টকিঅ'ত পুনৰ উজলিছে উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈ

author img

By

Published : Aug 3, 2021, 1:57 PM IST

Tokyo Olympics

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়ী হোৱাৰ পাছতে ইতিহাস সৃষ্টি কৰা ভাৰতীয় মহিলা দলটোত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল মিজোৰামৰ এখন সৰু চহৰ কোলাচিবৰ লালৰেমছিয়ামীয়ে । ভাৰতীয় দলটোৰ ঐতিহাসিক বিজয়ৰ পাছতে উত্তৰ-পূৱৰ বাবে গৌৰৱৰ কাৰণ হৈ পৰা খেলুৱৈ গৰাকীৰ বাসগৃহত উপস্থিত হ'ল ইটিভি ভাৰত । আনন্দ মুখৰ পৰিৱেশ এতিয়া লালৰেমচিয়ামীৰ বাসগৃহত ।

স্পৰ্টছ ডেস্ক,৩ আগষ্ট : টকিঅ'ত পুনৰ উজলিছে উত্তৰ-পূৱৰ আন এগৰাকী মহিলা খেলুৱৈ । মীৰাবাঈ চানু (Chanu Saikhom Mirabai) আৰু লাভলীনাৰ (Lovlina Borgohain) পাছত এইবাৰ উত্তৰ পূৰ্বাঞ্চলৰ হৈ সুনাম অৰ্জন কৰিছে লালৰেমছিয়ামীয়ে (Lalremsiami) । লালৰেমছিয়ামী হৈছে ভাৰতীয় মহিলা হকী দলটোৰ অন্যতম খেলুৱৈ । অষ্ট্ৰিলিয়াৰ বিৰুদ্ধে জয়ী হোৱাৰ পাছতে ইতিহাস সৃষ্টি কৰা ভাৰতীয় মহিলা দলটোত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল মিজোৰামৰ এখন সৰু চহৰ কোলাচিবৰ লালৰেমছিয়ামীয়ে ।

ভাৰতীয় দলটোৰ ঐতিহাসিক বিজয়ৰ পাছতে উত্তৰ-পূৱৰ বাবে গৌৰৱৰ কাৰণ হৈ পৰা খেলুৱৈ গৰাকীৰ বাসগৃহত উপস্থিত হ'ল ইটিভি ভাৰত । আনন্দ মুখৰ পৰিৱেশ এতিয়া লালৰেমচিয়ামীৰ বাসগৃহত । লালৰেমচিয়ামীৰ ভগ্নী লালমুনচিয়ামীয়ে কয় যে তেওঁৰ ভগ্নীৰ লগতে সম্পূৰ্ণ পৰিয়ালটোৰে এইটো এটা সপোন আছিল । ভাৰতে যেতিয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেল খেলি আছিল সেই সময়খিনি পৰিয়ালটোৰ বাবে অতি উত্তেজনাময় মুহূৰ্ত আছিল বুলিও মন্তব্য কৰে লালৰেমচিয়ামীৰ ভগ্নীয়ে ।

ভাৰতে এটা গ'ল কৰি ছেমিফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে তেওঁলোক আনন্দত মতলীয়া হৈ পৰিছিল । উল্লেখ্য যে, লালৰেমচিয়ামী দলটোৰ এগৰাকী ফৰৱাৰ্ড খেলুৱৈ আৰু ২০১৯ চনত এছিয়া কাপ হকীত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল লালৰেমচিয়ামীয়ে । অতি দুৰ্ভাগ্যজনকভাৱে একেটা বছৰতে তেওঁৰ পিতৃৰ বিয়োগ ঘটিছিল ।

ইফালে খেলুৱৈগৰাকীৰ পৰিয়ালৰ সদস্যসকল ঝুম খেতিৰ লগত জড়িত । ২০১৮ চনত ভাৰতৰ বিশ্বকাপৰ দলত স্থান লাভ কৰাৰ পিছত মিজোৰাম চৰকাৰে লালৰেমচিয়ামীক ২৫ লাখ টকাৰ অনুদান প্ৰদান কৰি পৰিয়ালটোক মাটি ক্ৰয় কৰাত আৰু এটা নতুন ঘৰ নিৰ্মাণত সহায় কৰিছিল ।

লালৰেমচিয়ামীয়ে হকীত উজলিবলৈ আৰম্ভ কৰাৰ লগে লগে, তেওঁৰ পৰিয়ালৰ সদস্যসকলে তিনিটা কোঠাৰ সৈতে এটা সৰু ঘৰত বাস কৰি এক উন্নত জীৱনশৈলীৰ আশা দেখিছিল । ইফালে হকীত ভাৰতীয় মহিলা দলটোৰ উত্থানে গৌৰাৱান্বিত কৰিছে সমগ্ৰ দেশবাসীক । লগতে উত্তৰ পূৱৰ বাবেও গৌৰৱৰ কাৰণ হৈ পৰিছে লালৰেমছিয়ামী । চাৰিওফালে তেওঁৰ প্ৰশংসা অব্যাহত আছে ।

লালৰেমচিয়ামীয়ে অৰ্জন কৰা সফলতা আৰু সন্মানে নিশ্চিতভাৱে উঠি অহা প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি তুলিব বুলিও আশা কৰা হৈছে । আনকি লালৰেমচিয়ামীৰ ভগ্নীও আশা কৰিছে যে তেওঁৰ এই সফলতাৰ পাছত আন কেইবাগৰাকী নতুন খেলুৱৈৰ জন্ম হ'ব উত্তৰ-পূৱত । সমান্তৰালকৈ মণিপুৰৰ মীৰাবাঈ চানু আৰু অসমৰ লাভলীনাকলৈয়ো আজি উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ গৌৰৱান্বিত ।

লগতে পঢ়ক :অলিম্পিকত স্বৰ্ণ জয়ৰ স্বপ্ন ভংগ হ’ল ভাৰতীয় পুৰুষ হকী দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.