Youth body recovered in Nalanda: নালান্দাত ক্ষত-বিক্ষত অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Nov 21, 2022, 11:09 AM IST

six pieces of young man body recovered in nalanda

নালান্দাত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা । ৬ টুকুৰা কৰি পেলাই থৈ গ'ল যুৱকৰ মৃতদেহ(Youth murdered in Nalanda) । পথৰ কুকুৰে টানি অনাত উদ্ধাৰ কৰা হয় ১৬ নৱেম্বৰত সন্ধানহীন হোৱা যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ(Six pieces of young man body recovered in Nalanda)।

নেশ্যনেল ডেস্ক,২১ নৱেম্বৰ: বিহাৰৰ নালন্দা জিলাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড । ৬ টুকুৰা কৰি বস্তাত ভৰাই পথৰ কাষত পেলাই থৈ গ'ল যুৱকৰ মৃতদেহ (Youth body recovered in Nalanda) । যুৱকৰ মৃতদেহ উদ্ধাৰৰ পাছতেই সৃষ্টি হয় তীব্ৰ চাঞ্চল্য । পৰস্ত্ৰীৰ সৈতে থকা অবৈধ সম্পৰ্কৰ পৰিণতিতেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজ তথা আৰক্ষীৰ(Youth murdered in Nalanda) । মৃত যুৱকজন নালান্দাৰ নন্দ গাঁৱৰ বাসিন্দা বিকাশ চৌধুৰী বুলি চিনাক্ত কৰা হৈছে ।

জানিব পৰা মতে, মৃত বিকাশ চৌধুৰীৰ সেই অঞ্চলৰে এগৰাকী বিবাহিত মহিলাৰ সৈতে আছিল অবৈধ সম্পৰ্ক । শিক্ষাগ্ৰহণৰ বাবে বিকাশে মহিলাগৰাকীৰ কাষৰে এটা ঘৰত ভাৰাতীয়া হিচাপে আছিল । যোৱা ১৬ নৱেম্বৰৰ সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল বিকাশ । বিবাহিত মহিলাগৰাকীৰ স্বামীয়ে বিকাশ আৰু মহিলাগৰাকীৰ সম্পৰ্কৰ কথা গম পোৱাত পত্নীৰ সৈতে মিলি বিকাশক হত্য কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজ তথা আৰক্ষীয়ে ।

অতি নৃশংসভাৱে হত্যা কৰি জিলাখনৰ কেইবাটাও অঞ্চলত পেলাই দিয়া হৈছিল মৃত বিকাশ চৈধুৰীৰ দেহৰ বিভিন্ন অংশ(Six pieces of young man body recovered in Nalanda) । যুৱকজন নিৰুদ্দেশ হোৱাৰ পিছদিনাই নুৰচৰাই আৰক্ষী থানা অঞ্চলৰ নাৰী গাঁৱত কুকুৰে বস্তাৰ পৰা শৰীৰৰ অংগবোৰ তানি নিয়াৰ পাছতে স্থানীয় লোকসকলৰ দৃষ্টিগোচৰ হোৱাত লগে লগে আৰক্ষীক খবৰ দিয়া হয় । ইয়াৰ পাছত জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই ফতুহা আৰক্ষী থানাৰ অন্তৰ্গত এক অঞ্চলৰ পৰা যুৱকজনৰ শৰীৰৰ আন চাৰিটুকুৰাও উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ইতিমধ্যে অভিযোগৰ আঙুলি উঠা দম্পত্তিহালক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । নালন্দাৰ সদৰ ডিএছপি ড০ শিবলি নোমানিয়ে কয় যে তেওঁলোক দুয়োকে বৰ্তমান জেৰা চলাই থকা হৈছে ।

লগতে পঢ়ক: Food poisoning in Changsari: চাংসাৰিত মাহ প্ৰসাদ খাই আক্ৰান্ত অৰ্ধ শতাধিক লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.