Monkeypox: কেৰালাত মৃত্যু হোৱা যুৱকৰ শৰীৰত মাংকিপক্সৰ অৱস্থিতি

author img

By

Published : Aug 1, 2022, 2:17 PM IST

Updated : Aug 1, 2022, 2:56 PM IST

Monkeypox in India

কেৰালাত মৃত্যু হোৱা যুৱকৰ শৰীৰক মাংকিপক্সৰ অৱস্থিতিৰ ঘটনা পোহৰলৈ আহিছে ৷ যোৱা ৩০ জুলাইত কেৰালাত এজন ২২ বছৰীয়া মৃত্যু হয় ৷ ইয়াৰ পিছতে যুৱকজনৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছিল ৷ ইতিমধ্যে যুৱকজনৰ শৰীৰত মাংকিপক্সৰ স্থিতি ধৰা পৰিছে বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়ে (Samples of deceased Kerala man come out positive for monkeypox)৷

নেশ্যনেল ডেস্ক, 1 আগষ্ট: দেশজুৰি মাংকিপক্সৰ ঘটনাই আতংকিত কৰিছে দেশবাসীক (Monkeypox in India)৷ কেৰালাত মৃত্যু হোৱা যুৱকৰ শৰীৰক মাংকিপক্সৰ অৱস্থিতিৰ ঘটনা পোহৰলৈ আহিছে ৷

যোৱা ৩০ জুলাইত কেৰালাত এজন ২২ বছৰীয়া যুৱকৰ মৃত্যু হয় ৷ ইয়াৰ পিছতে যুৱকজনৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছিল ৷ ইতিমধ্যে যুৱকজনৰ শৰীৰত মাংকিপক্সৰ স্থিতি ধৰা পৰিছে বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়ে (Samples of deceased Kerala man come out positive for monkeypox)৷

বিগত 19 জুলাইত ব্ৰিটেইনত যুৱকজনৰ তেজৰ নমুনা লোৱা হৈছিল (Kerala man come out positive for monkeypox) ৷ তাৰ পিছতেই তেওঁ 21 জুলাইত ভাৰতলৈ উভতি আহিছিল ৷ তেওঁৰ শৰীৰ অসুস্থ হৈ থকাৰ বাবে 27 জুলাইত যুৱকজনক ত্ৰিচুৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷

ইয়াৰ পিছতে যুৱকজনৰ তেজৰ নমুনা পুনেৰ নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰোলজী (এনআইভি)লৈ বাবে প্ৰেৰণ কৰা হৈছিল । কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে (Kerala Health Minister Veena George) কয়, "মাংকিপক্স ক’ভিড-19-ৰ দৰে অত্যাধিক বিষাক্ত বা সংক্ৰামক নহয়, কিন্তু ই বিয়পে । তুলনামূলকভাৱে মাংকিপক্সত আক্ৰান্ত হোৱাৰ মৃত্যুৰ হাৰ কম ৷ সেয়েহে আমি এই বিশেষ ক্ষেত্ৰত ২২ বছৰীয়া যুৱকজনৰ কিয় মৃত্যু হৈছিল, সেই বিষয়ে পৰীক্ষা নিৰীক্ষা চলাম ৷ এতিয়ালৈ আমি জানিব পৰা মতে তেওঁৰ আন কোনো ৰোগ বা স্বাস্থ্যজনিত সমস্যা নাছিল ৷"

লগতে মন্ত্ৰীগৰাকীয়ে মাংকিপক্সক প্ৰতিৰোধ কৰিবলৈ সকলো প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ’ব বুলি আশ্বাস দিয়ে ৷

লগতে পঢ়ক: First Monkeypox patient cured in India: মাংকিপক্সৰ পৰা আৰোগ্য লাভ ভাৰতৰ প্ৰথমগৰাকী ৰোগীৰ

Last Updated :Aug 1, 2022, 2:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.