Crane collapsed in Temple: ঈশ্বৰ উপাসনাৰ বাবে গৈ মৃত্যুক সাৱটিলে 4 ভক্তই

author img

By

Published : Jan 23, 2023, 3:19 PM IST

তামিলনাডুত ক্ৰেন খহি ভক্তৰ মৃত্যু

নিজৰ মনোবাঞ্চা পূৰণ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে 4 ভক্তই (4 crushed to death as crane collapses) ৷ তামিলনাডুত আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে আয়োজন কৰা মায়িলেৰু উৎসৱত ক্ৰেন খহি পৰাৰ ফলত 4 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 9 জন লোক গুৰুতৰভাৱে আহত হয় ৷

নেশ্যনেল ডেস্ক, 23 জানুৱাৰী: তামিলনাডুৰ মায়িলেৰু উৎসৱত ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Crane collapse in temple festival ) ৷ তামিলনাডুৰ আৰাক্কোনামৰ কিলভিথিত 'মায়িলেৰু' উৎসৱৰ সময়ত মূৰ্তিত মালা পিন্ধাবলৈ গৈ দুৰ্ভাগ্যবশতঃ মৃত্যু হয় ভক্তৰ ৷ এখন ক্ৰেনত উঠি ভক্তসকলে তেওঁলোকৰ মনোকামনা পূৰণ হ’বলৈ ৰীতি-নীতি পালন কৰি থকাৰ সময়তে ক্ৰেনখন খহি পৰে (Temple fair at Tamil Nadu) ৷ এই শোকাৱহ দুৰ্ঘটনাত ক্ৰেনখনত পিষ্ট হৈ 4 গৰাকী লোক নিহত হয় (4 crushed to death as crane collapses ) ৷ ইয়াৰ বিপৰীতে 9 গৰাকী লোক গুৰুতৰভাৱে আহত হয় (9 injured in crane collapses) ৷

কিলভিথি গাঁৱৰ দ্ৰৌপদী আম্মান আৰু মণ্ডি আম্মানৰ প্ৰাচীন মন্দিৰত পুংগলৰ পিচত অষ্টম দিনা 'মায়িলেৰু' উৎসৱ (Mayileru festival celebration) অনুষ্ঠিত হয় ৷ প্ৰতিবছৰে উদযাপন কৰা এই উৎসৱত বাৰ্ষিক উৎসৱটোত দেওবাৰে নিশা প্ৰায় 8.30 বজাত স্থানীয় ভক্তসকলে তেওঁলোকৰ পিঠিত বৰশীৰ দৰে এক সঁজুলিৰে বিন্ধাই আৰু দেৱীক মালা আগবঢ়োৱাৰ বাবে ক্ৰেইনত ওলমি তেওঁলোকৰ ইচ্ছা পূৰণ কৰিবলৈ বিশেষ ৰীতি-নীতি পালন কৰে ৷ তেনেকুৱাতে ক্ৰেনখন খহি পৰি থিয় হৈ থকা লোকসকলক পিষ্ট কৰে (Deaths in crane collapse ) ৷

লগে লগে উৎসৱস্থলীত ভক্তগণৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় (Crane collapse) ৷ লোকসকলে যেনি পাই তেনিয়েই দৌৰা ঢাপৰা কৰে ৷ জানিব পৰা অনুসৰি এই উৎসৱত ক্ৰেনখন ব্যৱহাৰ কৰাৰ কোনো অনুমতি নাছিল ৷ সেইবাবে আৰক্ষীয়ে ক্ৰেনখনৰ অপাৰেটৰজনক জিম্মাত লৈছে । ৰাণীপেট জিলাৰ উপায়ুক্ত ভাস্কৰ পাণ্ডিয়ানে কয় যে এই ঘটনাৰ উচিত তদন্ত কৰা হ’ব ৷

এই শোকাৱহ ঘটনাত নিহত হোৱা লোককেইজন হৈছে ভুওবলান (৪০), জ্যোতিবাবু (১৬), আৰু মুথুকুমাৰ (৩৯)। ইফালে থিৰুভাল্লুৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আন এজন ভক্ত চিন্নাস্বামীৰ (৮৫) মৃত্যু হয়।

গুৰুতৰভাৱে আহত লোকসকল ক্ৰমে সূৰ্য (২২), গজেন্দ্ৰন (২৫), হেমন্ত কুমাৰ (১৬), অৰুণকুমাৰ (২৫), কাথিৰাভান (২৩), আৰু অৰুণাচলম (৪৫) বুলি চিনাক্ত কৰা হৈছে । তেওঁলোকে চেন্নাইৰ জিলা চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত চিকিৎসালয়ৰত চিকিৎসা কৰি থকা হৈছে । নেমিলি আৰক্ষী আৰু ৰাজহ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ বৰ্তমান আৰক্ষীয়ে এই শোকাৱহ দুৰ্ঘটনাটোৰ তদন্ত কৰি আছে । এই দুৰ্ঘটনাটোৰ ভিডিঅ’ এগৰাকী ভক্তই নিজ মোবাইল ফোনত বন্দী কৰি ৰাখিছিল ৷ সম্প্ৰতি ভিডিঅ’টো সামাজক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷

লগতে পঢ়ক: Road Accidents in Kerala: কেৰালাৰ পথ দুৰ্ঘটনাত নিহত 5 যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.