনতো প্ৰশান্ত কিশোৰৰ সৈতে কাম কৰিছিল ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ৷ সেয়েহে তেওঁলোকৰ অভিজ্ঞতা আছে প্ৰশান্ত কিশোৰৰ সৈতে কাম কৰাৰ ৷ সেই বাবেই ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী বাড্ৰাৰ প্ৰশান্ত কিশোৰৰ কংগ্ৰেছত যোগদান কৰাত কোনো দ্বিমত নাই বুলি এক বিশেষ সূত্ৰই সদৰি কৰিছে ৷

এতিয়া সময়তহে লক্ষণীয় হ’ব কংগ্ৰেছৰ আহ্বানৰ প্ৰতি কিদৰে সহাৰি আগবঢ়ায় ৰাজনীতিৰ ৰণনীতিবিদ প্ৰশান্ত কিশোৰে ৷ এই সকলো বোৰ স্পষ্ট হৈ পৰিব সঠিক সময়ত ৷ ভাৰতীয় ৰাজনৈতিক প্ৰেক্ষাপট সলনি কৰিবলৈ সক্ষম হ’বনে প্ৰশান্ত কিশোৰ তাকলৈও ব্যাপক চৰ্চা চলিছে ৰাজনৈতিক মহলত ৷

লগতে পঢ়কঃ টিএমচি বহিৰাগত : কংগ্ৰেছ নেতা ড৹ অজয় কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.