G4 আৰু G20 বৈঠকত ভাগ ল'ব দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে

author img

By

Published : Sep 23, 2021, 11:24 AM IST

G20 Meeting On Afghanistan

জি-৪ বৈদেশিক মন্ত্ৰীসকলৰ বিশেষ বৈঠক আৰু জি-২০ বৈঠকত ভাৰতে অংশগ্ৰহণ কৰিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ভাগ ল'ব এই বৈঠকত ।

নেশ্যনেল ডেস্ক, ২৩ ছেপ্টেম্বৰ : জি-৪ (G4) বৈদেশিক মন্ত্ৰীসকলৰ বিশেষ বৈঠকত ভাৰতেও অংশগ্ৰহণ কৰিব । লগতে আফগানিস্তান সম্পৰ্কত আয়োজন কৰা জি-২০ (G20) বৈঠকতো অংশগ্ৰহণ কৰিব ভাৰতে য'ত যুদ্ধবিধ্বস্ত দেশখনৰ উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ে বিশ্বৰ নেতাসকলক অৱগত কৰা হ'ব । বৰ্তমান নিউয়ৰ্কত থকা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে (S Jaishankar) আফগানিস্তান সন্দৰ্ভত আয়োজিত বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰিব ।

ইফালে বাকী বৈদেশিক পৰিক্ৰমা মন্ত্ৰীসকলৰ সৈতে দ্বি-পাক্ষিক বৈঠকত জয়শংকৰে আফগানিস্তান সন্দৰ্ভত ব্যাপক আলোচনা কৰে । এক বিশেষ সূত্ৰই জনোৱা মতে আফগানিস্তান সন্দৰ্ভত দুটা দিশত আলোচনা হ'ব । এটা হ'ল দেশখনৰ পৰা উদ্ভৱ হোৱা নিৰাপত্তাৰ ভাবুকি আৰু আনটো হ'ল দেশখনত সৃষ্টি হোৱা খাদ্য সংকট আৰু খৰাং সদৃশ পৰিস্থিতি ।

উল্লেখ্য যে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইয়ে (ISI) আফগান শক্তি গাঁথনিত হাক্কানিসকলক প্ৰতিষ্ঠিত কৰাত আৰু পাকিস্তান সমৰ্থিত লস্কৰ-ই-তৈবা (Lashkar-e-Toiba), জইচ-ই-মহম্মদৰ (Jaish-e-Mohammed) দৰে সন্ত্ৰাসবাদী গোটসমূহৰ বৰ্ধিত কাৰ্যকলাপ আৰু অঞ্চলটোত আইএছকেৰ (Islamic State-Khorasan) ভূমিকা বৃদ্ধি পাইছে । ইয়াৰ বাবে বিশেষকৈ ভাৰতৰ দৰে চুবুৰীয়া দেশৰ বাবে নিৰাপত্তাৰ প্ৰতিও ভাবুকি বৃদ্ধি পাইছে ।

কোনো দেশৰ বিৰুদ্ধে যাতে আফগানিস্তানৰ পৰা সন্ত্ৰাসবাদীয়ে কাম কৰিব নোৱাৰে তাৰ বাবে বিশ্বৰ নেতাসকলক ভাৰতে দৃষ্টিগোচৰ কৰিব । লগতে বিশ্ব কূটনীতিৰ বাবে ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ ২৫৯৩ যাতে চালিকা নিৰ্দেশনা হয় তাৰ ক্ষেত্ৰতো ভাৰতে গুৰুত্ব আৰোপ কৰিব । উল্লেখ্য যে ভাৰতৰ অধ্যক্ষতাত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ ২৫৯৩ গৃহীত হৈছিল । প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে যে আফগান ভূখণ্ডক আন কোনো দেশক ভাবুকি দিবলৈ বা আক্ৰমণ কৰিবলৈ বা সন্ত্ৰাসবাদীসকলক আশ্ৰয় আৰু প্ৰশিক্ষণ দিবলৈ ব্যৱহাৰ কৰিব নোৱাৰিব ।

ইয়াত এইটোও কোৱা হৈছে যে নাগৰিকসকলৰ মুক্ত বিচৰণৰ অনুমতি দিব লাগে আৰু সংখ্যালঘু, মহিলা আৰু শিশুৰ অধিকাৰ সুৰক্ষিত কৰিব লাগে । বিশেষ সূত্ৰই জনোৱা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, জাপানৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব আৰু কোৱাড আলোচনাৰ সময়ত আফগানিস্তানে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । ভাৰতে আফগানিস্তানৰ জনসাধাৰণৰ সৈতে একাত্মতা প্ৰকাশ কৰিব আৰু যিকোনো মানৱীয় সহায়ত অৰিহণা যোগাব ।

ভাৰতে ইতিমধ্যে বৈষম্যহীন বিতৰণ আৰু বাধাহীন প্ৰৱেশাধিকাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি আহিছে । ভাৰতে বিতৰণ প্ৰক্ৰিয়াত ৰাষ্ট্ৰসংঘৰ নেতৃত্বাধীন সংগঠনসমূহৰ ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : মুম্বাই বিমানবন্দৰত জব্দ ২৫ কোটি টকাৰ হেৰ'ইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.