NLFT Extremists surrender : এনএলএফটিৰ ৬ সদস্যৰ আত্মসমৰ্পণ

author img

By

Published : Aug 5, 2022, 2:28 PM IST

NLFT

নিষিদ্ধঘোষিত নেচনেল লিবাৰেচন ফ্ৰণ্ট অব ত্ৰিপুৰাৰ (এনএলএফটি) বিশ্বমোহন গোটৰ দুজন সহযোগীকে ধৰি কমেও ছয়জন বিদ্ৰোহীয়ে শুকুৰবাৰে ত্ৰিপুৰা আৰক্ষীৰ ওচৰত আগ্নেয়াস্ত্ৰসহ আত্মসমৰ্পণ কৰে (six insurgents of NLFT surrendered before Tripura Police) ।

নিউজ ডেস্ক, ৫ আগষ্ট : নিষিদ্ধঘোষিত নেচনেল লিবাৰেচন ফ্ৰণ্ট অব ত্ৰিপুৰাৰ (এনএলএফটি) বিশ্বমোহন গোটৰ দুজন সহযোগীকে ধৰি কমেও ছয়জন বিদ্ৰোহীয়ে শুকুৰবাৰে ত্ৰিপুৰা আৰক্ষীৰ ওচৰত আগ্নেয়াস্ত্ৰসহ আত্মসমৰ্পণ কৰে (six insurgents of NLFT surrendered before Tripura Police) ।

আৰক্ষী সূত্ৰ অনুসৰি, 21 জুলাইত চাৰিটা এনএলএফটি (বিএম) গোটৰ (National Liberation Front of Tripura Biswamohan faction) সশস্ত্ৰ উগ্ৰপন্থী যাক উমেশ কোলাই উকলাই (42) স্বঘোষিত কৰ্ণেল বুলি চিনাক্ত কৰা হৈছে, ভিক্টৰ জামাতিয়া (47) ওৰফে হালাম এজন স্বঘোষিত লেফটেনেণ্ট কৰ্ণেল যি গোমতী জিলাৰ বাসিন্দা, ফণীজয় ৰেং সাথুক্ৰি ওৰফে আথুক্ৰি (39) এজন স্বঘোষিত ষ্টাইল ৱাৰেণ্ট বিষয়া আৰু ত্ৰিপুৰা জিলাৰ বাসিন্দা আৰু উত্তম কিশোৰ জামাতিয়া (৪২) ওৰফে ঊষাই বাংলাদেশৰ পৰা ধলাই জিলাৰ গংগানগৰ সীমান্তৰ মাজেৰে ত্ৰিপুৰাত প্ৰৱেশ কৰিছিল অপহৰণ, ধন দাবী আদিৰ লক্ষ্যৰে ।

"তেওঁলোকে ধলাই জিলাৰ গংগানগৰ, খোৱাই জিলাৰ মুংগিয়াকামি, গোমতী জিলাৰ ওম্পি আৰু দক্ষিণ জিলাৰ কিল্লাৰ অৰণ্য অঞ্চলোৰে আহিছিল । ৰাজ্যখনৰ ভিতৰত তেওঁলোকৰ গতিবিধি অনুভৱ কৰি ত্ৰিপুৰা ৰাজ্যিক ৰাইফল জোৱান (Tripura State Rifle jawans) আৰু জিলা আৰক্ষীৰ লগতে চিআৰপিএফ আৰু বিএছএফৰ জোৱানসকলে সমন্বিতভাৱে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত বিশেষ অভিযান আৰম্ভ কৰা হৈছিল (special operation of CRPF and BSF) ।

যাৰ ফলস্বৰূপে দলটোৱে বাৰামুৰা পাহাৰীয়া ৰেঞ্জৰ গভীৰ অৰণ্য়ত চলাচল কৰিবলৈ আৰু আনকি জীয়াই থাকিবলৈ কষ্টৰ সন্মুখীন হৈছিল । নিৰাপত্তা বাহিনীয়ে প্ৰয়োগ কৰা চাপৰ ফলত তেওঁলোকে শুকুৰবাৰে ত্ৰিপুৰা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ।" আৰক্ষীয়ে এনেদৰে কয় । আৰক্ষীয়ে আৰু কয় যে তেওঁলোকৰ দুজন সহযোগী, গোমতী জিলাৰ সুৰজ্য কিশোৰ জামাতিয়া (৬০) লৰিছ আৰু খোৱাই জিলাৰ ব্ৰাজেন্দ্ৰ ৰিয়াং (৬০) ওৰফে তাপশীয়েও আজি দলটোৰ সৈতে আত্মসমৰ্পণ কৰে ।

আত্মসমৰ্পণৰ সময়ত তেওঁলোকে 2 টা মেগজিন আৰু 60 ৰাউণ্ড গুলীৰ সৈতে এটা একে-56 ৰাইফল (AK 56 Rifle), 1 টা মেগজিন আৰু 5 ৰাউণ্ড গুলীৰ সৈতে এটা এম-20 পিষ্টল, এটা মোগজিন আৰু 15 ৰাউণ্ড গুলীৰ সৈতে এটা 38 এম পিষ্টল (38 M Pistol), এনএলএফটিৰ ধনদাবী পত্ৰ আৰু পেড (ধন সংগ্ৰহ ৰচিদ) জমা দিয়ে ।

"প্ৰাথমিক জেৰাৰ অন্তত এইটো প্ৰকাশ পাইছে যে এনএলএফটি (বিএম) গোটে বিত্তীয় আৰু অন্যান্য অসুবিধাৰ সন্মুখীন হৈছে । ৰাজ্যৰ ভিতৰত তেওঁলোকৰ গোপন শিবিৰসমূহত নিৰাপত্তা বাহিনীৰ নিৰন্তৰ চাপৰ বাবে তেওঁলোকৰ জীয়াই থকাটো কঠিন হৈ পৰিছে ।" আৰক্ষীয়ে লগতে কয় ।

লগতে পঢ়ক :Rahul Gandhi detained: কংগ্ৰেছী নেতা ৰাহুল গান্ধীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.