Husband inserted rod in wife body: ঘৰুৱা বিবাদৰ বাবেই পত্নীৰ দেহত পাঁচ ফুট দীঘল ৰড ভৰালে বিনোদে

author img

By

Published : Jan 16, 2023, 12:10 PM IST

Updated : Jan 16, 2023, 1:31 PM IST

seoni-husband-inserted-iron-rod-in-wife-body-referred-to-nagpur-in-critical-condition

দেশত নাৰীজনিত অপৰাধে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ নিতৌ দেশৰ ভিন্ন প্ৰান্তত এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা যায় ৷ এইবাৰ মধ্যপ্ৰদেশৰ পৰা আহিছে তেনে এক চাঞ্চল্যকৰ ঘটনাৰ খবৰ ৷ খঙত হিতাহিত জ্ঞান হেৰুৱাই স্বামীয়ে পত্নীৰ শৰীৰত ভৰালে 5 ফুট দীঘল ৰডৰ টুকুৰা (Husband Insert iron rod in Wife body) ৷

নেশ্যনেল ডেস্ক, 16 জানুৱাৰী: মধ্য প্ৰদেশৰ চিওনি জিলাৰ কুৰাই অঞ্চলত এটা জঘন্য ঘটনা সংঘটিত হৈছে (Crime case in MP) ৷ ঘৰুৱা বিবাদৰ বাবে পত্নীৰ শৰীৰত 5 ফুট লোহাৰ ৰড সুমুৱালে খোদ স্বামীয়ে (Husband Insert iron rod in Wife body) ৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ঘটনা অনুসৰি কুৰাইৰ বাসিন্দা বিনোদে তেওঁৰ পত্নীৰ সৈতে বসবাস কৰিছিল ৷ তেওঁলোকৰ মাজত প্ৰায়েই ঘৰুৱা বিবাদ হৈছিল যদিও এই বিবাদে চৰম ৰূপ লয় (seoni crime news) দেওবাৰে ৷ খঙত অগ্নিশৰ্মা হৈ বিনোদে পত্নীৰ শৰীৰত 5 ফুট দীঘল এডা লোহাৰ ৰড সুমুৱাই দিয়ে (Iron rod insert in woman body)৷ লগে লগে মহিলাগৰাকীৰ শৰীৰৰ পৰা তেজৰ সোঁত ব’বলৈ আৰম্ভ কৰে ৷

মহিলাগৰাকীয়ে স্বামীক কাকুতি মিনতি কৰাৰ পিছতো স্বামীয়ে মহিলাগৰাকীৰ কোনো কথা নুশুনি শৰীৰত লোহাৰৰ ৰ’ডডাল সুমুৱাই দিয়ে ৷ মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাৰ লগে লগে মহিলাগৰাকীৰ শহুৰেক আৰু চুবুৰীয়াই তেওঁক চিকিৎসাৰ বাবে চিওনি জিলা চিকিৎসালয়লৈ লৈ যায় ৷ চিকিৎসকে মহিলাগৰাকীক পৰীক্ষা কৰাৰ পিছত গুৰুতৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । সম্প্ৰতি মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে নাগপুৰলৈ প্ৰেৰণ কৰিছে (wife body referred to nagpur) ৷

চিকিৎসালয়ত চিকিৎসকে এই ঘটনাৰ উমান পাই আৰক্ষীক খবৰ দিয়ে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি বিষয়টোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ পৰিয়ালৰ লোকে জনোৱা অনুসৰি ৰডডাল শৰীৰৰ সোঁফালে প্ৰৱেশ কৰি বাহিৰলৈ ওলাই গৈছিল ৷ যাৰ ফলত মহিলাগৰাকীৰ শৰীৰৰ ভিতৰত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল ৷ ভুক্তভোগী মহিলাগৰাকীৰ দুটা পুত্ৰ সন্তান আছে ৷

মহিলাগৰাকীৰ শৰীৰত প্ৰৱেশ কৰা প্ৰায় ৫ ফুট লোৰ ৰডডাল জিলা চিকিৎসালয়ত লো কটা যন্ত্ৰৰে কাটি উলিয়াব লগীয়া হৈছিল । ফলত ৰডডালৰ বাকী এটা অংশ মহিলাগৰাকীৰ শৰীৰ ভিতৰতে থাকে ৷ তাৰ পিছতে মহিলাগৰৰাকীৰ এক্স-ৰে ৰিপোৰ্ট অনুসৰি শৰীৰৰ ভিতৰত থকা লোৰ টুকুৰাটো পৰীক্ষা কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত অস্ত্ৰোপচাৰৰ সহায়েৰে মহিলাগৰাকীৰ শৰীৰৰ পৰা লোহাৰ টুকুৰাটো উলিওৱা হ’ব বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Shootout For 10 Rupees : সুৰাৰ বটলৰ দাম 10 টকা বেছিকৈ লোৱাৰ বাবেই গুলীচালনা

Last Updated :Jan 16, 2023, 1:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.